সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/৩০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায়ুম ২৯৫ সিহঁতৰ খেলাৰ আগ্ৰহটো নোহোৱা হৈ পৰিল, সময়ো কমিল। ভাগ্যেশ্বৰৰ পুতেকক সংগ দিবলৈ লগৰকেইটাই নিজৰ ক্লাছলৈ পোনালে। বাকীবোৰো ক্লাছে ক্লাছে সোমাল। পুলকে লগৰকেইটাক ৰহস্যপূৰ্ণভাৱে সুধিলে, ‘ময়ো কাহিনী এটা কওঁ নেকি? ‘কচোন।’ “ৰ! তেনেকুৱা কাহিনী নহয়।' পুলকে লাজ কৰি ভাবি-গুণি থকা যেন দেখা গ'ল। আটাইকেইটাই তাৰ মুখলৈ চাই থাকিল। পুলকে ক’লে, ‘তাৰ ঘৰৰ কথাটোৰ কাৰণেহে মোৰ মনত পৰিছে।' সি আকৌ ৰ’ল, মুখৰ ৰং সলনি হ'ল। কেনেকুৱা কাহিনী হ'ব এটায়ো ধাৰণা কৰিব নোৱাৰি সংকুচিত হৈ অপেক্ষা কৰিলে। ছাটি-ফুটি কৰি ইফালে-সিফালে মূৰ ঘূৰাই সি মুখেৰে বাহিৰ কৰিলে, ‘আমাৰ ঘৰতো মা-দেউতাই কাজিয়া কৰি থাকে নহয় আগতে। দেউতাই মদৰ বটলটো লৈ আনে আৰু, মায়ে বলকিবলৈ আৰম্ভ কৰি দিয়ে। তাৰ পাছত দেউতাৰো আৰম্ভ হৈ যায়, মা তাপ মাৰে। আকৌ মায়ে গায়। এনেকেই সদায় গধুলি। এবাৰ ম‍ই কি কৰিলোঁ, মদৰ বটলটো লুকুৱাই পেলালোঁ। দেউতাই আনি বাহিৰত থৈ ভিতৰলৈ সোমাই কিবা কৰিছিল, কাপোৰ সলাইছিল, মই সেইদিনা দিনৰ পৰাই একেৰাহে ভাবি আছোঁ— এইটো কৰিম, আজি কৰিম! পটকৈ বটলটো নি একদম লুকুৱাই দিলোঁ নহয়। মইতো কি কি জেগা জানো! এনেকৈ লুকুৱাই দিছোঁ, একদম কেতিয়াও বিচাৰি উলিয়াব নোৱাৰে। তাৰ পাছত দেউতাই চাই ফুৰিছে। প্ৰথমে ভাবিছে— মদৰ নিচাত ক’ত থ’লে পাহৰিলে, বিচাৰি আছে আৰু। শেষত বুজি পালেগৈ। কিন্তু মোকতো সুধিবও নোৱাৰে, পিটিবও নোৱাৰে, কি কাৰণত পিটিব? মোৰ ফালে চালে বহুপৰ। মই মনোযোগ দি পঢ়াৰ দৰে কৰি আছোঁ। তাৰপাছত একদম কিবা ভাবি ভাবি বহি থাকিল বাহিৰৰ বেঞ্চখনতে। ম‍ই গম লৈ আছোঁ, কি কৰে কৰকচোন, পঢ়ি থকাৰ নিচিনা কৰি আছোঁ, নপঢ়িলেহে পিটিব। বিচাৰি নাপালে আৰু। মই পাছদিনা মনে মনে মদখিনি নৈত উটুৱাই বটলটো বাঁহনিত সুমুৱাই দিলোঁ, এনেয়ো নাপালেহেঁতেন, তাৰপাছত কেনেকৈ পাব! সেইদিনাখনৰ পৰা সিমান কাজিয়া নাই। লাগে এতিয়াও, কিন্তু আগৰ নিচিনা নকৰে। ঘৰলৈও ননা হ'ল। যিদিনা খাই আহে, একদম শান্ত হৈ সোমায় সেইদিনা, একো মাত নিদিয়ে।' কিবা ধৰণৰ হাঁহি এটা ওলাই আহি পুলকৰ ওঁঠত আঠা লাগি ধৰিছিল, মুখখনলৈ আটাইকেইটাই চাই থাকোঁতেই টলকতে ৰূপ সলনি হৈ সি কান্দিবলৈ ধৰিলে। ডাঙৰে কন্দা দেখিলে কণ কণ সন্তান মুক হৈ পৰাৰ দৰে আটাইকেইটাৰে মাত হেৰাল। কান্দোনৰ শব্দ বেৰ পাৰ হৈ বেলেগ ক্লাছলৈ নাযাবলৈ পুলকে বল দি ওঁঠ দুখন টিপি ধৰিলে। তাৰ দৰে মজবুত ল'ৰা এটাই কান্দিছে, মাষ্টৰে পিটিলেও যিটোৱে গা লৰচৰ নকৰে— অলিন্দৰ মনেৰে বাঁহৰ তলৰ দিন দুটামান পাৰ হৈ গ'ল। তাক চূড়ান্তভাৱে বশ কৰি পেলোৱা পুলকেও ইমান দুৰ্বল হৈ কান্দি দিব,