সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/৩২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায়ুম ৩১৫ হিন্দী পৰীক্ষাৰ চেণ্টাৰলৈ সোমায়েই অলিন্দহঁতে বুজিলে, সৱেই কিয় বহুত বহুত নম্বৰ পায়, কিয় নপঢ়িলেও পাছ কৰে। বেগবোৰ দুৱাৰ মুখৰ চুকটোত দ’মাই থৈ গোটেইবোৰে টেবুলত কিতাপ লৈ লৈ বহি আছে। মাজতে হঠাৎ কিতাপবোৰ জমা দিব লগা হ'লে সমস্যা নহ'বলৈ কিছুমানে মাজৰ পৃষ্ঠা ফালি জেপত ভৰাইছে। নিজৰ স্থানত বহি লৈ সিহঁত চাৰিটাই চকুৱে চকুৱে চালে, সিহঁতৰ মাজত কিতাপ কেৱল দুখন। এতই লিখিবি নেকি?' এটাই অলিন্দক ভুন ভুনকৈ সুধিলে। অলিন্দই মূৰ জোকাৰিলে। ‘ময়ো নিলিখোঁ তেন্তে।’আন এটাই কৌতূহলেৰে সিহঁতহাললৈ চাই সুধিলে, “নিলিখ?’ আনটোৱে ক’লে, “ময়ো নিলিখোঁ,বাদ দে।' চাৰিওটাই কিতাপ মোকলোৱাৰ চিন্তা বাদ দি সমুখলৈ চাই পোনকৈ বহিল। দুটাই নিজৰ নিজৰ কিতাপখন ডেক্সৰ তলত থ’লে। পৰীক্ষা আৰম্ভ হোৱাৰে পৰা ল'ৰা-ছোৱালীবোৰে কিতাপ মোকলাই লিখাত লাগিছে। দুটামানক কোনোবা মাষ্টৰেও নোটছ ফালি আনি দিলেহি। অলিন্দহঁত চাৰিওটাই কলম ধৰি বহি থাকিল, প্ৰশ্ন লুটিয়ালে, বহী লুটিয়ালে। দুটাৰ ভাগৰ ডেক্সৰ তলৰ কিতাপ দুখন পুথিভঁৰালৰ চুকৰ চিৰ-স্পৰ্শহীন মহৎ গ্ৰন্থ একোখনৰ দৰে পৰি থাকিল। বেলেগৰ মাষ্টৰ এজনে সিহঁতক মন কৰি কাষলৈ আহি সুধিলে, “তোমালোকে দেখোন লিখাই নাই! লিখা। কোন স্কুলৰ তোমালোক?' এটাই সৰুকৈ উত্তৰটো দিলে। চাৰিওটা পুনৰ একেদৰে বহি থাকিল। একো নিলিখিলেও, দুদিনীয়া পৰীক্ষাটো পাৰ হৈ যোৱাৰ বাবে অলিন্দৰ মনটো মুকলি লাগিল। সিঘৰৰ আলহীবোৰ গ'ল, অকল ডেকা এটা আছে, সি এমাহমান থাকিব। ঘৰলৈ সোমাই অলিন্দই শুনিলে— চন্দন, সিঘৰৰ সৰু দুটা, আৰু আলহী ল'ৰাটোৱে নিশা মথাউৰিৰ কাষৰ অটব্য বনানী এখনত মাটি খান্দিবলৈ যাব, দিনতে মানুহ সোমাবলৈ ভয় কৰা জেলুকীয়া বাঁহনিৰ মাজত সিহঁত ৰাতি সোমাবগৈ, ছালফা এটাই তাত ধনৰ ট্ৰাংক কেইবাটাও পোতাৰ পাছতে আলফাই মাৰিলে, টকাখিনিৰ কথা কোনেও গম নাপায়, গম পালেও সোমাব পৰা নাই কোনো, চন্দনে সম্ভেদটো দিছে যে টকা কোনেও নিবলৈ পোৱা নাই, আলহীটোৱে বাচনি মাৰি কৈ দিছে যে টকা আছে হয়, কোন কণত আছে সি তাত বাচনি মাৰি উলিয়াই দিব পাৰিব, আগেয়ে বোলে সি তেনেকৈ সঠিক ঠাই উলিয়াই দিছে— কিন্তু তেতিয়া বেছি একো নাছিল, খালী আছিল। টকাখিনি সিহঁতে সমানে চাৰি ভাগ কৰিব, অতগাল টকা চাৰিভাগ হ'লেও কিমানসোপা যে হ’ব— কল্পনাই মানুহজাকক ৰঙীন কৰি তুলিছে, দুয়োখন ঘৰত তীব্ৰ আলোচনা— উল্লাস-উত্তেজনা। গাঁওবোৰ নিটাল মৰাৰ উমান লৈ চাৰিওটা ওলাই গ'ল। লগত কোৰ-খন্তি, দা- কটাৰী, দাং ৰছী। গোসাঁই ল'ৰা হিচাপে দেও-ভূতে স্পৰ্শ কৰাৰ সন্দেহটো সিহঁতে অনা নাই, সাহ ৰাখিছে, লগত বাচনি মৰা মানুহ আছেই, তথাপি এটাই মোনাত নামঘোষাখন ভৰাই লৈছে, এটাই গুণমালাখন লৈছে, বৰায়েকে সৰিয়হ এটোপোলা লোৱাৰ কথা উলিয়ায়ো নিজৰ টোপোলাটো এৰি দিবলৈ সাহ নকৰিলে।