সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/৩১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩১০ কুলাংগাৰ গৈছে তাৰ। শ্ৰীকৃষ্ণৰ দৰে তৎক্ষণাৎ কিবা এটা মূৰ্তি ল'ব পৰা হ'লে সি তৎক্ষণাৎ পাৰ পোৱাই দিলেহেঁতেন! বতাহ-বৰষুণ কমিল। ঢৌ কমা নাই। বিজুলীৰ পোহৰটো নোহোৱাৰ পৰা এতিয়া যেন বেছিহে দিগদাৰ হ'ল। সুকন্যাই কোৱা কথাষাৰেই সম্বল কৰি ল'ৰা দুটাই নাও মাৰি আছে। বাগৰি পৰিব যেন লগাকৈ ঢৌৱে নাও জোকাৰি আছে। সুকন্যাই প্ৰাৰ্থনা এৰা নাই। অকস্মাতে সোমোৱা দৰে নাওখনে ঢৌ নথকা পানীত প্ৰৱেশ কৰিলে। বেৰ সৰকি অহা চাকিৰ পোহৰ এটা জোনাকী-পৰুৱা এটাৰ সমানকৈ চকুত পৰিল। 'মানুহ হয় বা নহয়!” অৰুণে ক’লে। ‘পোনাচোন’, আগৰটোৱে গুৰিটোক ক'লে। আৰু এটা পোহৰ আহি নুমাই গ’ল। ‘চিধা নাযাবি, একেদৰেই গৈ থাকচোন কাষলৈ।’ নাও ভটিয়াই কেইবাখনো জিলা পাৰ হৈ হাবিত সোমোৱাৰ সন্দেহ হৈছে সিহঁতৰ। এটায়ো চিঞৰি মাতিবলৈ সাহ কৰা নাই, কিজানি মাততেই অপদেৱতা সোমায়। “হৈ, কোন ঔ?’ নাৱৰ খলপ খলপ শুনি সিফালৰ পৰা মাত আহিল। কোনেও ওলোটাই মাত নিদিলে। ভিতৰৰ পৰা আকৌ মাতিলে, ‘কোন ঔ? ইমান বৰষুণত কোন আহিছ?' মিচিং দোৱানতো এবাৰ সুধিলে। আগৰটোৱে চিনি পাই গ'ল, মৰা মানুহ জীয়া দেখি চিঞৰাৰ দৰে সি হৰ্ষোচ্ছ্বাসে চিঞৰি উঠিল, ‘বলিন কাই নেকি ঐ?” ‘অঁ ঐ, কোনে মাতিছ?' “ম‍ই তোমাক চিনি গলোঁ আজি। তুমি কম মানুহ নহয়! মই মতা মানুহটো হৈ সাহ কৰিব নোৱাৰিলোঁ। তোমাৰ প্ৰাৰ্থনাই আজি আমাক উদ্ধাৰ কৰি দিলে। গোসাঁইৰ যি মহিমা, জীয়াৰীৰো সেই মহিমাই আছে৷ নহ'লে আজি আমি খাটাং ডুবিলোঁহেঁতেন। মই মানি গৈছোঁ আজি!’অৰুণে সুকন্যাক উদ্দেশ্যি ক'বলৈ লাগিল। গুৰিৰ ল'ৰাটোৱে ক'লে, ‘বাইদেউ, মই আৰু কেতিয়াও পৰুৱাই পোৱা, চৰুৱাই পোৱা বিশ্বাস নকৰোঁ। এইবোৰ মিছা! আজি মানি গ'লোঁ মই।’সুকন্যাই একো মতা নাই, প্ৰশংসা শুনি গৰ্বিত হৈছে, কিন্তু তাই এতিয়াও পৰুৱা, ভূত-প্ৰেত বিশ্বাস কৰে, আজিহে আমাৰ লগা নাই, কাৰোবাৰ লাগিব, বস্তুবোৰ আছে।' তাই ভাবিলে। নাওখন যেনেতেনে হৰিচাপৰি সৰকি গুচি নোযোৱাকৈ ব'ঠামাৰিৰ নামনিত পালেহি। চিনাকি মানুহবোৰৰ মাত শুনি তাই পুনৰ ঈশ্বৰক চিন্তিলে। ঘৰ দুখনৰ মানুহে হাতত চাকি লৈ বাহিৰলৈ ওলাই চকু থিয় কৰি চাই আছে। অৰুণে ক’লে, ‘এৱেঁই আমাক বচালে। নহ'লে আমি মাজতে ডুবিলোঁহেঁতেন। প্ৰাৰ্থনা গাই গাই আমাক পাৰ কৰি দিলে। ব’ঠা মাৰিবলৈ সাহ হোৱা নাছিল!' আগৰ ল'ৰাটোৱে ব’ঠাপাত