সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/৩৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩৩২ কুলাংগাৰ ‘এইবাৰতো মৰি-পৰি হ'লেও যাব লাগিবই আৰু। যেনেতেনে বস্তু-বাহানি সিপাৰত পেলাব পাৰিলেই হৈ গ'ল, কোনো চিন্তা নাই, সেইবোৰ ইমান উন্নত ঠাই, কাম হৈ থাকিব। শান্তি আৰু তেতিয়া!’ “কথা ক’বলৈ আহিছে? কাম হৈ থাকিব! কোনে কাম কৰি দিব? এইবাৰ কি হ’ল পিছে?' তাই তাক সিঁয়াৰি ক’লে— “শান্তি আৰু তেতিয়া! আপুনি জানে নে, তাত যে নতুন মানুহক মাঘবিহুটোত কিমান কি কৰে?' বিপুলে জানে, কিন্তু তাই আকৌ আলোচনা কৰিবলৈ উলিয়াই লৈছে। “জানো তোন, মই নাজানো নেকি! কৃষ্ণই মোক কোৱা নাই নেকি! মাঘবিহুত নতুনবোৰৰ জেওৰা-বেৰা ভাঙি তহিলং কৰে, খৰি-খে-চকী-মেজ বাহিৰত যি য’ত পায় জুইত জাপে। ম‍ই নাজানো নেকি?' কৃষ্ণৰ ঘৰ শালবাৰী চেণ্টাৰত, বহঁতপুৰ এল পি স্কুলত নতুনকৈ সোমোৱা মাষ্টৰ, পৰিয়ালত ৰাজনীতি খেলা মানুহ কেইবাটাও আছে, সমবয়সীয়া কাৰণে চন্দনৰ বন্ধু হৈ পৰিল। কৃষ্ণৰ দেউতাকে শালবাৰীত দোকান বহুৱাবলৈ আহিছিল, পাছত লগতে ঘৰ সাজি উঠি আহিল, কত বছৰ হৈ গ'ল, এতিয়াও মাঘ বিহুৰ উৰুকাত সিহঁতৰ চকোৱা ভাঙে, এপাল ল'ৰাই ৰখি থাকিলেও মিছা, কোনোবা ফালৰ পৰা সুৰুকা মাৰি অকণমান হ'লেও ভঙাটো ভাঙিবই। কিন্তু পুৰণা মানুহবোৰক কোনেও একো নকৰে। “জানি আমি বহি থাকিলে নহ'ব নহয়। সেইবোৰ উন্নত ঠাই, উন্নত মানুহ, সিহঁতে বাহিৰৰ মানুহক গুৰুত্ব নিদিলেও হৈ যায়, সেইকাৰণে মাঘবিহুত সেইকণ কৰি দেখুৱায়, বুলিব তহঁত লোকৰ। মিলি চলিলে সেইবোৰেও নিজৰ কৰি ল'ব। সিহঁতৰ গোসাঁই দেখোন আমাৰ চিনাকিয়েই, পিছফালৰ গাঁওখনতে আছে, সিহঁতে এতিয়াও গোসাঁইক ভাৰত তুলি নিয়ে। তালৈ গৈ সিহঁতক সংস্কৃতি-আদৰ্শ দেখুৱাব পাৰিব লাগিব, তেতিয়াহে মানুহ হিচাপে গণ্য কৰিব। গৈয়েই বাটচ'ৰা সাজিব লাগিব। ইয়াত বাটচ'ৰা সজাটো কোনোদিন নভবাকৈয়ে গ'ল। সেইবোৰ উন্নত ঠাইৰ মানুহ, একো সংস্কৃতি নেদেখুৱালে ক’ব— এইবোৰ জংঘলৰ পৰা আহিছে, একো নীতি-আদৰ্শ নাই।’ ‘সেইবোৰ কেনেকুৱা উন্নত মানুহ! সেইবোৰহে মানুহ! আমাৰ কাষৰফালে স্কুল এখন নতুনকৈ পাতিছে; লগে লগে পকা খুঁটা, বাঁহৰ বেৰ, ওপৰত টিনপাত। আমাৰ ইয়াত চালি এখনৰ তলতে স্কুলখন হৈ আছে কতটা ঠাইত। তালৈ গৈয়েই প্ৰথমে বাটচ'ৰাটো সাজিবই লাগিব।’ “ইহ, এতিয়া মই কোৱাত মোৰটো পাই নিজে কৈছে শুনা!” বিপুলে দাঁত নিকটাই হাঁহিলে, ক’লে, ‘বাটচ’ৰা বহুৱাই লৈ তাত বিহু-চিহুও গাবলৈ দিব নালাগিব, হুঁচৰিটোহে হ'ব। নতুনকৈ কোন মানুহ আহিছে নাজানি বিহু মাৰিবলৈ আহিবও পাৰে কোনোবা, ঢোল বজাবলৈ হাক দিব লাগিব। আগেয়ে যেনেকৈ ঢোল বজাবলৈ আমাৰবিলাকে দিয়া নাছিল, তাতো তেনেকৈ প্ৰথমবাৰৰ পৰাই দিব নোৱাৰি।’