সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/৩৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ঘাই-পথৰ দাঁতিত সভ্যতাৰ অসুখ ৩৫৫ কোনেও দিব নোৱাৰিব। স্কুলবিলাক যে, আমিতো গম পাওঁ, আমিনো ক'ৰ মানুহ, আমিতো ইয়াৰে মানুহ, প্ৰতিখনকে কেইটামান কেইটামান মানুহে ধ্বংস কৰি পেলাইছে। আৰু বাকীবোৰে আগৰ গৰু যেনি যায় তেনি গৈ আছে। আমাৰ স্কুলখনত চাব— একেই চাকৰিয়াল, যিখিনি শিক্ষক আছে দুজনমানক বাদ দি বাকীবোৰক ম‍ই পঢ়ুওৱা, একে আদৰ্শৰ। তেওঁলোকে পৰীক্ষাৰ বহু আগতেই ক'ৰ্চ শেষ কৰি দিব, ৰিভাইছ কৰিব, কোনেও টিউচন নকৰে। আমাৰ শিক্ষকে টিউচন নকৰে। স্কুলতে ধুনীয়াকৈ শেষেই হৈ যায়, আকৌ একেখিনি পঢ়িবলৈ টিউচন কেলেই? ক্লাছ কৰিলে শেষ হ’বই! আমাৰ শিক্ষকে প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰে যত্ন লয়, প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ ঘৰলৈ যায়। স্কুলত পঢ়ি থকা দিনত ঘৰলৈ যাব, পাছ কৰাৰ পাছত কাৰোৰে ঘৰলৈ নাযায়। আপুনি চাব, আপোনাৰ মনত আছেই চাগে, এটা সময়ত গোটেই আন্দোলনৰ হুৰমূৰ পৰিৱেশ, কাৰো পঢ়া-শুনাৰ ধান্দা নাই, কিন্তু নেতা-পালিনেতা-কৰ্মীৰ ৰিজাল্ট সাংঘাতিক সাংঘাতিক। মই আন্দোলনৰ বিষয়বস্তুলৈ নাযাওঁ দেই, সেইবোৰ শুদ্ধও হ'ব পাৰে ভুলো হ'ব পাৰে বেলেগ কথা। কিন্তু তাৰ পৰিনামস্বৰূপে এই ফলবিলাক! কিয় হ'ল এইবোৰ? কেনেকৈ হ'ব পাৰিলে? সেইটোৰ প্ৰভাৱতেই আজিও কত স্কুল কি কি ধৰণে যে চলি আছে! মাষ্টৰেই নকল বিলায়! আপুনিও জানে, ময়ো জানো! আমাৰ মাষ্টৰে কোনোবা ছাত্ৰ-ছাত্ৰীক যদি পায়, উলিয়াই দিব হলৰ পৰা। আৰু আমাৰ ল'ৰা-ছোৱালীয়ে নিজে শিকিও যাব যে সেইবোৰ আমি নকৰোঁ, শিকিবলৈ বাধ্য। দায়িত্ববোধ আহি যাব। আপুনি আমাৰ এই গাঁওখনত ঊধৰ পৰা মূধলৈ দুপাক মাৰি চাওক, কাকো বাহিৰত এনেই থকা নেদেখে। প্ৰতিটো ল'ৰা- ছোৱালীয়ে টেবুলে টেবুলে পঢ়ি আছে। সিহঁতক কোনেও ক'ব নালাগে, নিজে বাধ্য হৈ পৰিব। পঢ়াৰ প্ৰতি কৌতূহলটো, আগ্ৰহটো আহি গৈছে সিহঁতৰ।' এখন গাঁৱৰ সম্পৰ্কে এজন হেডমাষ্টৰে এনে আত্মবিশ্বাসেৰে কোৱাটো অলিন্দৰ সপোনৰো অগোচৰ আছিল। সমুখৰ শিক্ষকজনক বহু দূৰ জোৰা প্ৰেক্ষাপটৰ পৰা নিৰীক্ষণ কৰি সি আচৰিত হৈ চাই আছে। সিহঁতৰ তবধ মনা মুখ দুখন দেখি আপ্লুত হৈ তেঁৱো কথাবোৰ কৈ আছে। তাৰোপৰি, তেওঁ একেষাৰে সিদ্ধান্তটো ল'ব নোৱাৰি কথাখিনি কৈ কৈ মনতে ভাবিও আছে। . আৰু আমাৰ স্কুলৰ ডেস্ক-বেঞ্চ কোনো বিয়াত দিয়া নহয়। সভা পাতি বুজাই দিয়া হৈছে ৰাইজক। আমাৰখনেই নহয়, ওচৰৰ কোনো স্কুলৰ পৰা নিবলৈ দিয়া নহয়। আৰু আমাৰ ল'ৰা-ছোৱালীয়ে লাইব্ৰেৰী ব্যৱহাৰ কৰিব লাগিব। এইটত প্ৰতি মাহে এখন কিতাপ নিবই লাগিব। প্ৰতি শনিবাৰে সেয়া আলোচনা হ'ব। নাইনত আমি দুমাহ বা তিনি মাহ দিওঁ, নিজৰ ইচ্ছা মতে ল'ৰা-ছোৱালীয়ে সময়টো ল'ব পাৰে। টেনত জৰুৰী নহ'লে বন্ধ কৰি দিওঁ।’ তেওঁৰ পত্নীয়ে চাহ আনি দি কথা-বতৰা পাতি গ’ল। “কাইলৈতো পৰীক্ষা হ’বই। তাত যদি পঢ়ুৱাই নাছিল, নম্বৰ কাইলৈ নাপাবি নহয়! কি হ’ব?”