সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/৩৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩৪৬ কুলাংগাৰ ‘অ’, যাম এতিয়াই।’উত্তৰটো দি অলিন্দই চন্দনৰ মাতটো পুনৰ ইন্দ্ৰিয়বোধ কৰাৰ চেষ্টা কৰিলে, মাতটো ডাঙৰ, কিন্তু মিঠা। কিমান দিনৰ মূৰত চন্দনে তাক মাত দিছে! পানী এঘটী আন, আইনাখন আনি দে— এনেকৈ আগতে চিঞৰি নিৰ্দেশকে দিছিল। সিদিনা গধূলিটোৰ পাছৰ পৰা তেনেকৈও বিচৰা নাছিল। এতিয়া কোমলকৈ মতাৰ কিবা কাৰণ নিশ্চয় আছে। অলিন্দ তাৰ ওচৰলৈ গ'ল৷ ‘তই মাক ক’বিগৈ, ইয়াত ঘৰ হোৱাই নাই, ভেটিও বাকী আছে, বেৰাও বাকী আছে। পৰহিলৈ তাই আহিব নালাগে। এইবাৰ আহিব পৰা নহ'ব বুলি ক’বি। অহাবাৰলৈ ঘৰ ভালকৈ হৈ যাব, অহাবাৰহে আহিব লাগিব। এতিয়া গোটেইখন দ পথাৰ, মানুহে কৈছে ভুতো ওলায়। ঘৰ সাজি হওঁতে সময় লাগিব, এতিয়া একো হোৱাই নাই। ক’বিগৈ দেই। ঠিক আছে?” ‘অঁ।’ সমস্যাটো সমুখত পুনৰ গম্ভীৰ হৈ ওলালেও, মোমায়েকটোৰ মিঠা মাতখিনি শুনি অলিন্দ আকুল হৈ পৰিছে। ‘আৰু ক’বিগৈ, তোক এডভান্স ল'বলৈ ম‍ই হাক দিছোঁ। ল’লে মেট্ৰিকত দিগদাৰ হ'ব। এডভান্স এৰি হিন্দী ল'ব লাগিব।’ এইষাৰ অলিন্দই মাথোঁ শুনি থ'লে। তীব্ৰ উত্তেজনাত চন্দন নিজৰ কোঠাটোলৈ সোমাই বিছনাখনত বহিল। কেইসপ্তাহমানৰ পাছত হৈ উঠিব যেন লগা ঘৰটোৰ আধা অংশখিনি আৰু তাৰে কোঠা এটা তাৰ মনত জিলিকি উঠিল, সম্পূৰ্ণ নাঙঠ হৈ পৰিল সি, এজনীৰসৈতে মেৰখাই ধৰি ফোপাবলৈ ধৰিলে হালেই। তাইক কেইদিন নিব সি? ‘দুদিন? চাৰিদিন? নালাগে! মাথোঁ এদিন তাইক পাই যোৱা হ'লে! তাইৰ লগত মাথোঁ এবাৰ সুখত লীন যাবলৈ পোৱা হ'লে!” তাইৰ ছালৰ প্ৰতিটো বিন্দু বিন্দু সি স্পৰ্শ কৰিবলৈ ধৰিলে। কল্পনাৰ হেঁচাত সি বাগৰি দিলে বিছনাখনত। এইপাৰলৈ অহাৰ কথা সুকন্যাহঁতে প্ৰথম কেতিয়া উলিয়াইছিল? আহিম আহিম কৰি কিমান বছৰ পিছুৱাই গ'ল! বিপুলৰ ছুটীটো শেষ হ'লেই সি গুচিয়েই যাব লাগিব। এনেকৈ এইবাৰো সম্ভৱ নহয়গৈ, চন্দন নিশ্চিত হ’ল। ‘কিন্তু ঘৰটো আৰম্ভ কৰা হ’ল যেতিয়া বছৰটোৰ শেষত কোনোবাদিনা হয়তো আহিব পৰা হ'বগৈ। মাজে মাজে ময়েই গৈ হাজিৰা লগাই কামখিনি আগবঢ়াব লাগিব।' পথাৰৰ মাজত হ'বলগীয়া ঘৰটো আকৌ তাৰ মনত থিয় হৈ পৰিল— কোনো নাই, সি মাটিকণ আৰু নতুন ঘৰটো চাবলৈ সোমাই গ’ল, কলেজৰ পৰা আগবঢ়াই লগত লৈ অনা তাই তাৰ কাষে কাষে, ‘বাইদেউহঁতৰ মাটিকণ চাই আহোঁ ব’লা’, ঘৰটোত সোমাই তাই নাঙঠ হৈ দিলে। ‘পথাৰৰ মাজৰ ঘৰটোলৈ