নহয়, সেইবাৰ সি সুকন্যাৰ মুখামুখিকৈয়ে ৰ’ল, স্পষ্টকৈ তাইক ক’লে, ‘এইটো তুমি কি শিকাইছা? আমাৰ একৈশ পুৰুষত এইটো কোনোদিন চলা নাই। সদায় আতাই চলি আহিছে।’ সুকন্যাই নম্ৰ ভাও ধৰি শুনি থাকিল, মুখেৰে একো নকৈ নিজ মতত দৃঢ় হৈ থাকিল। চোতালত ভকত এজনো আছিল, তেঁৱো ক’লে, ‘গোসাঁয়ে বাপেকক দেউতাটোৱেই মাতিব নাপায় কাৰণে ডাঙৰ বাপুৰ নামেই ‘দেউতা’। দেউতাটো সমন্ধ বুজোৱা শব্দ নোহোৱা নিচিনাকৈ গোসাঁয়ে দেউতাটো কাৰোবাৰ নামেই কৰি পেলাব পাৰে। আমি শূদিৰেহে জন্ম দিওঁতাক দেউতা বুলি কওঁ। এতিয়া আপুনি জন্মদাতাক দেউতাটো বাদেই, বাবাটোকে মাতিবলৈ দিছে!’ ‘এইখনে আধুনিকতা কি বুজিব?’ সুকন্যাৰ মনে মনে খুব খং উঠিছিল, তাইৰ ঘৃণাও উৎপত্তি হৈছিল। গাঁৱৰ আন দুই-এজনে পাছত ধেমেলীয়াকৈও ক’লে, ‘এইটো আকৌ কেনেকুৱা সম্বোধন? বাপেকেও পুতেকক বাবা, পুতেকেও বাপেকক বাবা!’ ইফালে ল’ৰাটোৰ মাত-কথা সোনকালে ফুটা দেখি সকলো আচৰিত হৈছিল, ‘ডাঙৰ হৈ ই অসাধ্য কিবা এটা কৰিব’, গাঁৱৰ ঘৰে ঘৰে আলোচনা হৈছিল। সৰু নবৌৱেকহঁতে নিজৰ ল’ৰা-ছোৱালীক কৈছিল, ‘দেখিছ? কেঁচুৱাৰ পৰাই কেনেকৈ উঠিছে লোকৰ ল’ৰা, তহঁতে কেনেকৈ খাবি? সেইটোৰ ওচৰলৈ নাযাবি, থাকক তাৰ ভাগেই।’ কথাবোৰ শুনি শুনি ঘৰখনৰ সৰু ল’ৰা-ছোৱালীবোৰেও তাক বেলেগ দৃষ্টিৰে চাইছিল, তাৰ পৰা আঁতৰি থাকিবলৈ লৈছিল।
এদিন ডাঙৰ পৰিয়ালটোৱো মূল ঘৰৰ পৰা বেলেগ হ’ল। ঘৰত থকা ডাঙৰ জীয়ৰীজনীয়ে এদিন সকলোকে মাত লগাই গুচি গ’ল বি. এছ. হাইস্কুলত নতুনকৈ হেডমাষ্টৰ হোৱা কাষৰ গাঁৱৰ ভকতৰ ল’ৰা এটালৈ। দুমাহৰ পাছত সৰুজনী গুচি গ’ল বিপুলৰ সখিয়েকলৈ। সেইদিনা বিপুল-সুকন্যাই বৰ অপমান অনুভৱ কৰিলে। সেইটো কাহিনী সিহঁতহালৰ বাহিৰে বাকীবোৰে আৰম্ভণিৰ পৰাই জানিছিল। খবৰ ল’বলৈ অহা ভকত-ভকতনীয়ে বিপুল-সুকন্যাক ক’লে, ‘আমিও ঘুনুক-ঘানাককৈ শুনি উমান পাইছিলোঁ। ভাবিছিলোঁ তোমালোকেও জানা, সেইবাবেই উলিওৱা নাছিলোঁ। খং উঠাৰ কথাই! সখিয়েক মানে তেজ-মঙহৰ সম্পৰ্ক নিচিনা, সখিয়েকৰ ভনীয়েক মানে নিজৰ ভনী, এতিয়া সখিয়েকৰ ভনীয়ককে লৈ গ’ল যেতিয়া তোমাৰ কাৰণে সখিটোৰ মৃত্যু হ’ল। সি মৰিল বুলি তুমি চৰু-ধাই পেলাই লঘোন দি সংশোধন হৈ পেলোৱা।’ জুহালৰ কেৰাহী-বতুৱা সম্পূৰ্ণকৈ চুৰুকি, গোটেই কাপোৰ-কানি ধুই বিপুল-সুকন্যাই চুৱা খেদি এদিন-এনিশা লঘোনে থাকিল।
আঠদিনৰ দিনা আগবেলা সিহঁতহাল সাজি-কাঁচি অহা বিপুলহঁতে দেখিলে। তেতিয়াহে বিপুলহঁতে গম পালে যে মাজুঘৰে আগদিনাৰ পৰাই ডাঙৰকৈ আয়োজন কৰি আছে, আঠমঙলাৰ দৰেই খাদ্য-বস্তু যা-যোগাৰ কৰি ৰাখিছে। একেকোবেই গৈ বিপুলে আতাকক