সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/৩৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায়ুম ৩২৩ ‘নীলকান্ত ছাৰে শিকাই থৈছে, গাঁৱৰ ডাঙৰ মানুহবোৰেও হাক দি থৈছে। স্কুলত মিলি থাকিবৰ কাৰণে অসমীয়াত পাতিবলৈ কৈছে। নহ'লে বাকীবোৰে নুবুজি অবিশ্বাস হ'ব। সকলোৱে বুজা ভাষাত কথা পাতি মিলি থাকিব লাগে।' এতিয়া স্বয়ং নীলকান্ত পেগুৱেই দোৱানত গালি পাৰিছে! সিহঁতে বুজিবলৈ নাপাওঁতেই তেওঁ শান্ত হৈ পৰিল, পুনৰ ক্লাছটো চলালে। তেওঁ ক্লাছ শেষ কৰি গেগঙৰ বহীখনো হাতত লৈ গ'ল। লগে লগে গোটেইকেইটাই গেগঙক ঘেৰি ধৰিলে, “ছাৰে কি কৈছিল? কিয় গালি পাৰিছিল?” “আমাৰ গাঁৱৰ কিবা এটা, তহঁতে নালাগে জানিব অঁ।' গেগঙে ক'লে। আটাইকেইটাই বাদ দিলে। অলিন্দৰ সন্দেহ হ’ল, সি মনে মনে আকৌ সুধিলে। গেগঙে ইংগিত দিলে, ‘বাটত ক’ম, এতিয়া নহয়। বাটত গেগঙে ক’লে, ‘আমাৰ দোৱানটো তহঁতে শিকিছিলি যে আগতে, ম‍ই বহীখনৰ মাজত লিখি লিখি দেখুৱাইছিলোঁ যে, ছাৰে সেইটো দেখিলে। বেলেগ ক্লাছৰবোৰেও তেনেকৈ শিকোৱা নীলকান্ত ছাৰে গম পাই গাঁৱত হাক দিছিল। মোৰ বহীখন শেষ হোৱা কাৰণে, আগতে লিখাখিনি ওলাই পৰিল, ছাৰে দেখা পাই ভাবিলে মই এতিয়াও শিকাই আছোঁ, ছাৰৰ খং উঠি গ'ল।’ ‘শিকালে কেলেই খং উঠে? মোক শিকাবলৈও হাক দিছে নেকি? ম‍ই ইমান টান পালোঁ, নোৱাৰিলোঁৱেই। আপিন দতপেটো পাৰোঁ এতিয়াও। দতবং, দমাদা, অকলক গিয়ানে...' ‘তোৰ কথা কোৱা নাই। ভাল মানুহ পালে শিকালে একো নকয়। কিছুমানে অকল দুটামান শিকি লৈ ঠাট্টা কৰি কৰি আমাক কৈ থাকে দেখা নাই? ডাঙৰ ডাঙৰ মানুহবোৰেও ঠাট্টা কৰে। সেইবাবে শিকাবলৈ হাক দিছে। ঠাট্টা কৰিলে আমাৰ মানুহবোৰে ঘূৰাই ক'বলৈ বেয়া পায়, কিন্তু মনত দুখ লাগে। সহিয়েই থাকে। আমাক চুৱা বুলি কয় সদায়, সেইকাৰণে ভাষাটোকো বেয়া বুলি হাঁহে। ছাৰৰ সেইবাবে ইমান খং উঠিল। গাঁৱৰ মানুহক বেয়া ব্যৱহাৰ কৰিবলৈ ম‍ই নিজে সুযোগ দিয়াৰ দৰে হৈছে যে, ছাৰে বহীখন দেখি তেনেকৈ ভাবিলে, নহ'লে ছাৰৰ ইমান খং নুঠেই, বহুত ভাল ছাৰ।’ সিহঁতক মিপাকবোৰে অজাতি, অঁকৰা হিচাপে লৈ জোকালে বা ঠাট্টা কৰিলে সিহঁতে একো প্ৰতিক্ৰিয়া নেদেখুৱা দেখি দেখি অলিন্দই ভাবিছিল সিহঁতে সেইবোৰ গণ্যই নকৰে। গেগঙৰ কথাটো শুনিহে অলিন্দই আজি প্ৰথম বুজি পাইছে— সিহঁতেও মন কৰে, সিহঁতৰো দুখ লাগে, সহ্যটো সিহঁতে দুখতেই কৰে, সম্পূৰ্ণ উপেক্ষাৰে সহ্য কৰিব সিহঁতেও নোৱাৰে। তাৰ নিজকে সিহঁতৰ সৈতে একে ধৰণৰ মানুহ যেন অনুভৱ হ'ল— তাকো মানুহবোৰে জোকায়, চেপি ধৰে, কিন্তু সিও ওলোটাই একো ক'ব নোৱাৰে।