সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/৩৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অভিজাত-উচ্চ-গণিত ৩৩৭ গণিতৰ প্ৰথম ক্লাছত সকলোকে আচৰিত কৰি শিক্ষয়িত্ৰীগৰাকী সোমাই আহিল। তেওঁ কোনো বছৰেই নৱম-দশমত গণিত পঢ়ুওৱা নাছিল, সিহঁতে ধাৰণা কৰি আছিল বেলেগ কোনোবা এজন আহিব। তেওঁ প্ৰধান শিক্ষকজনৰ পত্নী, গতিকে তেওঁ নিজ ইচ্ছাৰে আহিব পৰাটো সিহঁতৰ বোধগম্য হৈছে। ক্লাছ শেষ হোৱাৰ লগে লগে গুগুৱনী উঠিল। বহুতে ভয় খাইছে, শিক্ষয়িত্ৰীগৰাকীয়ে অষ্টম শ্ৰেণীতে প্ৰায়ে অংকবোৰ কৰিব নোৱাৰে, এতিয়া যদি সিহঁতে অকণো নুবুজে, টিউচন কৰিবলৈতো সৱৰে পইচা নাই, কেনেকৈ পাছ কৰিব? অলিন্দই মনে মনে শুনি আছে, সি ভাল পাইছে— বাকীকেইজনৰ পৰিৱৰ্তে তেওঁ অহাত বেছি ভালহে পাইছে সি। কিন্তু তাৰ ভাবটো কোনেও যাতে মন নকৰে, কাৰোৰে মনত প্ৰতিক্ৰিয়া যাতে নাহে, তেনে ভংগীৰে সি বহি থাকিল। তেওঁ নোৱৰা অংকটো সি কৰিব বিচাৰিলে তেওঁ তাৰ লগত লাগি থাকে, তেতিয়া এটা আদৰ লাভ কৰাৰ দৰে সি তেওঁক ভাল পায়। তাৰ ধাৰণা হৈছে, তেওঁ যেন তাৰ বাবেই আহিছে। কাষৰ বেঞ্চখনত থকা সংগীতাই তাক সুধিলে, ‘ঐ তই এডভান্স ল’বি হয়নে? কিতাপ আনি তই পঢ়ি আছ চাগে। তই অংক ইমান পাৰ, তই ল’বিয়েই, ম‍ই বুজিছোঁ।’ ‘ডাঙৰ-সৰু কোনো এটা মানুহে বুজি নোপোৱা কথাটো এটা সৰু মানুহে কিয় ভাবিব পাৰিলে? বাইদেৱে আজিও যদি কৈ গ'লহেঁতেন, মোৰ কোনো সমস্যাই নাথাকিলহেঁতেন! সৱৰে মাজতে সুধি দিবলৈ তাই সাহ কৰিছে, নিশ্চয়কৈ তাইৰ ধাৰণাটো প্ৰবলভাবে আহিছে। কোনেও গিৰ্জনি মাৰি জোকাবলৈ ধৰা নাই কিয়? সিহঁতৰ সমুখত সমস্যা আহি পৰিছে, বিষয়টো ম‍ই পাৰোঁ বুলিও জানে, সেইবাবে সিহঁত এতিয়া ৰৈ আছে!' তাৰ প্ৰতি সম্পূৰ্ণ শুদ্ধকৈ ধাৰণাটো কৰিব পৰা অন্ততঃ এটা মানুহ ওলোৱা দেখি তাৰ ভাল লাগিল। বেছি ভাবুক হৈ নাথাকি সি মিচিকিয়াই হাঁহিলে আৰু মূৰ জোকাৰিলে। ‘ফাঁকি, ফাঁকি!” তাই ক'লে। সি কথা পাতিবলৈ সংকোচ কৰি বেলেগ ফালে মূৰ ঘূৰালে। পাছদিনা তাই আকৌ ক’লে, ‘ঐ, তই এডভান্স ল’বি, মই গম পাওঁ! তই গণিতত নম্বৰ কিমান পাইছিলি? ১১৫ হয়নে? আমাৰ দেউতাই নম্বৰবোৰ চাই গৈছে। ইমান পাৰিও তই কিয় নোলোৱাকৈ থাকিবি, সেইটোৱেই মোৰ সন্দেহ হৈছে। ল’বিয়েই।' “হেই নলওঁ।’ অলিন্দই একেদৰেই মুখত হাঁহি লৈ মূৰ জোকাৰিলে। ‘ঐ, হালেই কথা পাতিছে চা ঐ’, আঁতৰৰ পৰা এটাই জোকালে। তাই সেইফালে একো প্ৰতিক্ৰিয়া নেদেখুৱালে, তাইৰ কৌতূহলটোতকৈ সেইটো কথা গৌণ হৈ পৰিছে অলিন্দ সংকুচিত হৈ পৰিল। সি সহজে কোঁচ খাই পৰে বাবেই তাক বেছিকৈ জোকায়, কথাটো নিজে বুজিও সি জোকোৱাৰ অশান্তিবোৰ উপেক্ষা কৰিব নোৱাৰে, সি এনেদৰেও