সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/৩৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

328 কুলাংগাৰ অলিন্দ বছৰেকীয়া পৰীক্ষা শেষ হোৱাৰ দিনাই বিপুলৰ আতাক ঢুকাল। বহঁতপুৰত খবৰটো তিলনি দিনা পাইছে। পাছদিনা অলিন্দক লৈ চন্দনে মাত লগাবলৈ আহিল। “ভিনদেৱে পৰহি কান্দিছে, মানুহটোৱে অন্যায়বোৰ অলপতে পাহৰে যে।আতাকে সা-সম্পত্তি একো নিদিলে যদিও এতিয়া কান্দিছে চা! আজি কিন্তু গম-গতি নাই, সৌৱা, দুখ পাহৰিলে। কালি তিলনিটোতো ঘৰুৱা সকাম পতাৰ দৰে ৰঙিয়াল। আতাৰি কৰি প্ৰতিটো বস্তু-পাতিৰ পৰা বঞ্চিত কৰা বাপেকটোৰ কাৰণে কিয় কান্দিলে, মই সেইটোতহে আচৰিত।' সুকন্যাই চন্দনক কৈ আছে, সি মূৰ দুপিয়াইছে। অলিন্দই শুনি চক খাই গ'ল, “নিজৰ দেউতাকৰ মৃত্যু হ'লেও দুখ নালাগিব নে সা-সম্পত্তি নিদিলে কাৰণেই!' বিপুললৈও সি আচৰিত হৈছে, বাৰীত ঘূৰি থকা বিপুললৈ সি চালে, কাম কৰিব নাপায় কাৰণে একোতে হাত দিয়া নাই, কিন্তু মুখত একো সুকীয়া ভাবাৱেশ সি অহাৰে পৰা দেখা নাই। বিপুলৰ কাৰোৰে প্ৰতি একো অনুৰাগ নাই যেনেই লাগে। যি অকণ আছে, অহৰহ কাজিয়া- পেচাল লাগি থাকিলেও, কেৱল সুকন্যাৰ প্ৰতিয়েই থকা সি দেখে। আনকি তালৈ বা কণমানি ভায়েকটোলৈও বিপুলৰ বিশেষ ভাব নাই যেন লাগে তাৰ। ‘এতিয়া, এমাহলৈ একো কাম চুব নোৱাৰিব। বন্ধ সময়খিনিতে মাটিটো অলপ ঠিক-ঠাক কৰিবলৈ পঠিওৱাৰ কথা পাতি আছিলোঁ, এইকেইদিন নহ'ব আৰু। মানুহে ইয়াত স্থায়ী হ’ব হ’ব কৰি আছিল, সেয়া দেখিলিনে ব্ৰহ্মপুত্ৰ কিমান ওচৰ পালেহি। যিটো গতিত আহিল, এইবাৰ বাৰিষাত আমাৰ এইটো শাৰী শেষ কৰিব পাৰে। কামবোৰ আগবাঢ়িবলৈ মানুহ এটা তাত এমাহমান বহি ল'ব লাগিব। এই কেইসপ্তাহৰ কামটোতো ৰৈয়ে গ’ল, ইহাইস্কুললৈ পালেই,ক্লাছ আৰম্ভ নহওঁতেই উঠি যোৱাটো চিন্তা কৰিছিলোঁ, কিন্তু আগত নহ'ব, অন্ততঃ এমাহমানৰ পাছতে হ'লেও বহুত।' সুকন্যাই চন্দনক ক'লে। যোৱা মাহত শালবাৰীত মাটি অকণ লোৱাটো সিহঁতৰ হ'ল। পথাৰৰ মাজত, একদম দ ওচৰত মানুহ-দুনুহ নাই। গোটেইখিনিত মাটি পেলালেহে বাৰীখন হ'ব আৰু ভালকৈ আঁৰ কৰি বেৰাও দিব লাগিব। সুকন্যাৰ তাতোকৈ চিন্তা হৈছে অলিন্দৰ কাৰণে। এখন্তেক চাই নিদিয়া চন্দনৰ হাতত হাইস্কুলীয়া ল'ৰাটোক তাই অকলে কেনেকৈ এৰে! ইয়াতো কাম কৰা মানুহ পাবলৈ নাই। ইহঁতৰ কাহিনীয়ে তিতা-কেহা লগাবলৈ একো বাকী নাৰাখিলে আৰু! ইমান তিতা মানুহে যে দিব পাৰে নিজে নেদেখিলে কৈ বুজাব নোৱাৰি। কালি এতিয়া গোটেইগাল আহি গৈছে তিলনিলৈ, এইবাৰ ব'হাগ বিহুত হুঁচৰি আমাৰ ঘৰতে আকৌ আৰম্ভ কৰিবহি হেনো, ৰাইজখন মিল হ'ল কাৰণে ভাবিছিলোঁ মানুহবোৰে আগৰ ছেওবোৰ এৰিব, কিন্তু ক'ত এৰিব পাৰিব খেচৰে খেচৰৰ চৰিত্ৰ! উভতি নুগুচিল মানুহবোৰৰ! কেইটামানে আগতে কৈ আছিল— ইয়াতেই ভাল, যাব লাগে কিয়? ইয়াত শান্তঠাইতেই ডাঙৰ ঘটনা ঘটি গ'ল, সেইবোৰ কিমান হুলস্থূলীয়া ঠাই, তাতো যদি তেনেকুৱাই ঘটে কি কৰিবা? তেতিয়া সিহঁতক ক'লোঁ— এইবিলাক শান্ত ঠাইতেই ডাঙৰ ঘটনা ঘটি গ’ল যেতিয়া হুলস্থূলীয়া ঠাইত ঘটাটোনো কি ডাঙৰ কথা। লাজ পালে। লাজ পাই