অভিজাত-উচ্চ-গণিত ৩৪৯ ‘ৰৈ আছ কিয়? কথা ক'লে নুশুন নেকি? ভিতৰলৈ আহ! সেইবোৰ কৰিবলৈ তহঁতক ইয়ালৈ অনা নাই, পঢ়িবলৈ আনিছোঁ। এৰ সেইবোৰ, মাৰ নাখাওঁতেই একদম ভিতৰ সোমাই পঢ়িবলৈ ল। কোনে সেইবোৰ কৰে কৰক এতিয়া। থাকক তেনেকৈয়ে। কোনে কৰে কৰক! থ তই।’ সি ধীৰে ধীৰে কোঠাটোলৈ সোমাই আহিল, আজিহে তাৰ মনত পৰিল – সি বহঁতপুৰলৈ অহাৰে পৰা তাই তাক কোনোদিন মৰা নাছিল, তাই তাৰ প্ৰতি এদিনো বাঘিনী হৈ উঠা নাছিল, মুখ পকাই পিশাচৰ দৰে কৰা নাছিল মুখখন, সি মাহীমাকৰ কাহিনীও পাহৰি গৈছিল, ঘৰত স্থায়ীকৈ নথকা কাৰণেই তাই তাক আলহীৰ দৰে ভাবি ইমানদিন বেয়া ব্যৱহাৰ কৰা নাছিল, বিপুললৈ উঠা খঙৰ পোক তাৰ পিঠিত জৰাৰ কৌশল তাই নলৈছিল ইমানদিন। সি গভীৰতভাবে উপলব্ধি কৰিলে— এতিয়া কালিৰ পৰাইতো সি নিজৰ ঘৰলৈ একেবাৰে গুচি অহাৰ দৰে হ'ল, এতিয়াৰ পৰা সি নিজৰ ঘৰত থাকিব, আলহী নহয়, এইজনী তাৰ মাহীমাক নহয়, নিজৰ মাক, আজিৰ পৰা আৰু তাই তাক বহঁতপুৰত থকাৰ দৰে ব্যৱহাৰ নকৰে। তাৰ প্ৰতি আচল মাকজনীৰ প্ৰকৃত ব্যৱহাৰটো পুনৰাৱিষ্কাৰ কৰি সি বিমৰ্ষ হৈ পৰিল। পাৰ হৈ যোৱা বছৰকেইটাত তাক তাই কৰা ব্যৱহাৰ ভুৱাহে আছিল— সি কৰুণতম আৱিষ্কাৰটো কৰিলে। আকৌ তাৰ কাণত তাইৰ বাক্যকেইটা বাজিল— তাইতো কথাবোৰ কেৱল তাকেই কোৱা নাই, বিপুলক ঠেলিয়াই কৈছে, কিন্তু বিপুলে বা সিমানটো বুজিছে বা নাই? সি কোঠাটোৰ মাজতে থিয় হৈ থাকিল, সুকন্যাই মুৰত শিলগুটি পৰা হাঁহৰ দৰে আন এঠাইত পদচালনা কৰি আছে। তাই সোমাই আহিল, তই কিয় ৰৈ আছ? পঢ়ি থাকিবলৈ কৈছিলোঁ নে নাই মই?' ‘কিতাপ অনা নাই।' “কিয় নানিলি? পঢ়াৰ ধান্দা নাই? ” ‘আৰে! কেনেকুৱা প্ৰশ্ন কৰিছে এই মানুহজনীয়ে! লগত কিতাপ এখন নাথাকিলে মনটো ভাল নালাগে কাৰণে নিজেই বেগত লৈয়ে ফুৰোঁ, হৰিচাপৰিলৈ নিয়া বেগটোত এখন কিতাপ আছিলেই দেখোন, কালি ৰাতি বহঁতপুৰত থাকিবলৈ যোৱাৰ কথা আছিল কাৰণে সেইটো বেগো নমাই থৈ আহিবলৈ কোৱা নাছিল নেকি নিজে! নহ'লে এখন কিতাপ লগত আহিলেইহেঁতেন!” সি মাত নিদিয়া দেখি তাই জুই বৰ্ষা খঙেৰে গালে, ‘নানিলি কিয় কিতাপ! কিতাপ নাই যদি বহি থাক ইয়াতে। নিষ্পতি বাহিৰলৈ নোলাবি, একো বস্তু নুচুবি। দেখিম নহয়, কোনে কামবোৰ শেষ কৰে এতিয়া। তিতা-কেহা লাগি গ'ল! কোন ক'লৈ যায় যাওক এতিয়া। মই আহি ল'বলৈ বাট চাই আছিলোঁ, আহি ল'বলৈ ৰৈ আছিলোঁ মই। কোনোবা নাহিলেও নাই এতিয়া। থাককগৈ তাত।’
পৃষ্ঠা:কুলাংগাৰ.pdf/৩৫৮
অৱয়ব