সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/৩৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অভিজাত-উচ্চ-গণিত ‘নোৱাৰিবতো! নহ’লে, নীতি-নিয়ম নজনা অধইচ বুলি ক'ব।’ সুকন্যা আকৌ পাকঘৰলৈ সোমাল। ৩৩৩ বেৰৰ কাষতে পাতবেং আৰু উঁইচিৰিঙা দুটামানে তাল-ফাল লগাইছে। সুকন্যাৰ মাত বন্ধ হোৱাত সিহঁতৰ মাতে বিপুলৰ কাণত ঠেহেৰকৈ মাৰিলে, ‘হেহ এইসোপা”, সি চিঞৰি ধমকি এটা দিলে। কামত নাহে বুলি জানিও সি চিঞৰটো মৰা শুনি, কাজিয়া এখনৰ উকমুকনিৰ সংশয়ে গোমোঠা কৰি ৰখা অলিন্দৰ মুখখনলৈ হাঁহি ওলাই আহিল। সি এখোজ এখোজকৈ পাকঘৰলৈ সোমাল। “মা, এডভান্স নামৰ এটা বিষয় থাকে, আপুনি গম পায় নেকি?' ‘পাওঁ। অংক থাকে। সাধাৰণ গণিততকৈ টান হেনো। কি হৈছে?' “নাইনৰ পৰা ম‍ই সেইটো ল'ম নে? মই অংক পাৰোঁৱেই, সেইটো ল'লে ম‍ই হিন্দীতকৈ বেছি নম্বৰ পাম। মই অংক কৰি বৰ ভাল পাওঁ।’ ‘সেইটো পঢ়ুওৱা মানুহ আগতে নাছিল। এতিয়া কোনে পঢ়ুৱাব! টিউচন-চিউচন কৰিব লাগিব, কিন্তু মানুহ নাই। স্কুলত নায়েই চাগে।’ ‘নহয়, এইবাৰ আমাৰ এক নম্বৰৰজনীয়ে লৈছে। ম‍ই নাইনৰ পৰা ল’মনে? নপঢ়ুৱালেও মই অলপ পাৰিমেই। হিন্দীটো মোৰ বহুত বেয়া লাগে, আখৰো মনত নাথাকে মোৰ।’ “যদি পাৰ, ল’বি। পাৰিলে টান বস্তু ল'লে ভালহে, কামত আহিব পাৰে পাছত। ‘কিতাপ পাবলৈকে নাই। নাইনত মোক আগতীয়াকৈ কিতাপখন আনি দিবলৈ ক’ব দেই বাবাক।’ ভাত খাই সিহঁত বিছনাত নিশ্চুপ হ’ল। বেৰৰ কাষৰ বাঘৰ গোজৰণিৰ দৰে কাণত পকনীয়াই আঘাত কৰিলে, যেন নিশা টোপনিত থাকোঁতেই গিলি পেলাব। অলিন্দৰ মনত খেলালে— নিচেই কাষৰ চাবলৈ নোপোৱা ভাওনা এখনত যেন মহাযুদ্ধৰ উদ্দাম গায়ন-বায়ন চলি আছে, যিটো তাৰ বা ঘৰখনৰ বাবে এক বিদ্ৰূপ আৰু পৰিহাস, অৱজ্ঞাৰে লৈও উপেক্ষা কৰিব নোৱৰা এক পৰিস্থিতি, কিন্তু ৰাতিপুৱালৈ সকলো যেন শান্ত হৈ পৰিব। নিজৰ নিজৰ মনোজগতত সিহঁত পৰি থাকিল। ছমহীয়া পৰীক্ষাৰ বহী দিয়া আৰম্ভ হৈছে। নম্বৰ কমকৈ পোৱাবোৰক পিটাৰ যেন প্ৰতিযোগিতা চলিছে। ভাল নম্বৰনো পাইছে কেইটাই? মেট্ৰিকত নকল কৰিবলৈ শিক্ষকে সহায় কৰি দিবগৈয়েই, যিকেইজনে নিদিয়ে তেওঁলোকেও কাৰোবাক হাক দিয়াৰ কথা অলিন্দই শুনা নাই, তেন্তে তেওঁলোকে নম্বৰ কম পোৱাৰ কাৰণে মাৰিছে কিয়? নম্বৰ