সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/২৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কুলাংগাৰ তাৰমানে!” তাৰ মন গৈ কিতাপৰ পৃষ্ঠা পালেগৈ, ‘উপকূলৰ পৰা জাহাজৰ পালখন প্ৰথমে এনেকৈয়ে দেখা যায় তাৰমানে!” ভাবি ভাবি এদিনো বুজি নোপোৱা কথাটো সি এতিয়াহে বুজি পালে। পৃথিৱী যে গোলাকাৰ আৰু অহৰহ ঘুৰি থাকে— সি পৰীক্ষা কৰি কৰিও অনুভৱ কৰিব নোৱৰা উত্তৰবোৰ এটা এটাকৈ ওলাই আহিবলৈ ধৰিলে। তাৰমানে গোটেই জগতখনৰ অ'ত-ত'ত এসোপা ফুটবলেই ভৰি আছে! ছুটিয়াই দিয়া ফুটবলটো কেতিয়াবা ঘূৰি ঘুৰি যোৱাৰ দৰে পৃথিৱীখনো ঘুৰিয়েই থাকে!' সি হৰিচাপৰিখনকে এটা গোলকৰ দৰে কল্পনা কৰি ল'লে, যেন ন-কৰঙাৰ একদম পূবৰ ফালে তলিৰ পৰা বেলিটোৱে ওপৰৰ বগলীবোৰৰ গাত ৰ'দ পেলাইছে, চাৰিওফালৰ নদীখনো যেন বায়ুমণ্ডলহে, যেন ক্ষন্তেক পাছতে গোলকটো ঘুৰি গাঁওকেইখনো বেলিৰ মুখামুখি হৈ ৰ’দেৰে ভৰি পৰিব! অতদিনৰ কৌতূহল দূৰ কৰি তাৰ মন নাচি উঠিল। সি চোতাল পাই দেখিলে, ঠাই মচি থকা বোকা হাতেৰে নামঘৰৰ দুৱাৰমুখত ৰৈ সুকন্যাই কান্দি আছে, চোতালৰ কাষত বিপুলৰ চাইকেলখন, বিপুল নাই। 'মাছ-গাখীৰ লৈ ইমান সোনকালেতো নাপায়হি, আধা বাটৰ পৰাই ঘুৰি আহিছে! কি হ'ল? কিয় কান্দিছে?’সুকন্যাই কান্দি থকা দেখি সি ভয় আৰু দুখত ৰৈ নাথাকি ভিতৰলৈ সোমাল, বেগটো থ’লে, সি বিপুলক দেখিলে— কাপোৰ নসলোৱাকৈ বাৰীত কাম কৰা নিচিনাকৈ ঘূৰি আছে। অলিন্দ বাৰাণ্ডালৈ ওলাই বেঞ্চখনত বহিল, সুকন্যাৰ কান্দোনৰ শব্দ উঠিছে, “কিবা খবৰ পাই আহিল নেকি? ককা ঢুকাল নেকি? নে বৰায়ে সঁচাকৈ পুখুৰীটোত জাঁপ মাৰি দিলে?' সি সুকন্যাৰ মুখখন দেখা নাই, সি অহা বাবে তাই চাদৰৰ আগেৰে মুখখন ঢাকি ধৰিছে। সি ওচৰলৈ গৈ সুধিলে, “কি হ’ল নো?' তাই চকু দুটা উলিয়াই চাই একো উত্তৰ দিব নোৱাৰি পুনৰ ঢাকি দিলে। তাই কন্দা সহ্য কৰিব নোৱাৰি তাৰো চকুপানী ওলাওঁ ওলাওঁ হ’ল, সি ওচৰতে ৰৈ থাকিল। সুকন্যাই মজিয়াখনৰ বাকী থকাখিনি মচিবলৈ সোপাকানিটো তুলি ল'লে। অলিন্দই আকৌ সুধিলে, “মা, কি হৈছিল নো?' তাই থোকাথুকি মাতেৰে ক’লে, ‘মাজু মাহী পলাই গ'ল!’ ‘কেতিয়া? কেনেকৈ গম পালে?” কালি। বাবাই এতিয়া গম পাই আহিছে।’ অলিন্দ বাৰাণ্ডালৈ আহিল। বিপুলে পিৰালিত কঠ এখন পাৰি জুপুকা মাৰি বহিছেহি। বিপুল বহাৰ পৰা উঠি সুকন্যাৰ ওচৰলৈ গ’ল, ‘মই আহি থাকোঁতে কেনি আহিছোঁ গম নাপাওঁ। চাইকেলৰ পৰা বাগৰি পৰিলোঁ নহয়! এয়া কিলাকুটিটো থেঁতেলা খাই গ'ল চোৱাচোন।' বিপুলৰ গাটো কঁপি আছে, সুকন্যাৰ ধৰফৰণিও অলিন্দৰ চকুত পৰিছে। মাহীয়েকৰ কথাটো শুনি অলিন্দ চিন্তা কমিল, সুকন্যাই কন্দা দেখি লগা তাৰ দুখটোও নাইকিয়া হ'ল। মাহীয়েকহঁতে কেইবাদিনৰ পৰা তাক ভাগ নিদিয়াকৈ মনে মনে কিবা