অভিজাত-উচ্চ-গণিত ৩৪৩ তাৰ মনলৈ আহিল, ঘৰলৈ নাযায় যদিও তাৰ লগত চন্দনে কথা পতা অলিন্দই দেখিছে, ক্লাছত সিও অলিন্দক বহুত জোকায়, ‘সি লগালে নেকি? নে অংকুৰহঁতৰ ঘৰত ক'লে? যিয়েই নকওক, কি কাৰণত কৈ পঠিয়াইছে, আজিয়েই এনেকৈ সোনকালে আহিব লগাকৈ? সংগীতাক দেখিয়েই লগত বহাৰ ইচ্ছাতে লৈছোঁ বুলি কোনোবাই লগাই পঠিয়াইছে নেকি?” ‘ঘৰত গম পাইনে নাই? ' ‘পায়।’ “কি কৈছে?” ‘ল’বলৈ কৈছে।’ ‘ল’বলৈ কৈছে মানে, মায়েৰে জানে নে নাই যে তাত পঢ়ুওৱা মাষ্টৰ নাই? সাধাৰণ গণিতৰ অংককেইটাই দেখোন কৰিব নোৱাৰে এটা মাষ্টৰেও!” “মই নিজে পঢ়িম!’ কথা শুনা তাৰ— এক ঠালৌ চৰ লগাই দিবলৈ মন গ'ল চন্দনৰ। কিন্তু কঁপা কঁপা মাতকেইটাৰ ওপৰত সি হাত উঠাব নিবিচাৰিলে, দাঁত কৰচি থাকিল। অলিন্দই চুলিত হাত দি তলমূৰ কৰি পঢ়াৰ দৰে ৰৈ চকুপানী লুকুৱাবলৈ চেষ্টা কৰিলে। ‘সি গাঁৱত অংক-বিজ্ঞানৰ টিউচন কৰে, কিন্তু ভনীয়েকহঁত অংক-বিজ্ঞানতে ফেইল কৰিছে!' —এই বদনামটো চন্দনে নিজেও অনুভৱ কৰে। ঘৰৰ মানুহ, মিতিৰ-কুটুম্ব বা অ’ৰ-ত’ৰ কোনোবাই তাৰ পিঠিৰ ফালে এইষাৰ যে অজস্ৰ বাৰ কয়, সি জানে। ভনীয়েকহঁতৰ আক্ষেপ এটা থকাটোও সি বুজি পায়। সুকন্যায়ো তাক কিমানবাৰ কৈছে— ‘ল’ৰাটোক অকণো নাচাৱ।' অলিন্দ নৱম শ্ৰেণীলৈ পোৱাৰ পাছতে চন্দনে ভাবিছিল- তাক অন্ততঃ মেট্ৰিকৰ সময়ত অলপ চাই দিব, পৰীক্ষা-হলত যি পাৰে সহায় কৰি দিব। সি বিবেচনা কৰি চাইছিল কথাটো— পঢ়ুৱাবলৈ ল'ৰাটোক নিজে লৈ আনি এতিয়া একেবাৰতে মেট্ৰিকটো পাছ কৰাই দিয়াটো এটা কৰ্তব্য। কিন্তু, সি উচ্চগণিতৰ কিতাপখন আগতে মোকলাই চাইছিল, একো কৰিব নোৱাৰে, পৰীক্ষাহলত সি সহায় কৰি দিব নোৱাৰিব। যদি অলিন্দই তাতেই ফেইল কৰি যায় তেন্তে তাৰে বদনামটো নহ'বনে? “কাইলৈৰ পৰা হিন্দীৰ ক্লাছত বহিবি দেই!’ অলিন্দ জঠৰ হৈ থাকিল। তাৰ আৰু ভয় লাগিছে— পিটিব নেকি? ‘বহিবিনে নাই?’ অলিন্দই মূৰ জোকাৰিলে— নবহোঁ। “ইয়াৰ ইমান খোপনি হ'ল যে!' খংটো দমাই চন্দনে গভীৰকৈ ভাবি চালে, সি (মাষ্টৰটোৱে) সংগীতাক টিউচন কৰিয়েই আছে, বৃহৎ টকা এটাত চুক্তি কৰাৰ দৰে লৈছে, ইমান টকা বাইহঁতে এতিয়া ক'ৰ পৰা উলিয়াব? তাক যদি এতিয়া ঘৰলৈ মাতি আনি
পৃষ্ঠা:কুলাংগাৰ.pdf/৩৫২
অৱয়ব