সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/৩৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ঘাইপথৰ দাঁতিত সভ্যতাৰ অসুখ চন্দনে আৰু একো নামাতিলে। অলপপৰ বহি সি গুচি গ'ল। ৩৫৩ ৰাতিপুৱা বিপুলো গৈছেগৈ, চন্দনো গুচি যোৱা দেখি গধূলি কৃষ্ণ আহিল। সি ৰাতিটো থাকি দিলে। ‘বাইদেউ, মই এনেইহে থাকি দিছোঁ, প্ৰথম প্ৰথম দুবছৰমান একো ভয় কৰিব নালাগে। বাহিৰতে বস্তু পেলাই থওক, কোনেও চুবলৈ নাহে। কিন্তু দুবছৰমান যোৱাৰ পাছত বাহিৰত একো নাথাকে।’ ‘চোৰো আছে নে? মাঘ বিহুত অহাটোহে আমি গম পাইছিলোঁ।’ ‘মাঘ বিহুত আহিবই, সেইটো বেলেগ। ইয়াৰ নতুনবোৰৰ সৱৰে একেটাই কাহিনী, প্ৰথম দুবছৰ বাহিৰৰ একো বস্তু লৰচৰ নহয়, তাৰ পাছত বেজী এটা পৰি থকা দেখিলেও নিব। এটাও ভাল মানুহ নাই, ভাল মানুহ যি দুই-এটা আছে সন্ধিয়াতে ভিতৰ সোমায়। কাৰ ঘৰত কেচ নাই? প্ৰতিখন ঘৰত কমেও এটা এটা কেচ লাগি আছে।’ বিশ্বাস-অবিশ্বাসে সুকন্যাহঁতৰ চকু-মুখ থৰ হৈ ৰ'ল। ‘এতিয়া আপোনালোকৰ বিশ্বাস নহয়! আমাৰবিলাকৰ ঘৰতে কি ক’ব, আমাৰেই অতবোৰ মানুহ থাকোঁতেও চকোৱাৰ ওপৰেদি হাত সুমুৱাই গছৰ আগ, পাণৰ ঠেঙুলি ভাঙি থৈ গুচি যায়।' লগত লগত দুদিন— শুক্ৰবাৰ আৰু শনিবাৰে— চন্দনে দেখা দিবলৈও নাহিল। শনিবাৰে গধূলি বিপুল পালেহি। বিপুলে সুধিব লাগিছিল— ‘তই স্কুললৈ গৈছ নে?’ বা ‘ইয়াক স্কুললৈ পঠিয়াইছা নেকি?’একো নোসোধা দেখি সুকন্যাই গালি আৰম্ভ কৰিব নেকি? কাজিয়া এখন লাগিব নেকি? বাঁহ তলেৰে গ’লে গুইৰ খচমচনি শুনি চঁক নাখাবলৈ কাণ-মূৰ থিয় কৰি থকাৰ দৰে অলিন্দই ক্ষণটোলৈ ৰৈ আছে। সুকন্যাৰ খংটো উঠিছে, তথাপি ধীৰ হৈ ক'লে, “সি যোৱাৰ মতলবত নাই। নহ'লে আহিলহেঁতেন। চন্দনৰ কথা কৈছোঁ। যাবলৈ কওঁ বুলি এই দুদিন সি নাহিলেই। ইয়াক এডমিছন দিয়াই নাই, এইকেইদিন ঘৰতে আছে। কাইলৈ আগবেলাতে আপুনিয়েই গৈ আহক, ইয়াকো লগত লৈ যাব চাইকেলত, কিবা সুধিলে সিও ক'ব পাৰিব। ইমানদিনে ময়ে গ’লোঁহেঁতেন, খোজ কাঢ়ি কাঢ়ি ঘৰটো বিচাৰি বিচাৰি উলিয়াব লাগিব, সিমানখিনি সময় এইখন কেনেকৈ এৰি যাওঁ! সৰুটোক চেণ্টাৰতে লগাই থৈ আহিলোঁ, স্কুললৈকে গ'লোঁ, লগে লগে হৈয়েই গ'ল। নাইনৰ ল'ৰাটোৰ কথাটোতো তেনেকৈ নামানিব।’তাই বিপুলক কথাবোৰ ক'বলৈ শিকালে। ‘ছাৰ, আমাৰ ঘৰ মাজুলীত, তাৰে এম ই স্কুল এখনৰ মই প্ৰধান শিক্ষক। খহনীয়াত আমাৰ ভেটি কেইবাবাৰো সলাব লগা হ'ল। এয়া চাৰি নম্বৰবাৰ যেনেতেনে শালবাৰী