৩২৮ কুলাংগাৰ এইখনেই সদায় নিশা-গধূলিৰ কাণ্ড। শাহুৱেক-নন্দেকহঁতৰ ঠাট্টা-মস্কৰা, খোজে প্ৰতি খুঁত ধৰা, কাঢ়া কাঢ়া সকীয়নিত অতিষ্ঠ হৈ হৈ সৰু বোৱাৰীজনীয়ে ওলোটাই বলকিবলৈ ল’লে, সন্ধিয়া সৰুটো আহি পোৱাৰ পাছতে গোটেইগালৰ গোচৰ-আপত্তি আৰম্ভ হয়, মানুহজনীয়ে মুখপাতি ধৰে, সি পৰিয়ালৰবোৰক একো ক'ব নোৱাৰি মানুহজনীক চুপ থাকিবলৈ ধমকি দিয়ে, তেওঁ মুখ বন্ধ নকৰিলে সি পিটে। প্ৰথমবাৰ সি গাত হাত উঠোৱা দিনা গোটেইগালৰ কাওৰা-মাওৰা লাগিছিল। কলা আতাকে চলন-গতি ঠিক নেদেখি কি হৈছে সুধিছিল, কোনোবাই ফলিত লিখি কিবা জনালে, এতিয়া তেওঁ নিশ্চিন্তে ঘোষা গুণগুণাই নিঃপালী দিয়ে। ইয়াতো সদায় আতাকে গম পায়ো একো মাত নামাতে। ‘কথা ক’বলৈ আহিছ? তই ভণ্ড গোসাঁই ওলাইছ? ভণ্ড গোসাঁই ওলাইছ তই?’ মানুহজনীয়ে আটাহ পাৰি উঠিল। ‘হৈ’ বুলি মাজুটোৱে চিঞৰ এটা মাৰিলে, ঘৰখনত কিবা ধপধপনি উঠিল। আয়েক-মাহীয়েক-অলিন্দহঁত আটাইবোৰ থূপ খালে। আজি কিয়বা চন্দন সোনকালে আহিল— সি কেতিয়া দুৱাৰ খুলি সোমাল অলিন্দহঁতে গমেই নাপালে, আটাইৰে মুখ তাৰ ফালে ঘুৰি চকু থৰ হৈ পৰিল। সিঘৰত টনাটনিৰ গপগপনি উঠিছে, ‘মাৰি পেলালে নেকি ঔ!' –চন্দন থকা সত্ত্বেও সৰু মাহীয়েকৰ মুখেৰে অদ্ভুত মাতেৰে ওলাল। “তই লগুণ পিন্ধি গোসাঁই দেখুৱাব নালাগে যাঃ!' মানুহজনীৰ বিজয়ী গৰ্জন এটা আহিল। “নিলে নিলে নিলে, আয়ৈ খালে, চোবালে এইজনীয়ে! উতৰিডাল ছিঙি নিলে চা! এইজনী যখিনী ঐ, মানুহ নহয়, গুচি আহ গুচি আহ। মাজুদাৰ উতৰিডাল ছিঙিলে চা! আঁতৰি আহ, আৰু নালাগিবি, চটাইপাখীজনীয়ে এইখন কৰিবলৈকে আহিছিল। এইজনী নিজেই মৰিব, নিজেই মৰিব চাবি। আয়ৈ, উতৰিডাল ছিঙিলে চা কেনেকৈ!’, ছোৱালী এজনীয়ে চেপা খোৱা হাঁহৰ দৰে উশাহ নসলোৱাকৈ টেটটেটনীৰে গাই শেষ কৰিলে। মাজুটো হয়তো লাজত নিজৰ কোঠালৈ সোমাই গ'ল নতুবা তাতে মুৰ তল কৰি বহি ৰ'ল। কোব খাই আধামৰা হোৱা জীৱৰ দৰে গোটেইগাল চেঁচা পৰা নিচিনা লাগিল। “ইহঁতক মই কাইলৈ দিম ৰ!' চন্দনৰ মুখেৰে ওলাল। পুৱা সিঘৰৰ আয়েকে ছোৱালী এজনীৰ সৈতে আহি আতাকক ক’লে, ‘সৰুজন, কালি অঘটন এটা হ'ল। লিখি লিখি বহুত বুজাব লাগিব কাৰণে বৰজনক কোৱা নাই, চিধাই তোমাৰ ওচৰলৈ আহিছোঁ। সৰু বোৱাৰীজনীয়ে মাজুটোৰ উতৰিডাল ছিঙি পেলালে। এতিয়া মাজুটোৱে আকৌ উতৰিডাল গাত দিবলৈ কিবা এটাতো শুধুৰণি হ'ব লাগিব। কেনেকৈ কি কৰা হয়? পদ-জল অকণ খালেই হ'বনে? হ’বতো লাগে। তুমি অকণমান সোনকালে তাক উধাৰি দিলে সি ভাতকেইটা খাই ওলাই যাব পাৰে, আজি পুৱাই যাবলগীয়া আছিল।’
পৃষ্ঠা:কুলাংগাৰ.pdf/৩৩৭
অৱয়ব