কথাষাৰ বেয়া, কিন্তু ভবা নাছিল ইমানো বেয়া। ‘একো কাৰণ নাই, তেওঁক কেতিয়াও বেয়াকৈ কোৱা নাই, লোকৰ তেনেকুৱা হোৱাটো তেওঁ বিচাৰিছে কিয়? এনেকৈ কোৱা মানুহৰ নিজৰে অনিষ্ট হ’ব কোনোবাদিনা। মোৰ নহয়।’ মনলৈ অকণো ভয় নানি তাই ভাবিলে। আয়েকে বুজনি দিয়া দেখা পাইহে তাইৰ দুখ লাগিল। অৰ্থটো বেয়া কাৰণেই কাৰোৰে পৰা সঠিক উত্তৰ নোপোৱাৰ সন্দেহত তাই পোনতে আয়েককে সুধিছিল— অঁকৰা আয়েকে কৈ পেলাব, কিন্তু ‘আয়ে পৰামৰ্শ দিবও জানিছে!’ গৰ্ভৰ লেঠাবোৰ অন্ত হোৱাৰ পাছৰ পৰা আয়েক ধলপুৱাতে বাহিৰ ওলায়, তেওঁৰ ঢেঁকীৰ মাতত তিনিওখন ঘৰৰ সকলো এঘুমটি শুই পোহৰ হ’লে উঠে, তাৰ পাছত তেওঁ খৰি লুৰে, দুপৰীয়া শোৱে, আবেলি আকৌ ঢেঁকীত ভৰি দিয়ে, চাউল জাৰে, গধূলি ভাত খাই কাৰোৰে কাষত নবহি বিচনালৈ চুঁচৰি যায়, বিচনাত পৰোঁতেই টোপনি নধৰিলে ঠিকছে বলকি বৰায়েকৰ লগত কাজিয়া এখন লগাই লয় নতুবা কেতিয়াবা বৰায়েকেও সেইকণ সময়লৈ খাপ পিটি পিটি আৰম্ভ কৰি লয়। দিনটো যদি কাজিয়া এখন নালাগে, তেন্তে আয়েকৰ মুখত মাতটো থকা-নথকা গমেই পোৱা নাযায়। কথা পাতিব নাজানে বুলি তেওঁৰ পৰা সকলো আঁতৰি থকাদি থাকে। ঘৰখনত অতীতত হেৰুওৱা সকলোখিনি একেলগে আহি সুকন্যাক খুন্দা মাৰি ধৰিলে, তাইৰ চকুপানী ওলাল। আয়েকে মূৰত হাত ফুৰাই ক’লে, ‘আজি মই নামঘৰলৈ যাম, তোৰ হৈ চাকি এগছ দিম, তই চিন্তা নকৰিবি।’
তিনিমাহৰ পাছত সুকন্যাহঁতক ঘৰলৈ অনা দিনা বিপুলৰ মুখৰ পৰা হাঁহি গুচাই নাছিল, সুকন্যাৰো অপাৰ আনন্দ। কিন্তু, পদূলিৰ ওচৰ পাই গছৰ ফাঁকেৰে নতুন ঘৰ এটা দেখি তাই চঁক খাই উঠিল, ‘সেইটো কিহৰ ঘৰ?’ বিপুলে হাঁহিৰে সৈতে ক’লে, ‘ব’লাচোন দেখিবা।’ সুকন্যাৰ বুজিবলৈ বাকী নাথাকিল, ‘আপুনি বেলেগ হ’ল নেকি?’ কেনেকৈ কোনখিনিৰ পৰা ক’ব ভাবি বিপুলে প্ৰমাদ গণিলে— ‘ক’ম ৰ’বা!’ তাই সুধিলে, ‘কোনে কৰিলে? সিহঁতে ক’লে নে আপুনি নিজেই কৰিলে?’ ‘ময়ে কৰিলোঁ।’ ‘কেতিয়া?’ ‘তিনিমাহেই হ’ল।’ ইতিমধ্যে সিহঁতে পদূলিত ভৰি থৈছিল, কথা বন্ধ কৰি সিহঁত নতুন ঘৰটোত সোমালগৈ। সিহঁত অহাৰ সময়টো অনুমান কৰিয়েই বাহিৰত এটাও মানুহ নাছিল, মূল ঘৰটোৰ দুৱাৰৰ ফাঁকেৰে দুজনীয়ে জুমি চোৱা সিহঁতে দেখিলে। ফুচ-ফাচ জঞ্জালবোৰে সুকন্যাক অতিপাত অশান্তি দিয়াটো বিপুলে অনুভৱ কৰিছিল, সেয়েহে সি ভাবিছিল— তাই দেখি আনন্দ পাব, কিন্তু তাইৰ ৰূপটো দেখি কি ঘটিব ধাৰণা কৰিব নোৱাৰি সি ভয় খালে।
ভিতৰ সোমাই কেঁচুৱাটো বিচনাত শুৱায়েই তাই তাক সুধিলে, ‘আপুনি ইমান ডাঙৰ কথাটো ইমান দিন লুকুৱাই ৰাখিছে! পৰিয়ালটো গোটাইছিল কেলেই, যদি ভাল-বেয়াটো আলোচনা কৰিবই নোৱাৰে? এইটো ভাল কাম হ’ল নেকি? নিজেই দেখোন জানে নিজে