সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/৩৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩৩৪ কুলাংগাৰ কম পোৱাৰ বাবে অপমানিত হৈ পোটক তুলিবলৈ মৰা যেন লাগিছে তাৰ। হিন্দীৰ বহী এতিয়াও দিয়া নাই, সি নিশ্চিতকৈ মাৰ খাব, নিজে পৰা বিষয় এটা থাকোঁতেও সি এনেই হিন্দী লৈ থাকিব লগীয়া হৈছে, অদৰকাৰত খাবলগীয়া মাৰবোৰৰ কথা ভাবি তাৰ মনত বিদ্ৰূপ জাগিছে, অসহায় অনুভৱ কৰিছে, খং উঠিছে। নাইনত সলনি কৰাৰ সম্পূৰ্ণ সাহটো এতিয়াও তাৰ মনলৈ অহা নাই, এতিয়াও সি কিতাপখন খুজি চাব পৰা নাই। নাইনত যেতিয়া ঘৰ উঠি আহিব, নিজৰ ঘৰৰ পৰা অহা-যোৱা কৰিলে সাহ এটা বাঢ়িব যেন ধাৰণা কৰিছে সি। এটা বুদ্ধি তাৰ মনত খেলালে। অংকুৰ দেখাত ওখ-শকত প্ৰকাণ্ড এটা যদিও শান্ত বাবেই তাক জোকায়। সিও অলিন্দক সংগীতাৰ কথা কৈ জোকাই যদিও আক্ৰমণ কৰাদি একো নকয়। অলিন্দই ভাবিলে, তাক কথাটো ক’লে সি বেলেগক কৈ নিদিয়ে। জিৰণিত অংকুৰক অকলে লৈ অলিন্দই ক’লে, তুমি মনে মনে মোক কাম এটা কৰি দিবা নে? মই বেলেগ কাকো কোৱা নাই, তোমাকহে কম। কাকো নক’বা দেই।’ দুয়োটা গম্ভীৰ হ’ল। ‘তুমি এডভান্সৰ কিতাপ দেখিছা নে? মই কেতিয়াও দেখা নাই। “ঐ মিতিৰে মিতিৰে অকলে কথা পাতিছে চা!' দুটামানে বেলেগক চিঞৰি কৈ জোকালে, সিহঁতহালে গুৰুত্ব নিদিলে, চকুৱে চকুৱে চাই পুনৰ গম্ভীৰ ভাব বিনিময় কৰি অলিন্দই ক’লে, “তুমি সংগীতাৰ পৰা এডভান্সৰ কিতাপখন খুজি ল'ব পাৰিবানে এদিনৰ কাৰণে? তোমাৰ কাৰণে বুলি কৈ ল'বা। মই তোমাৰ পৰা লৈ এদিন চাই আকৌ তোমাক দি দিম। তুমি কাকো নোকোৱাকৈ মোক দিব পাৰিবানে? ঘৰতো নক’বা কিন্তু।’ পাছদিনা অংকুৰে সংগীতাৰ পৰা কিতাপখন লোৱা অলিন্দই দেখিলে। অলিন্দই চিন্তা কৰিলে, তাৰ হাতৰ পৰা কেনেকৈ ল'ব পৰা যায়, ঘৰলৈ যাবলৈ মন নাই, কোনোবাই দেখিলে মিতিৰৰ ঘৰত সোমোৱা বুলি বেছিকৈ জোকাব। স্কুল ছুটী হল। অংকুৰে চল বুজি অলিন্দক অকলে প্ৰস্ৰাৱগাৰলৈ লৈ আনিলে, সি ছাৰ্টৰ তলত ভৰাই অনা কিতাপখন নিমিষতে উলিয়াই অলিন্দৰ হাতত দি দিলে। অদ্ভুত জীৱ এটা হাতৰ তলুৱাত পৰা দৰে অলিন্দৰ গোটেই গা শিহৰিত হ'ল, হাত আৰু ভৰি দুখন কঁপিবলৈ ধৰিলে৷ ৰৈ নাথাকি সি তৎক্ষণাৎ বেগটোৰ চেইনডাল খুলি বহী এখনৰ মাজত কিতাপখন ভৰাই ওলাই আহিল। আবেলি সি খেলিবলৈ নগ'ল। ভিতৰত এন্ধাৰ হোৱাৰ পাছতো টেবুলত জুপি থকা দেখি মাহীয়েক এজনীয়ে সুধিলে, ‘আজি কি হ’ল অ’, আন্ধাৰে-মুন্ধাৰে পঢ়ি আছা?” ‘ক্লাছত হোমৱৰ্ক দিছেৰ’বা, কৰি আছোঁ, সি ফাঁকি দি তাইক আঁতৰালে। সি কিতাপখনৰ দুটাপাঠ পঢ়ি অংকবোৰ কৰি দেখিছে, এইবোৰো একেই তাৰ ভাল লগা অংক, একেই সি টান নোপোৱা বস্তু। বাকী পৃষ্ঠাবোৰ চাই সেইবোৰো পাৰিব যেন ধাৰণা আহিল।