সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/৩৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩২২ কুলাংগাৰ থাক দুপৰীয়ালৈকে। কোনোবা এটাও যদি উঠ, ঠেং ভাঙি দিম। ৰাস্তাৰ মানুহে দেখি যাব লাগিব তহঁতক। উৎপাত খালী তহঁতৰ।’ প্ৰাৰ্থনাৰ মাজত গুইটো ওলোৱাদি হিন্দী-মাষ্টৰ ভুৰুংকৈ ক'ৰ পৰা কিয় ওলালহি সিহঁতে উৱাদিহ নাপালে। ‘আনকালে প্ৰাৰ্থনা শেষ হৈ ক্লাছৰ ঘণ্টা পৰাৰ কিছুপৰ পাছতহে সোমাইহি। উৎপাতো কোনেও একো কৰা নাই, কি কাৰণে মাৰিলে? প্ৰাৰ্থনাত শব্দ ভুল হ'ল নেকি? সদায়তো একেদৰেই উচ্চাৰণ কৰা হয়! ক'ৰবাত ফুৰি আহোঁতে বাটৰ পৰাই ভুলটো শুনি খেদি আহিল নেকি?' ভাবি ভাবি অলিন্দই কাষৰ এটাক ভুনভুনকৈ সুধিলে, “তই কিবা কৰিছিলি নেকি? কেলেই আঁঠু কঢ়ালে আমাক?’বাটৰ মানুহে চাই চাই গৈছে, আটাইকেইটাই লাজ পাইছে, কথা পতা গম পালে শাস্তি বাঢ়ি যাব, সিটোৱে উত্তৰ নিদিলে। “আমি শাৰী পতা ভুল হৈছিল চাগে, সেইকাৰণে মাৰিলে ছাৰে, আন এটাই ক'লে। ওঁঠ দুখন লৰিবলৈ নিদিয়াকৈ আন এটাই বিৰবিৰালে, ‘মই কাৰণ এটা পাইছোঁ। ছাৰে হিন্দী- পৰীক্ষাৰ ৰিজাল্টৰ কাৰণেই মাৰিছে। আমাৰ দেউতাৰ আগত সিদিনা কৈছিল— ইহঁতক এদিন আঁঠু কঢ়াম।’“দেউতাই কি কৈছিল তেতিয়া?’“কি ক'ব আৰু? মাৰ-পিট কৰিলে বা আঁঠু কঢ়ালে ভালেই পায়। মোক কৈছেগৈ— তহঁতক হিন্দী-মাষ্টৰে আঁঠু কঢ়াব ৰ, পাবি সেকাটো। ছাৰে খেপ লৈ আছিল, উৎপাত কৰাৰ কথা এনেই কৈ আঁঠু কঢ়াইছে।' বাকীকেইটাই পৰীক্ষাৰ ৰিজাল্টৰ কথা পাহৰিয়েই গৈছিল, উত্তৰটো সিহঁতেও বুজি পালে। এটা এটাকৈ অহা মাষ্টৰকেইটাই সিহঁতলৈ চাই হাঁহি হাঁহি অফিচলৈ সোমাই গ'ল। অফিচৰ পৰা ভুমুকিয়াই পুনৰ চায়ো হাঁহিলে। হাঁহি হাঁহি ক্লাছতো সোমাল। সিহঁতে আঁঠু কাঢ়িয়েই থাকিল। অকল নীলকান্ত পেগুৱে হঁহা নাই। ‘ছাৰে আমাক ক্লাছলৈ মাতিব নেকি?' অলিন্দই ভাবিলে, ‘হয়তো বেলেগ ছাৰে আঁঠু কঢ়াই থোৱাৰ বাবে মাতি নিবলৈ অসুবিধা পাইছে।' দুটা পিৰিয়দ যোৱাৰ পাছত এল পি স্কুলৰ আন এটা মাষ্টৰ পালেহি,সিহঁতক দেখি তাৰ বেয়া লাগিল, ‘ঐ, তহঁতক ইয়াত কোনে আঁঠু কঢ়াই থৈছে? উঠ উঠ। যা যা, ক্লাছলৈ যা।’ সিহঁত নুঠিল। ‘যা যা, ম‍ই কৈছোঁ যা। ম‍ই মাষ্টৰক ক'ম যা, উঠি গ'লে নামাৰে, যা যা।’চাৰিওটাই ধপকৈ উঠি ক্লাছলৈ দৌৰ দিলে। পাছদিনা ক্লাছত, নীলকান্ত পেগুৱে হঠাতে কিবা এটা দেখি খঙত গেগঙৰ বহীখন থাপ মাৰি লৈ শাক মুচৰাদি মুচৰি পেলালে। তেওঁৰ এনে খং কোনেও দেখা নাছিল। হিন্দী-পৰীক্ষাৰ ৰিজাল্টৰ কাৰণেই তেওঁৰো খং উঠিল নেকি— সিহঁতৰ পুনৰ ভয় লাগিল। তেওঁ গেগঙক দোৱানত গালি পাৰিবলৈ ধৰিলে। সিহঁত আৰু আচৰিত হ'ল। বোকাগাঁৱৰ ল'ৰা-ছোৱালীবোৰে স্কুলত দোৱানত কেতিয়াও কথা নাপাতে, স্কুললৈ ওলাই আহি যেতিয়া বাটত লগবোৰ পায় তেতিয়াও নাপাতে। অলিন্দই এদিন সুধিছিল, সিহঁতে কৈছিল—