সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/৩৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩৫৬ কুলাংগাৰ ‘ছাৰ, মই এডভান্সৰ দ্বিতীয় অধ্যায়টো নিজে পঢ়ি চাইছিলোঁ, পাৰিম পৰীক্ষা দিব। ইংৰাজীত কি হ'ব নাজানো।’সি শ্ৰদ্ধাৰে ক'লে, ভয়ত সি অলপ কঁপিছে। তেওঁ বিপুলক ক’লৈ, ‘আপুনি এটা কাম কৰক। ইয়াক এইটত লগাই দিয়ক, আমি আৰম্ভণিৰ পৰা ঠিক কৰি আনিম। আমাৰ স্কুলত অষ্টম শ্ৰেণীৰ আৰম্ভণি মাহটোত, ল'ৰা-ছোৱালীয়ে নজনাবোৰ শিকাই লোৱা হয়৷ সেইটো মাহত পাঠ্যপুথি আৰম্ভ নহয়েই। কি ক’ত বাকী আছে ঠিক কৰি লোৱা হয়। ইয়াকো শিকাবলগীয়া বহুখিনি বাকী ওলাব। মই ইয়াৰ লক্ষণ এটা দেখিছোঁ, গতিকে যদি এইটৰ পৰা লৈ আনো আমি, ভাল হ'ব।’ বিপুল-অলিন্দই চকুৱে চকুৱে চালে। তেওঁ লগে লগে ক’লে, ‘আপোনালোকে ঘৰত আলোচনা কৰক। এইটৰ পৰা দিলে ম‍ই এডমিচন দিব পাৰোঁ। নহ'লে চিন্তা কৰিব লাগিব কিন্তু। ইয়াৰ বয়সটো কিমান?” জন্মৰ চন-তাৰিখ কৈ সিহঁতে আকৌ চকুৱে চকুৱে চাই তল মূৰ কৰি চিন্তা কৰিলে। তেওঁ বুজিছে, মন নাই। ‘বয়সো কমি আছে। বাৰু তই এইটৰ পৰা পাছ কৰোঁতে গণিতত কিমান পাইছিলি?” “ছাৰ, ১১৫।’ “ঠিক আছে! আপুনি ল’ৰাক কাইলৈ লৈ আনক, বাকী ৫ টো ম‍ই পোৱাই দিম। ই কেইবাখনতো লেটাৰ পাই পাছ কৰিব। সকলো শিক্ষকক মই ঠিকমতে বুজাই দিম, তেওঁলোকে যত্ন ল'ব। কিন্তু অষ্টম শ্ৰেণীত দিয়াটো চিন্তা কৰি চাব ঘৰত, ম‍ই ভাল হ’ব কাৰণেই কৈছোঁ দেই। ... ‘হ’ব বাৰু ছাৰ। ম‍ই পুৱাই যামগৈ। খুলশালি ল'ৰাটোৱে তাক স্কুলত থৈ যাবহি।” আবেলি চন্দন আহিল, অলিন্দ এইকেইদিন স্কুললৈ যে যোৱা নাই সি গাঁৱত গম লৈ আহিছে, বাহিৰতে বহি সি গালি এটা মনতে আওৰাই আছে— ‘চাইকেল এখন লৈ দে, লতাজান হাইস্কুললৈ যাব সি। মাজত ধৰি উভতি কৰি নাথাকিবি....’ সুকন্যাই তিৰ্যক হাঁহি এটা মুখত লৈ তাৰ কাষলৈ আহিল। চিৰিঞ্জেৰে ঔষধ ঠেলি মানুহক অৱশ কৰাৰ দৰে তাইৰ হাঁহিটোৱে তাৰ ক্ৰোধ দমাই আনিলে, সি সুধিলে, “কি হ'ল?’ ‘সেয়া দেখোন দিলে! তই সৰু কাম এটাকে কৰি আহিব নোৱাৰিলি! ভিনদেৱেই কৰি আহিল।’ ওচৰলৈ অহা বিপুলে লগে লগে গোটেইখিনি গাই গ'ল, “... ম‍ই কৈ থৈ আহিছোঁ— কাইলৈ খুলশালি ল'ৰাটোৱে থ’বহি। তই আজি থাকি দে, কাইলৈ তাক থৈ আহি আকৌ স্কুললৈ গুচি যাবি। দেৰি নহয়, তাত স্কুল সোনকালেই হয়, ৯ টাতে যাবি তহঁত, তাৰ পৰা ঘুৰি আহিও তই গা-পা ধুই, খাই-বৈ গ'লেগৈও স্কুল পাবিগৈ।’