অভিজাত-উচ্চ-গণিত কোনেনো মন কৰি থাকিব? এদিন মন কৰিলেও, লগে লগে কোননো আহিব? কোনেও সন্দেহ নকৰে৷ পুনৰ নিনিলেই হ'ল!’, সি পৰিকল্পনা কৰিবলৈ ধৰিলে। অলিন্দৰ পিছত বেলেগ এখন নাৱত উঠি সন্ধিয়া বিপুলো হৰিচাপৰি পালেহি। ‘আপোনাক পৰহিলৈহে আহিবলৈ কৈছিলোঁ?' পৰহিলৈ পুৱতি-নিশা ঠিকাদাৰৰ নাৱত আহিবলগীয়া মানুহটোক দেখি সুকন্যাই খং আৰু বিস্ময়েৰে সুধিলে। “চন্দনে কৈ পঠিয়াইছে, ইয়াত ঘৰ ভাঙিব নালাগে, এইবাৰ যাব নালাগে। তাত একো হোৱাই নাই, এতিয়া মানুহ থাকিব নোৱাৰি। অহাবাৰলৈহে যাব লাগিব।' অলিন্দই ইতিমধ্যে সুকন্যাক চন্দনৰ বক্তব্যখিনি কৈছিল, মাথোঁ উচ্চগণিতৰ প্ৰসংগটো পাছলৈ থৈছিল। বিপুলে তাৰ মতেই সিদ্ধান্ত লৈ গুচি অহাত সুকন্যাৰ খঙে চুলিৰ আগ পালেগৈ, ‘আপুনি চকুৰে দেখা নাই নেকি, ঘৰ ভাঙিবলৈ এতিয়াও বাকী আছে নে নাই? ইয়াত আলোচনা কৰি কৰা হয় কিবা এটা, আৰু আপুনি সদায় সদায় তাত গৈ বেলেগৰ কথা ওপৰতে শুনি ওলোটাটো কৰি পেলায় কিয়!” দুয়োটাৰ এখুন্দা লাগিল। নিৰ্দিষ্ট দিন মতে সিহঁত পাৰ হ'ল। সৰু ল'ৰাটো আৰু বস্তু কেইটামান বহঁতপুৰত নমাই থৈ সুকন্যাহঁত পোনে পোনে শালবাৰীলৈ আহিল। সুকন্যাক দেখিয়েই চন্দনৰ টিঙিচকৈ মাৰিলে, তাৰ স্বপ্ন ধূলিসাৎ হৈ গ'ল, মূৰ আছাৰি উগ্ৰমূৰ্তি ধৰিলে সি, ‘তোক অহাবাৰলৈ আহিবলৈ কৈছিলোঁ নহয়! খবৰ দি পঠিয়াইছোঁ মই, তই কিয় আহিব লাগে? ঘৰ হোৱাই নাই! মই কৈ পঠোৱা নাই? জধামুৰ্খ! কথা কৈ পঠাওঁতেও নুশুন! এতিয়াই ভাগ ইয়াৰ পৰা!’ সুকন্যাই কাম কৰি থকা মানুহকেইজনলৈ চালে, সৱেই থমকি ৰৈ তাইলৈ গেলা বস্তু চোৱাৰ দৰে চাই থকা যেন লাগিল। তাই অপমানবোধ কৰিলে, চন্দনে অন্ততঃ তাইক সেইটো ধৰণে কোৱাটো তাই আশা কৰা নাছিল, তাইৰ দুখ লাগিল, খং উঠিল, “মই মোৰ ঘৰলৈ আহিছোঁ, কিটো অৱস্থা এৰি আহিছোঁ, তই ভাগ বুলি ক'বলৈ কোন? তোৰ দৰকাৰটো কি মোক নিৰ্দেশ দিয়া বৰ মানুহ ওলাবলৈ!” চন্দনৰ খংটো চাঁটকৈ উৰি গ'ল। নদী, খহনীয়া, পানী, সোঁত, গোটেইবোৰ ঢল অহাদি মনলৈ সোমাই আহিল। মানুহকেইজন আকৌ কামত লাগিল। সুকন্যাই ঘৰটোলৈ চালে, ওপৰত টিং উঠিছে, কিন্তু কেৱল এটা ৰুমত বেৰ দি হৈছে, তাকো লেও নাই, কাঠৰ নতুন দুৱাৰ এখন মাজতে পেলাই থোৱা আছে। সিহঁত শান্ত হোৱাত অলিন্দই গোটেই জগতখনলৈ মূৰ ঘূৰালে। খৰালি যদিও পথাৰখনত ঠায়ে ঠায়ে পানী আছেই। ইফালে-সিফালে কেইখনমান চোমনি বাৰী, কুঁৱলীৰ
পৃষ্ঠা:কুলাংগাৰ.pdf/৩৫৬
অৱয়ব