৩৪৮ কুলাংগাৰ ৰেশ এটাও দেখা পোৱা গৈছে। ঘাইপথটোৱেদি অহৰহ গাড়ী-গুৰা চলি আছে, নিশা গাড়ীৰ শব্দত ডাঙৰবোৰৰ হয়তো বহুদিনলৈকে টোপনি নাহিব। এটা-দুটা মানুহে ঘৰুৱা ভংগীত খোজ কাঢ়ি বা চাইকেল লৈও গৈ আছে, আবেলি কাৰণে হয়তো এনেই ওলাই আহিছে নতুবা শাক-পাচলিৰ বজাৰ পাবগৈ, মানুহকেইটাক উন্নত প্ৰজাতিৰ যেন লাগিছে। বেৰত লেও দিবলৈ মানুহ এহাল বন্দবস্ত কৰা হৈছিল, কিন্তু আজি নাহিল, মাটি ঘেলঘেলীয়া কৰি থোৱা আছে। সুকন্যাই ৰৈ নাথাকি নিজে দিয়া আৰম্ভ কৰিলে। নিশা থাকিবলৈ সিহঁত বহঁতপুৰলৈ যোৱাৰ কথা আছিল, কামবোৰ এৰি যাবলৈ এটাৰো মন নগ'ল, বস্তুবোৰো মুকলিকৈ পৰি আছে। এমাইল দূৰত থকা মাটিৰ মালিকৰ ঘৰৰ পৰা পানী কেইবাল্টিমান আনি সিহঁতে কোনোমতে থকাটো ঠিক কৰিলে। ৰাতিপুৱা পোহৰ হওঁতেই চন্দন উঠি ঘৰলৈ গ'ল, গধূলিটো গাঁৱত সোমাবলৈ বাদ পৰি যোৱাৰ বাবে সি ৰৈ থাকিব নোৱাৰিলে। শুই উঠি অলিন্দই ৰ’দলৈ ওলাই বাহিৰখনলৈ ভালকৈ আকৌ চালে৷ নামঘৰৰ সকামত ভকতক চেলেং কেইখনমানেৰে আঁৰ দি থোৱাৰ দৰে দূৰৰ গাঁওবোৰৰ অস্তিত্বক কুঁৱলীয়ে ঘেৰি আছে। গছ-গছনিবোৰৰ সেউজীয়া পাতত পৰা শুভ্ৰ প্ৰলেপটোৱে গঢ়ি তোলা বৃহৎ বৃত্তটোৰ কেন্দ্ৰবিন্দুতে সিহঁতৰ ঘৰটো। শালবাৰী চেণ্টাৰলৈ এমাইলমান দূৰ হ'ব, সেইফালে বাৰু ঘাইপথৰ দুয়ো কাষে কিছু ওচৰৰ পৰাই ঘৰবোৰ আৰম্ভ হৈছে। টিউচন কৰিবলৈ চাইকেল লৈ ল'ৰা-ছোৱালী এজাক পাৰ হৈ গ'ল, গাত ৰ'দ পৰি জিলিকি উঠিছে সিহঁত, মাত-কথাবোৰ কল-কাকলিৰ দৰে লাগিছে। নৈশ বাছ এখনে হৰ্ণ মাৰিলে, এতিয়াও হাওলি শুই থকা যাত্ৰীবোৰক মহাকাশচাৰী চোৱাদি চালে সি। প্ৰাতঃভ্ৰমণলৈ যোৱা প্ৰতিজন মানুহৰ প্ৰতিটো খোজেই ভদ্ৰতাৰ প্ৰতীকৰ দৰে লাগিছে। পলু পোহা চোমনি কেইডৰাত চমকা—চমকে ৰ'দ, চমকা—চমকে কুঁৱলী। তলত দেৱদূতৰ দৰে এটা- দুটা মানুহ ঘুৰি আছে। পুৱাৰ বাছ এখনত বহঁতপুৰৰ পৰা কোনোবা নিশ্চয় আহিব। সদায় দেখি থকা একেকেইখন বাছ ইয়াত ৰখাওঁতে, তাৰ পৰা মানুহবোৰ নামি আহোঁতে কেনেকুৱা লাগিব বাৰু? এটা সুকীয়া মধুৰ অনুভৱ পাবলৈ সি অপেক্ষা কৰিলে। দাঁত ঘঁহা পাউদাৰটো ক'ত সোমাই আছে ঠিক নাই, মুখ ধোৱাৰ আগতেই ছেদেলি-ভেদেলি হৈ পৰি থকা বস্তুবোৰ অলপ চিজিল লগাবলৈ সি ঘৰটোৰ কাষলৈ আহিল। ট্ৰেক্টৰে নমাই থৈ যোৱা বেৰ এখন সি বাঁহ দুডালত ভেজা দি থিয় কৰালে, অথালি-পথালি বাঁহ কেইডালমান দলিয়াই ঠাইকণ মুকলি কৰিলে। বাহিৰলৈ সুকন্যা ওলাই আহিল, “হৈ তই কি কৰিবলৈ লাগিছ সেইবোৰ? ভালে ভালে থ সেইবোৰ!” মুহূৰ্ততে যেন তাই তাক চোবাই ছিৰাছিৰ কৰি পেলাব! তাইৰ বিকট মুখখন দেখি সি চঁক খাই গ'ল। বুকুখন ধপধপকৈ কঁপিবলৈ ধৰিলে। দৌৰি পলাব নে ৰৈ থাকিব সি? গোঁজ এটাৰ দৰে সি ৰৈ থাকিল।
পৃষ্ঠা:কুলাংগাৰ.pdf/৩৫৭
অৱয়ব