বুজিছে!’ তালৈ তাইৰ মৰম লাগিল, ‘সেইটোকে সিহঁত দুজনীয়ে তেনেকৈ লগালে! তাকো নিজৰ নবৌয়েক-ভনীয়েক হৈ! সত্ৰখনৰ বোৱাৰী এজনী উকা ডিঙিৰে থাকিলে ঘৰখনৰো লাজ নহয় নেকি?’ ৰহস্যটো ওলাই পৰাত সিহঁত দুজনীয়ে অলপ লাজ পাইছিল। কিন্তু কামত নাহিল। গণ্ডগোল লগায়েই থাকিল। অশান্তি লাগিলে বিপুলে টেটু মেলি ভেকাহি মাৰে, বিৰক্ত হ’লে আতাকে শূন্যতে ধমকিৰে মাত এটা দিয়ে।
এদিন ৰাজীৱ দত্তৰ ক্লাছত ল’ৰা এটাই উৎপাত কৰিলে। ৰাজীৱে খঙত অফিচলৈ গৈ বেত এডাল বিপুলক দি পিটিবলৈ লগাই দিলে, বিপুলৰ কোবত ল’ৰাটোৰ পিঠিখন বখলা-বখল হ’ল। আবেলি দেউতাকে ল’ৰাটোকো লগত লৈ সুকন্যাক গোচৰ দিলেহি। তাই ল’ৰাটোৰ পিঠিত নিজ হাতে পকাতেল লগাই মৰম কৰি দিয়াত বাপেক-পুতেকৰ মনটো মুকলি হ’ল। লোকৰ উচটনিত যিহকে-তিহকে নকৰিবলৈ, অকৰা-জমক উঠাই নল’বলৈ তাই আৰু মানুহজনে বিপুলক বুজালে।
জেঠালেক দুটাই বেয়াকৈ কোৱা সুকন্যাই কোনোদিন শুনা নাছিল। কিন্তু তাইৰ গাত যেতিয়া পাঁচ মাহ হৈছে, তাইক অকলে পালে দেৱেনে কিবা ভোৰভোৰাই যায়। প্ৰথমে তাই পাহৰি গৈছিল। কিন্তু পাছতো সদায় একেটা সুৰেই শুনে, কিনো কৈছে শুনিবলৈ তাই ঘূৰি চোৱালৈ সি বিজুলী বেগেৰে বহু দূৰ পায়গৈ। তাই ভালকৈ কাণ কৰিবলৈ ধৰিলে — ‘শালে-বাহে যাব... শালে-বাহে যাব...’, সদায় সি একেষাৰকে কয়, ‘শালে-বাহে যাব... শালে-বাহে যাব...।’ তাই অৰ্থটো বুজি নাপালে, কিন্তু সি কোৱাৰ ধৰণটো অতি বেয়া।
আঠ মাহত তাইক বিপুলে বহঁতপুৰত থ’লেগৈ। এদিন তাই আয়েকক আওহতীয়াকৈ লৈ সুধিলে, ‘মানুহটোৱে মোক অকলে পালে সদায় শালে-বাহে যাব শালে-বাহে যাব বুলি ভোৰভোৰাই যায়। তাৰমানে কিনো?’ আয়েকৰ মুখখন পটকৈ সেমেকি গ’ল। কিন্তু ক্ষন্তেকতে তেওঁৰ ওঁঠত পৱিত্ৰ হাঁহি বিৰিঙি উঠিল, মমতাৰে কোমল হৈ তেওঁৰ দুচকু তিৰবিৰাবলৈ ধৰিলে, ভৰ বাৰিষাৰ খোকা নৈখনৰ দৰে ভৰপূৰ হৈ সৌন্দৰ্যৰে উপচি পৰা জীয়েকৰ ফালে ভালকৈ চালে তেওঁ — অতি চকুত লগাজনী হৈ পৰিছে তাই। তেওঁ ক’লে, ‘তই দুঃচিন্তা মনলৈ নানিবিয়েই, ভক্তিভাবে থাকিবি, আনে অন্যায় কৰিলেও অনিষ্ট নহয়।’ সুকন্যাই কুহুলিয়াই সুধিলে, ‘কিনো তাৰমানে, কচোন। কচোন, মই চিন্তা নকৰোঁ। মই সদায় শাস্ত্ৰ-কিতাপ পঢ়িয়েই আছোঁ, তই সেয়া দেখিছই — ৰামায়ণ, মহাভাৰত, নামঘোষা, পৱিত্ৰ অসম, ভাৰত মনীষা, একলব্যৰ সাধু, প্ৰহ্লাদ চৰিত্ৰ, একো বাকী নাই, দি পঠিয়াইছে ইয়াতো পঢ়ি থাকিবলৈ। মোৰ ভয় নালাগে।’ আয়েকে তাইক বুজাই ক’লে, ‘এইবোৰ আনে ঈৰ্ষা কৰিছে অ’। এইবোৰ শাও নফলিয়াই। জন্ম দিওঁতে সন্তানৰ লগতে মাকজনীও মৰিবলৈ তেনেকৈ কয়। মানুহেহে কৈছে, একো নহয়, তই চিন্তা নকৰিবি, নফলিয়াই।’ ‘হে প্ৰভু!’ সুকন্যাই মনতে আওৰালে। তাই ধাৰণা কৰিছিল