সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/২৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পিছল বীজলুৱা দুভৰি ২৮৫ নামানিলে বেয়া পায়। অকল মা কিয় বেলেগ হ'ল! অকল মা কিয় তেনেকুৱা নহয়? ককা-আই-বৰাইহঁতো মাৰ দৰেই কিয়? নকৰেই একদম। আৰু সেইটোকে আনে কৰাটোও নামানে!' সি সকলোৰে পৰা নিজকে বেলেগ যেন দেখিলে, ডাঙৰ হৈ তাৰ চাংঘৰত উঠিবলৈ মন আছে, এতিয়াও তাৰ সংকোচ নাহে যদিও কেৱল তাৰ দুৰ্লভ বন্ধু আতাকে দুখ পাব কাৰণেই উঠা নাই আৰু চোৱাও নাই, ‘ডাঙৰ হৈ লৈ ম‍ই উঠিম। কিন্তু কাকো ফাঁকি নিদিওঁ।' বছৰেকীয়া পৰীক্ষা শেষ কৰি গোটেইবোৰ স্কুলৰ বাহিৰলৈ ওলোৱাত ল'ৰা এটাই ক’লে, ‘ঐ নামঘৰত সোমাই যাওঁ ব'ল। ৰাজমেধি আছেহি নহয়, ,গ'লেই মিঠৈ দিয়ে। মই পৰীক্ষাৰ মাজতো আবেলি আহি খাইছোঁহি।’ গোটেই ল'ৰাবোৰ জুম বান্ধি আহি নামঘৰৰ চৌহদলৈ সোমাই ছোঁ-ঘৰটোৰ সমুখত ৰ'ল। ‘কি ৰাজমেধি নো?' অলিন্দই সুধিলে। ‘আমাৰ সত্ৰৰ পৰা আহিছে। প্ৰতিবাৰে আহে। ছোঁ-ঘৰতে এক মাহ থাকি গাঁৱৰ ৰাইজৰ পৰা চাউল-পাত-দক্ষিণা তুলি লৈ যায়গৈ। লগত দুজন আহিছে। ঢেৰ মিঠৈ আনিছে। সিদিনা ইয়াতো এক কেৰাহী কৰিছে। ' “ককা, আমি মিঠে খাবলৈ আহিছোঁ, চিনাকি ডাঙৰ মানুহৰ নিচিনাকৈ ল'ৰাটোৱে মাতিলে। ৰাজমেধি ওলাই আহিল, মুখত মিঠা হাঁহি লৈ তেওঁ ল'ৰাবোৰলৈ চালে, ‘আজি পৰীক্ষা শেষ নেকি?... এখৰাহি মিঠৈ উলিয়াই আনি ৰাজমেধিয়ে প্ৰত্যেককে দুটা দুটাকৈ বিলাবলৈ ধৰিলে। আটায়ে আঁজলি পাতি দিছে, তেওঁ ওপৰৰ পৰা এটা এটাকৈ মিঠে হাঁহৰ কণী সৰা দৰে পেলাই গৈছে। অলিন্দৰ আঁজলিতো এটা সৰিল। ‘ককা, ইয়াক চুব পাৰিব। ই গোসাঁইহে।’ল'ৰা এটাই ক'লে। ‘উৱ..., হয় নেকি?’ৰাজমেধিয়ে অপৰাধ কৰা যেন ভাবত অলিন্দক হাতেৰে কাষ চপাই সাবটি ধৰিলে, ‘এইটো লোৱা’, তেওঁ হাতখনেৰে তাৰ হাতত চুই দ্বিতীয়টো মিঠৈ দিলে। বহুবছৰৰ পাছত আপোন মানুহ পোৱাৰ দৰে তাক মৰম কৰি তেওঁ সুধিলে, “ক’ত ঘৰ তোমাৰ?’ ‘মাজুলীত।’ ‘হেই, তই ইয়াত ক’ত থাক সেইটো ক!’ল'ৰা এটাই তাক জোকাই ক'লে। বেলেগ এটাই লগে লগে ক’লে, ‘ককা, আমাৰ গাঁৱৰ এইফালে শেষ হৈ বিলকণ যে, সেইখন পাৰ হৈয়েই ককাকৰ ঘৰত ই থাকে।’