ঘাই-পথৰ দাঁতিত সভ্যতাৰ অসুখ ৩৬১ পাছদিনা বিপুল আহিয়েই সুকন্যাক ক’লেহি, ‘লতাজানৰ হেডমাষ্টৰে মোক ঘৰৰ সমুখতে লগ পালে নহয়, ৰখাই লৈ টান টানকৈ কৈছে। গালিয়েই পাৰিছে। বোলে, আপুনি ল'ৰাটোক ইয়াৰ পৰা নি তাত দিলেগৈ, আমি তাক ডিভিজন পোৱাৰ লিষ্টত ধৰি থৈছিলোঁ, তাৰ কাৰণেই মই মোৰ ৱাইফক নাইনত পঢ়াবলৈ দিছোঁ, আপুনি এবাৰো চিন্তা নকৰি লৈ গুচি গ'ল, এবাৰো মোক সুধি নাচালে, আমি তাক কিমান যত্ন লোৱাৰ কথা পাতি আছিলোঁ, তাক চাই দিলোঁহেঁতেন পৰীক্ষাত, মোৰ মানুহজনীয়েতো আগতে নাইন- টেনত অংক নপঢ়ায়, তাৰ কাৰণেই তেওঁ কষ্ট কৰিছিলে, আপুনি এইটো কাম কৰিব নালাগিছিল।... তেওঁ বজাৰত নমতাকৈ গুচি যোৱাৰ কাৰণটো অলিন্দই এতিয়াহে সম্পূৰ্ণকৈ বুজি পালে। তথাপি, সি ধাৰণা কৰা মতেই বাইদেউগৰাকীয়ে তাৰ বাবেই নাইনত ক্লাছ কৰিবলৈ লোৱাটো সঁচা হোৱাত তাৰ ভাল লাগিল। মানুহগৰাকীক তাৰ মাক নিচিনা লাগে, কিন্তু বেছিপৰ তেওঁলোকৰ কথা মনলৈ নাহি তাৰ মন খোকানৈ হাইস্কুললৈ ঢাল খাই পৰিল, ইয়াত গোটেই শিক্ষকসকলে ইতিমধ্যে তাক মুহি পেলাইছে, পৰিৱেশটোৰ মাজত সোমাই সি সুস্থিৰ অনুভৱ কৰিবলৈ লৈছে, বৌদ্ধিক পৰিৱেশ এটাৰ মাজত আন আন বিষয়বোৰতো তাৰ মনে লক্ষ্য বান্ধিবলৈ আৰম্ভ কৰিছে, আটাইতকৈ কম নম্বৰ পোৱাটোকো সি দেখিছে— কিবা পঢ়িব লাগে কাৰণেই পঢ়িবলৈ অহা ধৰণৰ সিহঁতো নহয়, কম নম্বৰ পালেও সিহঁতেও এটা লক্ষ্য বান্ধি সেইটোৰ বাবে চেষ্টা কৰে। তাক লগৰ ল'ৰায়েই স্পষ্টকৈ প্ৰশ্ন সুধিছে — —তুমি কি কাৰণে নম্বৰ কম পালা? পঢ়া নাছিলা? নে নোৱাৰিলা?’ দেওবাৰে পুৱা বিপুলে দোকানৰ পৰা গজাল, তাঁৰ আদি বস্তুকেইটামান আনিবলৈ গৈ, লগতে বাতৰি এখন আনি পঢ়িবলৈ লোৱা দেখি সুকন্যাই খঙেৰে সুধিলে, ‘সেইখন কি?’ ‘বাতৰি এখন বন্দৱস্ত কৰি থৈ আহিলোঁ। ল'ৰা এটাই সদায় দি থৈ যাবহি।’ ‘জানিছোঁ নহয়! নালাগে যাওক। এতিয়াই বন্ধ কৰি থৈ আহক।' তাই বকনি আৰম্ভ কৰিলে, ‘পইচা-পাতি নাই, বাতৰিখন কেলেই? অত জীৱন নোহোৱাকৈয়েই গ’ল, এতিয়া অদৰকাৰী কথাত টকাবোৰ খৰচ কৰি থাকিব নালাগে। বাটচ'ৰাৰ টিনপাতকেইচটা কিনিবলৈ পইচা নাই, যেনেতেনে মালিকেইটা উঠাই আকৃতিটো দি থ'ব লাগিব, বাতৰিখন বন্দৱস্ত কৰিবলৈ আপোনাৰ কি দৰকাৰ? আকৌ যাওক। বন্ধ কৰি থৈ আহক, এইখনো ঘুৰাই থৈ আহক।’ “এহ, আজিয়েই দিব নালাগে নহয়, পইচা এমাহৰ পাছত দিলেই হ'ব।’,কত বছৰৰ মূৰত নিয়মীয়াকৈ কিনাৰ সুবিধাটো পাই তাৰ এৰিবলৈ মন যোৱা নাই। বহি আছে সি। ‘কিমান পইচা গৈ আছে, বাতৰি এখন কিনিলে কি যাব?’ক'বলৈ ভাবি সি কাজিয়া বেছি হৈ যোৱাৰ ভয়ত ৰ’ল
পৃষ্ঠা:কুলাংগাৰ.pdf/৩৭০
অৱয়ব