সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/৩১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায়ুম ৩০৩ “হ’ব, হ’ব, আপুনি গাটো ধুই আহক।' তেওঁক কৰুণা কৰাৰ দৰে এজনে উত্তৰ দিলে। দেউৰ গাৰ থৰহৰি কঁপনি মাৰ যোৱাই নাই। কঁপি কঁপি গা ধুবলৈ গ'ল। ‘দেৱে ভাল শিক্ষা পাই গ'ল একেদিনাই’, এটাই গুজুককৈ কৈ হাঁহিলে। “দেউৰ যিখনহে জেলাইলাই চুৰিয়া, নোপোৰোঁতেও তেনেই উদং নিচিনা হৈ আছিল', এজনীয়ে কৌতুক কৰি ক'লে। “এইটো কিন্তু এতিয়া বহুতে শিক্ষা ল'ব। কাল-সংহতিক নিন্দা কৰি থকাবোৰে বুজিব, খবৰটো ওলাবতো দূৰলৈকে।' “দিনত ৰ’দ আছেই, দিনত বেলিয়েই সৰ্বস্ব, চাকি কিয় জ্বলাব লাগে— তেওঁক কিমান কোৱা হ'ল, তেওঁৰ এবাৰো মানিবলৈ মন নাই দেখিলিনে! পালে প্ৰমাণটো! চোটোকা পাই গ'ল!’ গহীন পৰিৱেশটো দূৰ কৰি সিহঁতে ৰং-ৰহইছেৰে আলোচনা আৰম্ভ কৰা দেখি, সুকন্যাৰ কাষতে ৰৈ থকা অলিন্দই মাত দিলে, ‘দেৱে পিংপং বলটোৰ দৰে জঁপিয়াই ফুৰে, সেইকাৰণেহে কোন টলকত চুৰিয়াৰ আগত জুই লাগি গ'ল ধৰিবই নোৱাৰিলে। খপৰ-জপৰ দেউ!' তেওঁৰ ৰূপটো এতিয়াও সমুখতে চাই থকা দৰে সি খিকখিককৈ হাঁহিবলৈ ধৰিলে। হয় কথাটো। পুলিচে কয়দীৰ মুখত চেঁচা পানী ঢলাৰ দৰে গোটেইবোৰ আকৌ অলপ গহীন হৈ পৰিল। সুকন্যাই অলিন্দক হাক দিলে, ‘ৰ, মনে মনে থাক, ঈশ্বৰৰ মহিমা এয়া, যি টি ক’ব নাপায়।’ নিমাতে থকা আলহী এটাই ভাবি-গুণি মাত দিলে, “সি কোৱাটোৱো হয়। দেৱে মানুহ দেখিলে ক'ব নোৱৰা হয়। শালিকাটো জঁপিওৱাৰ দৰে জঁপিয়াই থাকে৷ দহটা মানুহ গোট খোৱা দেখিলেই উক দিয়া মানুহ সকাম এটা পাতিলেই ছটামান ওলায়। ’ “উক দিয়াৰ কথা কওঁতে মনত পৰিছে, মাজুলীত সিদিনা ভাওনাত এটাই ভাও লৈ উক দিলে। মানুহ দেখিলে এনেই বলিয়া হয় সেইটো। ভাও দিবলৈ লৈ সি ক'ব নোৱৰা হ'ল৷ মানুহবোৰো পাগল, গোটেইবোৰে ঈশ্বৰৰ মহিমা বুলি সেৱা কৰিছে, ভয়তে দৌৰি ভাগিল এসোপা।’ “আমাৰ বিপুল ভিনিহিকো সকামৰ মানুহৰ মাজত ভৰাই দিলেই জাঁপ দিয়েচোন। বিপুলৰ কথা কোৱাৰ বাবে সুকন্যাই মনে মনে ভাল নাপালে। সৰু সৰুকৈ পাতি থকাখিনি নুশুনি বাহিৰৰ পৰা সোমাই অহা এটাই পূৰ্বৰ প্ৰসংগকে টানি ক’লে, “কাল-সংহতিৰ মহিমা আজি দেখিলে মানুহে আকৌ। কাল-সংহতি ডাঙৰ বুলি এনেই কৈ নাথাকোঁ, আকৌ প্ৰমাণিত হ'ল। সদায় সেইটোকে কৈ আছোঁ, দিনত