সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/২৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পিছল বীজলুৱা দুভৰি ২৮৯ “সি সুযোগটো পাই দি দিছে। আগতীয়াকৈ বেজী দিয়াই দি লৈছে, এতিয়া এবাৰো নামাতিলে ডাঙৰ বৌৱে, দেখিলি নে নাই! কথাখিনি ঠিকেই বাৰু, গোসাঁই ছোৱালী আনিছ, বিয়া পাতি আন।” কিনো ঠিকেই! সি ঘৰলৈ অহাৰ মতলবত নাছিলেই, দোকানতে সদায় থাকিলহেঁতেন। কাজিয়া লাগি এদিন বেলেগ হ'ব লাগিবই, সিহঁতৰ মাজত বোৱাৰীজনী টিকিব পাৰিব হ’বলা? গতিকে সি আগতীয়াকৈয়ে বেলেগ হোৱাৰ দৰে কৰি লৈছিল। আকৌ পাছতহে ভাবিব—নহা হ'লেই ভাল আছিল। ডাঙৰ দাদাই লেকছাৰ দিলে কি হ'ব, সিও বেলেগ হোৱাটোহে বিচাৰিছিল, অকল ঘৈণীয়েকে তাক বেলেগ কৰোৱা নাই নহয়।' ‘এৰা পাই! আমাৰ ঘৰৰহে ভাল হৈছে, এটা ল'ৰা। বেলেগ-চেলেগ হোৱা, মাটি- বাৰী ভাগ কৰা, একো জঞ্জাল নাই। ছোৱালীবোৰ যামেই, বোৱাৰী এজনী অনাৰ পাছত সিও ঘৰ ল’ব, চাবিচোন এইখন ঘৰৰ ৰূপেই সলনি হৈ যাব, তেতিয়া সিহঁতৰ ঘৰ জ্বলি জ্বলি মৰিব৷' হৰিচাপৰিত মাহীয়েক দুজনী তিনিদিন থকাৰ পাছত সুকন্যা-বিপুলৰ কন্দল লাগিল। অলিন্দই ৰাতিপুৱা শুই উঠি বাহিৰত মানুহকেইটা চায়গৈ— ভালে আছে নে নাই। কোনোবা দিনা তাৰ এনেকুৱা লাগে যেন এটাই আন এটাক নিশা কাটি পেলাইছে, কোনোবা এটা মৰি আছে। পাছত আকৌ, কথা-বতৰাৰ ঢং দেখি লাগে যেন কাজিয়া কৰি দেখুৱাবলৈ পাই সিহঁতহালৰ গৌৰৱহে হৈছে। আবেলি বাৰাণ্ডাত পৰা ৰ'দটো গাত লৈ গোটেইকেইটাই কথাৰ মহলা মাৰিবলৈ আৰম্ভ কৰিলে। অলিন্দই অকলে বেঞ্চখনত বহি পঢ়ি আছে। ‘ঐ, তই অংকখন উলিয়াই লৈ বহীত কি কৰি আছ অথনিৰ পৰা? এনেই আঁক-বাক কৰি কথা শুনি আছ চাগে? এইকেইদিনত সৱেই নিজে পঢ়িব পৰা বিষয়বোৰ আগবঢ়াই থয়— সমাজ অধ্যয়ন বা অসমীয়াখন। ইংৰাজীখনেই অলপ আগবঢ়াই থচোন ৰিজাল্ট নিদিয়ালৈকে! এনেই এনেই অংকখন উলিয়াই লৱ কিয়? সদায় দেখোন তই অংকখন উলিয়াই লৱ, নিজে অংক পঢ়িব পাৰি নেকি! থ! ‘পাৰিছোঁ ম‍ই।’ সুকন্যাই সৰু মাহীয়েকক ক’লে, ‘চাচোন, কি পাৰিছে সি। অংক তেনেকৈ পাৰে নেকি? আমি নতুন ক্লাছ আৰম্ভ হোৱালৈকে ৰৈ থাকোঁ৷ আগৰ কেইদিনত বাকীকেইটা আগবঢ়াওঁ।’ মাহীয়েকে ক’লে, ‘পাৰে সি! মোৰ গণিতৰ কিতাপখনো এদিন চেপ্টাৰ এটা পঢ়ি নিজে অংক কৰি দিছিল। কেনেকৈ পাৰিলে জানো নিজে পঢ়িব! সঁচাকৈ পাৰিছে!”