কায়ুম ২৯৩ যোৱাৰ পাছতহে বিষটো অনুভৱ হোৱাৰ দৰে, পুলকে কোন টলকত কি কৰি আছে ভাবিবলৈ নাপাওঁতেই স্কুললৈ উভতিব হওঁতেহে অলিন্দক অশান্তিয়ে হেঁচা মাৰি ধৰিলে। বাঁহৰ দলংখনত খোজ দিওঁতেই খটখটনি শব্দ উঠাত সম্বিৎ ঘুৰাই পোৱাৰ দৰে সি ভাবি চালে— তাৰ নিজৰ মনত পুলকক লুটিয়াই পেলাই লোৱাৰ আকাংক্ষা সমূলি নাই, পুলকে নিজে পৰি দিম বুলি ক'লেও তাৰ ইচ্ছা নাই, পুলকহঁতে বিচাৰি লোৱাৰ দৰে দুৰ্বল কাৰোবাক বিচৰা বাসনাও তাৰ নাই, ‘আকৌ কেতিয়াও মই ইয়াৰ লগত নাহোঁ। একদম নাহোঁ। কোনোবাই মাৰিলেও মাৰক। সি মাৰিবলৈ লগাই দিলেও লগাওক।’কালি সৰু মাহীয়েকে তাক বাটলৈ লৈ গৈছিল, তাইৰ লগৰ কেইটামানক লগ ধৰিবলৈ৷ তাৰে মাজত এটা অলপ ডাঙৰ ল'ৰা আছিল, সি ক'ৰ অলিন্দই নাজানিলে, আগতে দেখা নাই। মাহীয়েকে সেইটো ল'ৰাৰ লগত বেছি কথা পতা নাছিল, কিন্তু অলিন্দই বুজিলে সেইটোৰ লগত তাইৰ সম্পৰ্ক আছে। তাই তাক মাজু মাহীয়েকৰ দৰে একো কোৱা নাই, সিও তাইক সোধা নাই, কিন্তু সি নিশ্চিত। ‘সৰু মাহীয়েও মাজুমাহীহঁতৰ দৰে মোক কিবা কৰিব নেকি?” – সন্দেহটো আহি তাক কোবাই দিলে। তাৰ নীৰৱতাই পুলকৰ মনলৈ কৌতূহল আনিলে, ‘অলপ ডাঙৰ হোৱা বাবে ইও চাগে উত্তেজিত হৈছে, সেইবাবে নীৰৱে আছে', পুলকে ধাৰণা কৰিলে। কেইদিনমান পাৰ হৈ গ'ল। অলিন্দ পুলকৰ লগত নগ'ল। সি আগতীয়াকৈ আঁতৰি বাকীবোৰৰ লগত তৎক্ষণাৎ বেলেগ ফালে গুচি যোৱা হ'ল। গোপালৰ ল'ৰাকেইটাক দেখিলেও সি দূৰতে আঁতৰি দিয়ে। আন উপায় নেদেখি পুলকে স্কুললৈ অহাৰ সময়ৰে পৰা অলিন্দক কুহুলিয়াবলৈ ধৰিলে, ‘নতুন চৰাই আহিছে, ব'ল আজি চাবিগৈ।’অলিন্দই বিশ্বাস নকৰিলে, কিন্তু জিৰণিত পুলকে তাক হেৰাবলৈ নিদিয়াকৈ কাষে কাষে থাকি পুনৰ লৈ গ'ল। বাঁহনিৰ তলতো পুলকে তাক জোৰ কৰিব লগা হ'ল। উভতি আহোঁতে খোজত দলংখনে আকৌ মৰমৰাই উঠিল। এই শব্দটোৱেই অলিন্দ বাবে বিষাক্ত হৈ পৰিছে। সি চিন্তা কৰিলে, ‘ইয়াক খাটাংকৈ একদম মুখেৰে ফুটাই কৈ দিব লাগিব— আকৌ নাহোঁ।' কিন্তু কোন সময়ত কেনেকৈ কয় সি ঠিক কৰিব পৰা নাই। এই মুহুৰ্ততেনো কোন ক্ষণত ক'ব পাৰি, সি ধৰিব পৰা নাই। মন কঠোৰ কৰি সি সিদ্ধান্ত ল’লে, “আকৌ যদি মাতে, স্পষ্টকৈ ক’মেই— নাযাওঁ। মাৰিলেও মাৰক, ক’মেই। এই বছৰটো যাওক, মই তাৰ পাছত পুলকক একেবাৰে জীৱনলৈ নামাতো। হাইস্কুলত একেলগে পঢ়িলেও নামাতো। আমাৰ ঘৰ যদি ইয়ালৈ আহি যায়, বেলেগ স্কুললৈ যাম।' অলিন্দ পুনঃ নীৰৱতাত পুলকে বুজিলে, নতুন চিকাৰ সন্ধানৰ দিন আহিল।
পৃষ্ঠা:কুলাংগাৰ.pdf/৩০২
অৱয়ব