৩৫৪ কুলাংগাৰ চেণ্টাৰলৈ উঠি আহিলোঁ। ল'ৰাটো এইবাৰ নাইনলৈ পাইছে, লতাজান হাইস্কুলত পঢ়ি আছিল মোমায়েকৰ ঘৰত থাকি। এতিয়া সি তালৈকো যাব পাৰে বা ওচৰতো স্কুল আছে, কিন্তু আমি দিব বিচৰা নাই, আপোনাৰ স্কুলত দিবলৈকে আহিছোঁ আমি। কেইবাবছৰ ধৰি আহিম আহিম কৰিও যেনেতেনে সিদিনা উঠি আহি পালোঁহি, ঘৰ-দুৱাৰ হোৱাই নাই। নৈ পাৰ হৈ উঠি অহাৰ কথা, আগতেও বহুত খৰচ-পাতি হৈছে, খুলশালি ল'ৰাটোকো ময়ে পঢ়ুওৱা, সময় মতে আহিব নোৱাৰিলোঁ আমি। মোৰ স্কুল তাতেই আছে, কাইলৈ পুৱাই ঠিকাদাৰৰ নাৱত মই তালৈ যাবগৈ লাগিব। ইয়াত ঘৰখনত ল'ৰা দুটা আৰু মানুহজনী থাকিব...’ ‘মাজুলীৰ পৰা অহা মানে, আমাৰ ঘৰৰ পৰা গৈ শালবাৰী চেণ্টাৰ নাপাওঁতেই পথাৰৰ মাজত যে বেৰা দিছে, সেইটোৱেই নেকি?” ‘হয় হয় সেইটোৱেই।' ‘সেইকণতো নৈৰ নিচিনা! জনশূন্য! বাটত কোনোবাই মোক ক'লে সিদিনা, মাজুলীৰ মানুহ এঘৰ আহি বহিছে। সেইটো বাৰু যি হওক, কিন্তু আমি এনেকৈ এডমিছন নিদিওঁ। এইটত হ'লেও বেলেগ কথা, কিন্তু নাইনত সমস্যা আছে। আপোনালোকৰ সমস্যাটোৱো মই বুজি পাইছোঁ...', তেওঁৰ মুখত চিন্তাৰ ৰেখা দেখা গ'ল, তেওঁৰ ভালো লাগিছে— নিজৰ স্কুলখনৰ খবৰ মাজুলীৰ চাপৰিতো পাইছেগৈ। ‘বাৰু আপোনাকেই সুধিছোঁ, কওকচোন, ল'ৰাটো পঢ়াত কেনেকুৱা?’ “সি আৰ্টছৰ বিষয়কেইটা অলপ টান পায়। এডভান্স লৈছে।’ ‘এডভান্স সেইখনত লৈছে নেকি? তাত...?' মনলৈ অহা বাকী কথাখিনি তেওঁ নক’লে, অলিন্দলৈ চাই সুধিলে, ‘এডভান্স পাৰিছ নে? ক'লৈকে পঢ়ুৱালে?” ‘ছাৰ, এডভান্স পঢ়ি মই ভাল পাওঁ। স্কুলত প্ৰথম অনুশীলনীটো অলপ গৈছে।', অলিন্দই থিয় হৈ উত্তৰ দিলে। ‘আমাৰ ইয়াততো দুটা অধ্যায় শেষ!' তেওঁ বিপুললৈ চালে, ‘কাইলৈ সোমবাৰ, কাইলৈ আমাৰ নাইনত এডভান্সৰ পৰীক্ষাই আছে, দুটা পৰীক্ষা, ইংৰাজী আৰু এডভান্স বিপুলে ভেঙা লগি তেওঁৰ মুখলৈ চাই ৰ'ল। অলিন্দই অদ্ভুত দেশৰ মানুহ দেখাদি দেখিলে— এইজন কেনেকুৱা হেড-মাষ্টৰ! কোন ক্লাছত কি পৰীক্ষা হ'ব, কেইটা অধ্যায় পঢ়ুৱাই হ'ল, তেওঁৰ কণ্ঠস্থ! আৰু ক্লাছতো পৰীক্ষা হয়নে? তেওঁ অলিন্দক সুধিলে, ‘ক্লাছ নিয়মীয়াকৈ তাততো নহয়েই চাগে! তিনিটালৈকে হয় জানো?' অলিন্দই লাহেকৈ ক’লে, ‘নহয়।’ তেওঁ বিপুললৈ চালে, ‘আমাৰ ক্লাছ এটাও খতি নহয়। কোনোবাই যদি ছুটী ল'ব লগা হয়, তেওঁৰ ক্লাছটো বেলেগে কৰিব লাগিব, সেইটো আগতীয়াকৈ ঠিক কৰি যাব লাগিব। ল'ৰা-ছোৱালীক ক্লাছত এনেই থাকিবলৈ
পৃষ্ঠা:কুলাংগাৰ.pdf/৩৬৩
অৱয়ব