কায়ুম ৩০৭ সুকন্যাই সিহঁতক আকৌ ক’লে। ল'ৰা এটাই সেৱে-ভাৱে উলিয়ালে কথাটো, “বাইদেউ বৰষুণ ডাঙৰকৈ আহিব, তাতে গধূলি হ'লেই, এন্ধাৰ হ'বলৈ বেছিপৰ নাই, আজি যাব পৰা নাযাব। এওঁলোক আমাৰ মিতিৰহে, চিন্তা কৰিবলগীয়া একো নাই, আজি থাকি দিওঁ।' গৃহস্থৰ মানুহবোৰেও লগতে ক’লে, ‘বাইদেউ আজি যাব নোৱাৰিবা৷ ইয়াতে থাকি দিয়া, আমি সুবিধা কৰি দিম।’ “সুবিধা কৰি দিম মানে? সিহঁতে কথা কৈছে শুনা!’সুকন্যাৰ খঙে টিঙিচকৈ মাৰিলে, ‘চাৰিওফালে পানী। পানীয়ে গোটেইবোৰ চাং চোওঁ চোওঁ হৈ আছে, মাটিৰ ঘৰ এটা নাই, কি ভাবি সিহঁতে কৈছে কথাটো! গোসাঁই মানুহ এজনীক সিহঁতে ৰাখিব! এইবোৰতো বিদেশৰ মানুহ নহয়, ইয়াৰে মানুহ হৈও থকাৰ কথা ক'বলৈ সাহটো চোৱা!’তাই অৰুণৰ কথা ভাবিলে,‘তেওঁতো সিহঁতক ক'ব লাগে যে এইটো অসম্ভৱ। তেৱোঁ এঘৰীয়া, আমিও এঘৰীয়া, সেইবাবে তেওঁ একেশাৰীত ভাবিছে নেকি! তেওঁৰ শাৰীত থ'বলৈ আমি ভুল কৰি এঘৰীয়া হোৱা নাই নহয়। কিন্তু এতিয়া খং কৰিব নোৱাৰি, দিগদাৰহে হ'ব!' তাই মনে মনে চিন্তা কৰিলে, কেনেকৈ সিহঁতক কোৱা যায়। সিহঁত পুনৰ কথা পতাত লাগিল। তাই আকৌ ক’লে, “তোমালোক উঠা। ব’লা। আৰু দেৰি নকৰিবা। ’ অৰুণে ক’লে, “মই আছোঁ নহয়, তুমি চিন্তা নকৰিবা। আজি থাকি দিয়া, আজি পাৰ হ'ব পৰা নাযাব, সময় নাই।’ ল’ৰা এটাই ক’লে, ‘বাইদেউ, সমুখত সেইটো স্কুলঘৰ। আপোনালোক তাতে থাকিব। চাং হ'লেও সেইটো আমাৰ মানুহ থকা ঘৰ নহয়, স্কুলঘৰহে, গতিকে থাকিব পাৰিব। একো ভয় কৰিব নালাগে, আমি নিশাটো ৰখি থাকিম। নতুন বাচন-বৰ্তন বিচাৰি আনিম। আপুনি ৰান্ধিব, আমিও খাম।’ সুকন্যাৰ মুখত মান্তি হোৱাৰ ৰূপ দেখা নগ'ল। অৰুণৰ বুজাবলৈ মন গৈছে, কিন্তু তেওঁ মাতিব নোৱাৰিলে, সুকন্যাহঁতক নিবলৈকে নাওখন বিপুলে পঠিয়াইছে, তেওঁ বাটত উঠা মানুহহে ‘সময় আছে, ব’লা। বতৰে ঘোপ মাৰি থকা বাবেহে গধূলি যেন লাগিছে।', তাই ল'ৰা দুটাক ক'লে। সিহঁতে অনুমান কৰিলে, প্ৰথম সুঁতিটোৰ মাজ ডোখৰৰ পৰাই তীব্ৰ টৌ। বৰষুণো বাঢ়ি আহিছে। অলপ দূৰ নি ঘূৰাই অনাৰ কথা দোৱানত গৃহস্থঘৰক কৈ সিহঁত নাৱত উঠিল। সুঁতিৰ মাজলৈ বাদেই, গাঁৱৰ গছ-গছনিৰ পৰা বাহিৰ ওলাওঁতেই ঢৌ আৰম্ভ হ'ল। মুকলিত বতাহ যথেষ্ট বেছি। মাজে মাজে ওলাই থকা কৰঙাৰ আগকেইডালে বলিয়া মানুহে মূৰ জোকাৰা দৰে ঢৌত আছাৰি আছে।
পৃষ্ঠা:কুলাংগাৰ.pdf/৩১৬
অৱয়ব