সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/৩৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩৩৬ কুলাংগাৰ হৰিচাপৰিৰ মানুহবোৰে এতিয়া শিকিছে, পেটত পকাই ধৰা বা মূৰ ঘূৰাই দিয়াবোৰ ভূত নহয়, পেলুৰ প্ৰভাৱহে। তেনেকৈ একেৰাহে টেবুলৰ কাষত বহিও নোৱৰাটো অবাস্তৱ কথা নহয় নে?’সি সুকন্যাক সৈমান কৰি থৈছে কাৰণে পুনৰ মাহীয়েককো বুজাই থাকিবলৈ প্ৰয়োজনবোধ নকৰিলে। বিপুল বজাৰলৈ যোৱাৰ পাছত অলিন্দ বোকাগাঁও পালেহি। খোকা নৈখন মথাউৰি উঠাবলৈ খন্দা দীঘলীয়া গাঁত এটাৰ দৰে হৈ আছে। ঠায়ে ঠায়ে মাছ ধৰিব পৰা দ, ঠায়ে ঠায়ে কলাফুল নিতিতাকৈ পাৰ হ'ব পাৰি। সিপাৰৰ পৰা মথাউৰিলৈকে জুৰি থকা বিশাল পথাৰখনৰ নৰাবোৰৰ ওপৰত হালধীয়া ৰঙে ঢৌ খেলি আছে। অলিন্দক দেখা পাই কেইটামান লগ হল। ফূৰ্তিতে সিহঁতে নৈখন পাৰ হৈ নৰানিত সোমাই খেলাত লাগিল। ঘপকৈ অলিন্দৰ মনত পৰিল— বিপুল উভতি যোৱাৰ সময় হ’ল। ‘ঐ, ম‍ই যাওঁ দেই, বাবা আহিব, কাম এটা আছে, আকৌ আহিম।' কিতাপখন চাবলৈ সি খেলা এৰি ঢপলিয়াবলৈ ধৰিলে। “ই... তুমি কলৈ গ’লা? বাবাই বজাৰৰ পৰা হাতী-গোবৰ আনিছিলে, মাহীয়ে থৈ দিছে, খোৱাগৈ যোৱা।' চোতালত বৰায়েকে ক'লে। সি টেবুলখন চালেহি, নতুন কিতাপ এজাপ আছে, কিন্তু এডভান্সখন নাই, ‘এইবাৰো নাপালে নেকি? কিয় নানিলে? কেতিয়া আহিব এইখন কিতাপ!’ ‘অ’তুমি আহিলা?’মাহীয়েক এজনীয়ে ক’লে, ‘বাবাই তোমাক হিন্দী ল’বলৈ কৈ থৈ গৈছে। এডভান্সৰ কিতাপ নানিলে সেইকাৰণে। মোক ক'বলৈ কৈছে। হাতী-গোবৰ আনিছে নহয়, খোৱা সোনকালে, নহ'লে তোমালৈ নাথাকিবই এতিয়া।' তাৰ গাত যেন বজ্ৰ পৰিল, পৃথিৱীখন সলনি হৈ পৰা যেন লাগিল, সমুখত নতুন সমস্যা এটাই মুখ মেলি ধৰিলে, হতাশাই চেপি ধৰিলে। মাহীয়েকে তাৰ ভাগৰ মিঠাইকণ আনি হাতত দিলেহি। সি এনেই খেদি খেদি খোৱাদি খায়, কিন্তু এতিয়া মুখলৈ নিবলৈ মন যোৱা নাই। সি বুজিলে, অথনি মাহীয়েকে কোৱা কথাখিনিৰ বাবেই বিপুলৰ মনটো সলনি হৈ পৰিল। সি ভবা নাছিল, ঘৰত কেইবাবাৰো আলোচনা হোৱাৰ পাছতো এইটো কাণ্ড ঘটিব। “এইবোৰ কাৰণতেই মা-বাবাৰ কাজিয়াখন শেষ নহয়! আজিও গৈ পোৱাৰ পাছতে মায়ে ঠিকচে গালি পাৰিব খাটাং। কিন্তু অহা সোমবাৰে আহিব পাৰিব জানো? স্কুল খতি কৰিব পাৰিবনে? ঘৰখন উঠাই অনাটো এতিয়া ডাঙৰ কথা। সেইকাৰণে দিনবোৰ সচেতনে হাতত ৰাখি থ'ব লাগিব। মায়ে হয়তো ভাবিব— কিতাপখন কিছুদিন পাছত আনিলেও হ'ব, প্ৰথমকেইদিন ক্লাছ এনেয়ো নহয়।' কিতাপখন কেৱল চাবলৈকে অতিশয় মন যোৱাৰ উপৰি, মানুহে টান টান কৰি থকা বাবেও তাৰ সোনকালে আৰম্ভ কৰিবলৈ মন গৈছে, সি নিজে অনাৰ উপায় চিন্তা কৰি থাকিল। স্কুল আৰম্ভ হ'ল। সি ধাৰণা কৰাৰ দৰেই পাছৰ সোমবাৰটোত বিপুল নাহিল।