৩৫২ কুলাংগাৰ চন্দনেও অলিন্দৰ প্ৰসংগ পাহৰিয়ে আছিল, এতিয়াহে মনত পৰিল। সি হাক দিয়া সত্ত্বেও নুশুনা কথাটো মনত পৰি তাৰ আকৌ খং উঠিল। ‘এডভান্স লওঁ বুলি সি কওঁতেই তই কিয় মানি লৈ ল'বলৈ দিব লাগে', সুকন্যাক ধমকি এটা দি সুধিবলৈ তাৰ মন গ'ল, কিন্তু আকৌ উভতি নাহিল, “নিজৰ ঘৰত থাকিব এতিয়া, নিজৰ ঘৰলৈ আহিল, যি কৰে কৰক। মোৰ দায়িত্ব নহয়।’ সিহঁতৰ কথাৰ ধৰণটো শুনি অলিন্দই বুজিলে, স্কুলখন ভাল স্কুল হ'ব, হয়তো এখন বিশেষ স্কুল। চপৰা এটা খহা মাত্ৰেই ভূখণ্ডৰ পৰা চিৰদিনৰ বাবে বিচ্ছিন্ন হৈ ব্ৰহ্মপুত্ৰত সুকীয়া কিবালৈ ৰূপান্তৰিত হৈ পৰাৰ দৰে আকস্মিকভাবে সিও লতাজান হাইস্কুলৰ পৰা আঁতৰি সুকীয়া মানুহ এটা যেন হৈ পৰিল, মনটোত এটা শান্তি লাগিল। সুকন্যাক খৰচি মাৰি সুধিবলৈ তাৰ মন গ'ল, কিন্তু পুৱাৰ ভয়টো মনত লাগিয়েই আছে। কোন সময়ত আক্ৰমণৰ মুখামুখি হয় তাৰ প্ৰতি অহৰহ সক্ৰিয় হৈ থকাৰ সুকীয়া অধ্যায় এটাও আজিৰ পৰা তাৰ পুনৰ আৰম্ভ হ'ল। ৰাতিপুৱা চন্দন নাহিল। “কিজানি সি গৈছিল? স্কুললৈ লৰালৰি হোৱাত বাহিৰে বাহিৰে গুচি গ'ল বা!' হাজিৰা কৰা মানুহকেইজনক সুকন্যাই সুধিলে— “সি কিবা কৈছিল নেকি?’নাই কোৱা একো। আবেলি চন্দন আহিল। “তই গৈছিলি নেকি?’ তাই কিহৰ সম্পৰ্কে সুধিছে সি বুজিলে যদিও তাই চল নাপাবলৈ নুবুজাৰ দৰে গহীনভাবে সুধিলে, “ক’লৈ’? ‘হেডমাষ্টৰজনৰ ঘৰলৈ। ’ তাৰ মাতটো আকৌ টানকৈ ওলাই আহিল, “তই ক’লেই হ’ব নেকি? সেইখনত ইয়াক কি হিচাপত পঢ়িবলৈ দিব? সেইখন কেনেকুৱা স্কুল তই আগেয়ে জানি ল'ব লাগে নহয়! এনেই তাতে নাম লগাই দিয়াৰ কথা ক'লেই তোৰ ল'ৰাক দি দিব নেকি তাত?’ সুকন্যাৰো খং উঠিল, ‘গোটেই সোপা একেই হ’লি! কামৰ কথা এটা ক'ব নোৱাৰি।' লগে লগে উচ্চস্বৰে চন্দনেও ক’লে, ‘সেইখন বহুত কাঢ়া স্কুল, ইমানদিন ইয়াত পঢ়াৰ পাছত তাত কিয় দিব নাম লগাবলৈ! ভাল ৰিজাল্ট হয় সেইখনত। ই নম্বৰ পায় কেইটা তাত পঢ়িবলৈ?” “ভাল হ’বৰ বাবেইতো দিবলৈ বিচাৰিছোঁ। দিয়ক-নিদিয়ক, আজি গৈ আহচোন, ভিনদেৱে কথা-বতৰা সজাই ক'ব নাজানে, তই ক'বি ভালকৈ, তেওঁলোকে কি কয় গম পাম তেতিয়া। মাজুলীৰ পৰা এনেকৈ অহাৰ কথা কলে দিব। আজিলৈকে ভাল লগ এটা নাপালে, এতিয়া ভাল লগ দুটামানকে পাই যদি পাওক।’
পৃষ্ঠা:কুলাংগাৰ.pdf/৩৬১
অৱয়ব