সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/২৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কুলাংগাৰ শিল্পীয়ে ভাবিলে, ‘ইকমটো দুখত হাঁহিছে নে এতিয়া!’চন্দনে ক’লে, ‘সেইকাৰণে জাতিৰ দূৰত্বটো যে থাকিব, সেইটোত নিশ্চিত থাক। এই ভেদটো এতিয়া বেছি গভীৰহে কৰিছে। ভাল হৈছে এনেকৈয়ো। চাল্লা তহঁতে অজাতিত জন্ম পাবি, এতিয়া গোসাঁইৰ শাৰীলৈ আহিব বিচাৰ? পাবি তহঁতি? নোৱাৰ! চান্দসাইৰ কথাটোৱো একেটাই। নহ'লে, এতিয়া কেইশ বছৰ পাৰ হ'ল, এতিয়াও পাৰ্থক্যটো থাকিব পাৰিছে সেইকাৰণেই। চান্দসাইক শৰণ দি শংকৰে ভেদাভেদ নামানিছিল, গোটেই জাতিবোৰৰ সম্প্ৰীতি বাঢ়িছিল – এইবোৰ কিতাপে-পত্ৰইহে জাপি থোৱা কথা। ক'ৰ পৰা জাতিভেদটো নাথাকিল। শংকৰে চান্দসাইৰ সমাজখনৰ লগত কোনটো দিশেৰে মিলি যোৱা দেখিলে লিখি থকাবোৰে? হা? চান্দসাইক শৰণ দিছে মানে সেই সমাজখনৰ পৰা চান্দসাই ভাগ হৈ আহিছে!’ বাহিৰত ভকত এজনে আতাকক মাতিলে। - “এওঁক ম‍ই কেইষাৰমান শুনাম ৰ৷ যোৱাজনী ভকত হৈ আহিলেও পদূলি মূৰত ভৰি দিলেই আমি আকৌ উধাৰণি পাতিম – সেইটো তেওঁক মই জনাই ল'ম।’কৈ থৈ চন্দনে বাহিৰলৈ খোজ দিলে, পিছে পিছে সিঘৰৰ মাজুটো গ'ল। ‘টানকৈ নক’বি দেই”, সুকন্যাহঁতে সিহঁত দুটাক সকীয়াই দিলে। সুকন্যাহঁতৰ ভয় লাগি আছে— চন্দনক বাঘ হেন ভয় কৰাৰ পাছতো ছোৱালীজনী নিবলৈ সাহ কৰিছে, গতিকে ল'ৰাঘৰৰ মানুহে কিজানি খং উঠিলে বাটে-পথে দিগদাৰ কৰে। চন্দন আঁতৰি যোৱা বাবে, অথনিৰ পৰা মনে মনে থকা মাহীয়েক কেইজনীয়ে মুখ খুলিলে, গোটেইবোৰে একেলগে মাজু মাহীয়েকক গালি পাৰিবলৈ লাগিল, ‘....তই সেইটোহে ল'ৰা চাবলৈ পালি! আন ল'ৰা নাই পৃথিৱীত! ঘৰখন বদনাম কৰি থৈ গ'লি!... সুকন্যাই ক’লৈ, “তাই গৈছে বাৰু গৈছে, মথাউৰিৰ সিফালে গৈছে! সেইবোৰত পানী নুঠিবনে? সেইটো জানিও যাবলৈ কিহে পালে তাইক!' ভনীয়েকজনীৰ দুখ হোৱাৰ চিন্তা কৰি আটাইকেইজনীয়ে এইবাৰ বেজাৰেৰে পাতিবলৈ ধৰিলে। ঘনে ঘনে হোৱা পট পৰিৱৰ্তনবোৰলৈ চাই চাই অলিন্দ বহি থাকিল। মাহীয়েককেইজনীৰ কথাবোৰ শুনি সি বেছি আচৰিত হৈছে, ‘সকলো জানিও, এতিয়া ইহঁতে কিয় বেয়া পাইছে? সদায় ল'ৰাটোৰ বিষয় লৈ ৰং-ৰহইছ কৰি আছিল, লগো পাইছিল তাক! এতিয়া কিয় গালি পাৰিছে? ল'ৰাটো ভকতৰ নিচিনাই, সৱেই চুয়ে থাকে, তেন্তে বিয়া হ'ব নোৱাৰে কিয়?' বোকাগাঁও, গালুকবিল, ব’ঠামাৰি আদিৰ মানুহবোৰো অলিন্দৰ ভাল লাগে। তেওঁলোকৰ লগ লোৱাটো বা গাত চোৱাটো কিবা বেয়া কথা যেন নালাগে তাৰ, দূৰত থকাটোও সি ভাল নাপায়, দূৰত ঘৰ সজাটো সি প্ৰয়োজন যেন নাভাবে। এইকেইজনী মাহীয়েকেও কেতিয়াবা চাংঘৰ চোৱা সি দেখা পাইছে, কিবা বস্তু লওঁতে চোৱে, সেইটো সিহঁতে ঘৰত নকয়হি। কিন্তু অন্য কোনোবা চাংঘৰত বহি থকা দেখি আহিলে লগে লগে আতাকক গোচৰ দিয়েহি, আতাকে সেই মিপাকবোৰক গুৱাল- গালি পাৰি থাকে। “সিহঁতে নিজে চুৱা কৰাটো নকয়, আনে কৰাটো নামানে, আনে নিয়ম