পিছল বীজলুৱা দুভৰি ২৭৯ কাষলৈ গৈ সুধিলে, “মা, ক’ৰ হাড়ডাল ঠিকনা লগাব লাগেনো? কি হাড় স্থায়ী মাটিত পুতিব লাগে?” সিহঁতে ভবাই নাছিল, সি যে এইবোৰ মন কৰি থাকে। তাৰ মুখত ডাঙৰ প্ৰশ্নটো শুনি সুকন্যাৰ সংকোচ লাগিল— তাক কোৱাটো ভাল হ'ব নে নহয়। তাইৰ ভাবটো বুজি বিপুল আঁতৰি গুচি গ'ল। কেইদিনমানৰ বাবে ঘৰলৈ অহা ল'ৰাটোক টানকৈ কৈ আঁতৰাই পঠিয়াবলৈ বেয়া পাই সুকন্যাই ক’লে, ‘মানুহ মৰিলে খৰি দি ছাইবোৰ পুতি থয়। মৰিশালি দেখিছ নহয় তই, সেইটোৱেই মৰা মানুহজনৰ চিন হৈ থাকে অজৰ-অমৰকৈ। সেইটো যদি নদীয়ে উটুৱাই লৈ যায় মানুহজনৰ চিন-মোকাম থাকিব জানো!’ ৰাতিপুৱা কুঁৱলী কমিবলৈ আৰম্ভ কৰা সময়ত সুকন্যাই বিপুলক মাছ কেইটামান আৰু গাখীৰৰ টেকেলি এটা আনিবলৈ ব'ঠামাৰিলৈ পঠিয়ালে। অলিন্দকো ন-কৰঙাৰ দোকানলৈ যাবলৈ ক'লে। পদূলিৰ পৰা অলপ গৈ অলিন্দই দেখিলে, ন-কৰঙাৰ মাজৰ পৰা এম ই স্কুললৈ পোনোৱা বাটটোৰে আলফা ল'ৰা দুটাই পিঠিত বন্দুক লৈ চাইকেলেৰে গৈ আছে। ঘেলেং ঘেলেং কৰি গৈ সিহঁত দূৰৰ কুঁৱলীৰ মাজত হেৰাই গ'ল। অলিন্দই অনুমান কৰিলে, সিহঁত স্কুলৰ সমুখৰ পাৰটোলৈ যাব নতুবা সুঁতিটো পাৰ হৈ সিফালৰ কোনোবা চাপৰিত থাকিবগৈ। সি দোকানৰ পৰা ওভতোঁতে কুঁৱলী পাতল হৈ পৰিল, অলপ পাছতে ৰ'দ ওলোৱাৰ উমান পোৱা গ'ল৷ একাষৰ মাহনিডৰাত, নিয়ৰে ধুই পৰিষ্কাৰ কৰি পেলোৱা পাতবোৰৰ মাজত, চাকৈ-চকোৱা এহাল চৰি আছে, ঘচীয়া চৰাইৰ দৰে সিহঁত ওচৰতে আছেহি। আন কাষৰ মানুহ ঘৰত আলফা ল'ৰা এটাই পদুলি মূৰলৈ ওলাই দাঁত ব্ৰাছ কৰি আছে, অন্য এটাই ঘটি এটা লৈ চোতালৰ কাষত মুখ ধুইছে, ইঘৰ-সিঘৰৰ পিছফালে কাউৰীৰ হুলস্থূল শুনা গৈছে। কক কক কক কক মাত দি হাঁহ এজাক তাৰ মূৰৰ ওপৰেদি উৰি পাৰ হৈ গ'ল, সি ওপৰলৈ চালে, ‘কুঁৱলী আঁতৰা দেখি সিহঁতৰ যাত্ৰা আৰম্ভ হ'ল! অ’, অকল হাঁহেই নহয়! এ...জা...ক বগলী!' তাৰ সমুখত বহু ওপৰলৈকে আকাশৰ এফাল জুৰি এথূপ এথুপকৈ বগলী আহিয়েই আছে। সি যিমান ওপৰলৈ দেখে চাই চাই খোজ দি থাকিল। তাৰ পৰা কোণীয়াকৈ একদম ওপৰৰ এটা থূপ লাহে লাহে আহি আছে। সি বুজিলে, আচলতে বেগটো একে, দৃষ্টিৰ পৰা দূৰৈৰ কাৰণেহে সেইটো জাক লাহে লাহে অহা যেন লাগিছে। ‘সেইজাক দেখোন বেছি জিলিকি আছে! সিহঁতৰ পাখিত ৰ'দ পৰিছে!' সি তললৈ চকু নমাই আনি কেউফালে চালে। নাই, ক’তো বিশেষ ৰ'দ নাই। কাৰোৰে চোতালত, গছবোৰত, দূৰৰ চুবুৰীবোৰত, স্কুলৰ ফালে— ক'তোৱেই নাই। সি তৎক্ষণাৎ আকৌ মূৰ উঠাই দূৰৰ জাকটোৰ ফালে চালে, ‘হয়, পাখীত ৰ'দ পৰিছে। কথাটো সেইটো
পৃষ্ঠা:কুলাংগাৰ.pdf/২৮৮
অৱয়ব