সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/৩৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩৬০ কুলাংগাৰ নামভৰ্তিটো সম্ভৱ হ'ব যেন নেদেখি আৰু কোনো প্ৰয়োজনো নেদেখি চন্দনে প্ৰধান শিক্ষকজনৰ ঘৰলৈ নগৈ এতিয়া লাজ পাই আছে সুকন্যাহঁতৰ ওচৰত। পুনৰ নভবা কিবা এটা প্ৰমাণ হৈ গ'লে আকৌ লাজ পাব লাগিব। একো নামাতি সি সন্মত হ'ল। শিক্ষকজনে ক’লে, “ম‍ই টিউচন নকৰোঁ, ক্লাছত ভালকৈ পঢ়াৱেই, সেয়াই হৈ যায়। কোনোবাই বেলেগত কৰে, কিন্তু টিউচন কৰিলে ল'ৰা-ছোৱালীৰ সময়ৰ নষ্টটো বেছিকৈ হয়। নকৰাকৈ লেটাৰ পোৱাও আছে। এটা কথা কিন্তু, ল'ৰা-ছোৱালীয়ে নোৱৰাকৈ মাক-দেউতাকে জোৰ কৰি বিষয় এটা দিলে অসুবিধা হয়, শিক্ষকৰো অশান্তি হয়। আপোনালোকে এৰুওৱাটোৱেই ভাল হ'ব।' ‘নহয় ছাৰ, আমি তাক জোৰ কৰি দিয়া নাই। সি নিজেই লৈছে। আপোনাৰ ওচৰলৈ সিয়েই আহিবলৈ কৈছে আমাক, ঘৰলৈ গৈয়েই। এডভান্সৰ বাহিৰে সি একো নলয় হেনো। এইটৰ পৰাই লাগি আছিল, তেতিয়া তাত ল'ব নোৱাৰিলে, বিষয়টো তেনেকৈ নাছিল। আমি কোনেও নোকোৱাকৈয়ে সি অ'ত-ত'ত সুধি সুধি কিতাপ আনি লৈছে। সি কৈছে, পৰীক্ষাৰ উদ্দেশ্যে সেই পাঠটো তাৰ পঢ়া হোৱাই নাছিল, এতিয়া পাৰিব বোলে। আপুনি মাত্ৰ এমাহ চাওক, তাৰ পাছত নোৱাৰিলে এৰুৱাই দিব।’ ‘ইমান বিচাৰিছে যেতিয়া চাই লওক বাৰু এমাহ। কিন্তু ম‍ই টিউচন নকৰোঁ।' তেওঁ চন্দনলৈ চাই ক’লে, “কেলেই, আপুনি দেখোন বিএছচি শিক্ষক বুলি ক'লে, আৰু সদায় আহিয়েই থাকে, আপুনিওতো পঢ়াব পাৰে ঘৰতে। পাৰ হৈ যোৱা অধ্যায়কেইটা চাই দিয়ক আপুনি। ' ‘মোৰ মানে..., স্কুলৰ পৰা গৈ গাঁৱত টিউচন কৰোঁ, আকৌ ৰাতি ইমান দূৰ আহি ভাগৰ লাগে।', চন্দনে ক'লে। শিক্ষকজনে সুকন্যাক ক’লে, ‘যদি সি পাৰে, এমাহ নালাগেই, পাছৰ ইউনিট টেষ্টতে গম পোৱা যাব। এনেকৈ যদি তাৰ ছমহীয়াটো যায়, তেন্তে গৰম বন্ধত আমাৰ ক্লাছ হয়, তেতিয়াই ম‍ই চাই দিম। বেলেগকৈ নকৰোঁ, একেলগেই কৰিম। কিন্তু ম‍ই তাৰ কাৰণেই গোটেই বস্তুবোৰ ভালকৈ চাই দিম, বাকীবোৰেও কি পাৰে-নোৱাৰে আকৌ শিকি ল'ব।’ সুকন্যাক ঘৰত নমাই চন্দন যাবলৈ ওলাল। তাই ক'লে, ‘ৰ, চাইকেলখনত ইয়াকো চেণ্টাৰলৈ লৈ যা, বজাৰ কৰিবলৈ আছে।' শাক-পাচলিৰ বজাৰখনলৈ অলিন্দ সোমাই গ'ল, সিফালৰ পৰা লতাজান হাইস্কুলৰ প্ৰধান-শিক্ষকজনে হাতত মোনা এখন লৈ ওলাই আহিছে, তেওঁ দেখিও নেদেখা দৰে কৰা অলিন্দই বুজি পালে। একদম সমুখত সি মাতিলে, ‘ছাৰ।’ তেওঁ মুখলৈ চাই অচিনাকি দৰে গুৰুত্ব নিদি পাৰ হৈ গুচি গ'ল। হীনমন্যতাৰ হেঁচা এটাই অলিন্দক কোঁচাই দিলে।