পিছল বীজলুৱা দুভৰি ২৮-১ পাতি থকা সি দেখিছিল৷ যিকোনো কথাৰ ভাগ পায়েই থাকে বাবে তাৰ মনলৈ বিশেষ কৌতূহল অহা নাছিল। সি বুজিলে, সিহঁতে তাই যোৱাৰ পৰিকল্পনাটোকে মিলি লৈ কৰি আছিল আৰু কিবাকৈ ধৰা নপৰিবলৈ তাক ভাগ নিদিলে। সি সুকন্যাহঁতৰ ওচৰলৈ গৈ সুধিলে, ‘মথাউৰিৰ ওচৰৰ ল'ৰাটো হয় নে?' সুকন্যা- বিপুল চক খাই গ’ল, “তই কেনেকৈ জানিলি?’ “মই দেখিছিলোঁ৷ মাহীহঁতেও গম পায়। বাকীবোৰকহে নকয়!’ ‘সেইবোৰহে কাহিনী, দেখিছেনে!' সুকন্যাই বিপুলক ক’লে, ‘এইবোৰ কথাতো এতিয়া ওলাই পৰিব, আতাই সহ্য কৰিব পাৰিবনে! চন্দনে শুনিলে সিহঁতৰ সঁচ থ'ব নে! তালৈ বাৰু তহঁতে ভয় কৰ, মোকে কোৱা হ'লেও মই তাইক বুজাই এৰুৱাব পাৰোঁ নহয়! তহঁত ডাঙৰ কেইজনীয়েওতো ভাবি চাব লাগিছিল!' হালেই চিন্তা কৰি ৰৈ থাকিল। সুকন্যাই আকৌ ক’লে, ‘এতিয়া কি কৰে? আজি যাবলৈ নহ'ব! কাইলৈ ময়ে যাওঁ, ইয়াকো লৈ যাওঁ, ময়ো নাথাকিম – সি ইয়াত এনেই থাকিব, আকৌ পৰীক্ষাৰ সময়ত বেলেগকৈ নিবলৈ সময় নাই।’ সুকন্যাহঁতক পদূলিত দেখিয়েই মাহীয়েকহঁত দৌৰি আহিল। আটাইকেইজনীয়ে উচুপি আহিছে। অলিন্দই সুকন্যালৈ চালে, তাইৰো চকুপানী বৈ পৰিছে। মাহীয়েকহঁতে কন্দা দেখি অলিন্দ আচৰিত হৈছে, ‘সিহঁতে কিয় কান্দিছে! আগতে জানেই দেখোন! বিয়া হৈ গ’লেও যেনেকৈ দুখ লাগে, হয়তো সেইটো দুখত কান্দিছে।' ঘৰত সোমাই আটাইৰে কান্দোনবোৰ বন্ধ হোৱাৰ পাছত সুকন্যাই ক’লে, “বাটত আজি ডাঙৰ কথা নহয়! মথাউৰিৰ পৰা নামি আহিছোঁহে, ঘৰে ঘৰে ধান-চাউল জাৰি কাম কৰি খোৱা ডুমুনীজনী যে, তাই এইফালৰ পৰা গৈ আছে, আগতে আমাক মাতিবলৈ সাহ নকৰে, আজি তাই যিটো হাঁহি মাৰি আগতীয়াকৈয়ে চিঞৰ মাৰি মাতি সুধিছে— ভনীয়েৰাৰ খবৰ পাই আহিলা নেকি? দেখিলিনে তাইৰ সাহটো? তাই সেইখন গাঁৱৰহে! তহঁতক গোটেইকেইজনীকে কৈছোঁ, কাৰোবাৰ যদি কিবা আছে সোনকালে এৰি পেলা। কেনেকৈ অজাতি মানুহে সাহ কৰিলে দেখিলিনে? মোৰ গা কিচকিচাই গৈছে তাইৰ হাঁহিটো দেখিয়েই। প্ৰেম কৰাবোৰৰ জীৱনটো জঘন্য হয়, চাবি। আৰু সেইবোৰ অজাতি মানুহ, সেইবোৰ মানুহ আমাৰ দৰে মানুহ নহয়, গোসাঁই কুলত জন্ম পাই এইটো কম কথা হোৱা নাই, বহুত দোষে চুব।' সুকন্যাই প্ৰেম শব্দটোক অশ্লীল শব্দৰ দৰেই জ্ঞান কৰে। কিচকিচকৈ ক'লা সাপ দেখিলে তাই জিকাৰ খোৱাৰ দৰে, সেইটো শব্দ মুখত ফুটাই লৈ তাইৰ গাটো সিৰসিৰাই গৈছে। কাম কৰা মানুহগৰাকীয়ে মাত দিওঁতে অলিন্দই দেখিছিল, সুকন্যাই ‘অঁকৈ ধুনীয়াকৈ উত্তৰটো দিছিল, অৱশ্যে সেই এটা শব্দ কৈয়েই তাই ৰৈ থকা নাছিল। সি তেতিয়া সুকন্যাৰ
পৃষ্ঠা:কুলাংগাৰ.pdf/২৯০
অৱয়ব