কায়ুম ৩১৯ থাকে বুলি ধৰে। গতিকে, আসনখন আজিও স্থানতে ৰাখি লৈ, শূন্যতে তেওঁ থকাটো ধৰি লৈ, একেদৰেই সেৱা কৰি ভাওনাভাগ পাৰ কৰি দিব লাগে। পাছত গোসাঁই-সে এটা ভালকৈ পাতিলেই দোষ আঁতৰি যাব।’ -সেৱা প্ৰতিটো উত্তৰ সুকন্যাৰ পছন্দ হোৱাত তাই বিপুলক বুজাব লগা নহ'ল। তাই পুনৰ আচৰিত হৈছে— এইটো কথাত বিপুলে কেনেকৈ ইমান শুদ্ধ সিদ্ধান্ত দিব পাৰিছে? সি সকাম কৰি ভাল পায় কাৰণেই? কিন্তু বাকীবোৰত যে সামান্য উত্তৰ এটাও ভাবি-গুণি নাপায়। তাইৰ মনত বিদ্ৰূপো জাগিল। হাতত তামোল-পাণৰ ডাঙৰ বটা এটা লৈ একেবাৰে বয়সীয়াল দুজন সোমাই আহিল। সুকন্যাই বহিবলৈ দিলে। ইমান বয়সীয়াল মানুহ দুজন অহিব বুলি বিপুল-সুকন্যাই এবাৰো ভবা নাছিল, সিহঁতে ভাবিছিল সৰ্বেসৰ্বা হৈ ফুৰা আদহীয়াকেইটাৰে কোনোবা ওলাবহি। সুকন্যাই বুজিলে, এওঁলোক আহিছে মানে বিপুলে খণ্ডন কৰিব নোৱৰাকৈ অমোঘ আশা ৰাখি আহিছে। “বিপুল, তুমি এইফালে আহাচোন। অকণমান বহাহি। আমাৰ দৰকাৰ এটা আছে।' ভিতৰত থকা বিপুলক এজনে মাতিলে। ‘কেনেকুৱা দৰকাৰ বাৰু?' বিপুল আহি টুল এখনত বহিল। মানুহ দুজনে বটাটো আগবঢ়াই সেৱা লৈ দীঘলীয়াকৈ নামঘোষা জুৰিলে, প্ৰথমে অহাজনেও লগতে সেৱা ধৰিলে। বিপুলে তাহানিখনৰ পৰা দেখি আহিছে — বিষয়া-বৰ্গ, পুলিচ-মিলিটাৰীৰ তলতীয়া বয়সীয়ালজনেও ডাঙৰ পদবীৰ চেঙেলীয়াটোকো চেলুট মাৰিব লগা হোৱাৰ দৰে পিতৃ বয়সৰ ভকতেও গোসাঁইক সেৱা কৰে। কিন্তু সি নিজে তেনেকৈ কোনোদিন মুখামুখি হৈ পোৱা নাছিল। সমুখত বুঢ়া মানুহ দুজন পৰি থকা দেখি, তাকো এই পৰিস্থিতিত, সি কঁপিবলৈ ধৰিলে। সি গোসাঁই হিচাপত বহি থকা উচিত নে এই দুই অতি জ্যেষ্ঠক ৰখাই দিয়া উচিত? মনত তাৰ থিৰাং হোৱাই নাই, কিন্তু প্ৰাৰ্থনা আগবাঢ়িতো গৈয়ে আছে। সি টুলখনত বহি থকাৰ পৰা নামি, গেৰোৱাত ভেঁজা দি তলত বহাৰ দৰে কৰিলে। নিমন্ত্ৰণ জনাই হোৱাত বিপুলে ক’লে, “মই বটাটো চুইছোঁ, নিমন্ত্ৰণ গ্ৰহণ কৰিছোঁ বাৰু। কিন্তু এইবাৰলৈ মই নাযাওঁ। পাছত মাতিলে যাম।’মানুহকেইজন শেঁতা পৰি তাৰ মুখলৈ চাই জঠৰ মাৰিলে, বিপুলৰ মাত কঁপি উঠিছে, সি ক’লে, ‘ৰাইজ বস্তুটো ডাঙৰ বস্তু, ৰাইজৰ নিমন্ত্ৰণক মই নেওচা নিদিওঁ, সেইবাবে মই নিমন্ত্ৰণ গ্ৰহণ কৰিছোঁ, কিন্তু আজি যাবলৈ মই অপাৰগ। আপোনালোকে নিজেই গমেই পাইছে, কেনেকুৱা পৰিস্থিতি, আৰু ক'ম কি মই? আপোনালোকেই ভাবক, মই যোৱাটো উচিত নে অনুচিত। সেইদিনা কি হৈছিল গৰুবিহুৰ দিনা, মোৰ আজিও জলজল পটপটকৈ মনত আছে, ৰাইজক সেৱা কৰিবলৈ মই দিনতে বৰ শৰাই নমাই ধুই থৈছোঁ, বহিবলৈ কঠ নমাই থৈছোঁ, সেইবোৰ
পৃষ্ঠা:কুলাংগাৰ.pdf/৩২৮
অৱয়ব