272 কুলাংগাৰ জোৰতে তিনি তালা ঘৰ উঠালে, সকাম এটা পাতিলেও ভকতে দিয়া বস্তু পেলনি যায়গৈ। গোসাঁইক সেইবাবে আন মানুহে ভয়ো কৰে। আমাৰহে ভাল ভকত এঘৰো নোলাল। টকা-পইচা নথকাও নহয়, তথাপি নিদিয়ে গোসাঁইক, কোনেও নিদিয়া দেখি দেখি সৱেই সেইটো স্বভাৱেই ল'লে। দিন-ৰাত সকাম কৰিলেও আধলি এটাহে দিয়া হ’ল, মাহে-সংক্ৰান্তিয়ে দ্ৰব্য-কৰণ দিবলৈ অহাটো দূৰৰে কথা, কাচিৎ এঘৰে সৰু টোপোলা একোটা আনে। তোমালোকৰ ঘৰ ইয়ালৈ আহিলে বাবাক ভাল দুজনমান ভকত গোটাই ল'বলৈ ক’বা, তেতিয়া আনে ভয় কৰিব, ভাল ভাল দুজনমান ভকত প্ৰথমে গোটাই ল’ব পাৰিলেই ধনে-সাহসে সমানে গোট খাব।' তেওঁ আপোনভোলা হৈ লাহে লাহে কৈ আছে, অলিন্দই শুনি গৈছে। ‘আমি এতিয়া আৰু নোৱাৰোঁ। আমি অকাজৰ কাজী হ'লোঁ এতিয়া৷ ওচৰত তেনেকুৱা একে সেৱকীয়া মানুহো নাই, দূৰণিলৈ যাব নোৱৰা হ'লোঁ, ওজৰে-পাজৰে গোসাঁই পোৱাবোৰে দূৰণিলৈ নতুনকৈ বিচাৰিও নহা হ'ল। তোমালোক নতুনকৈ গৈ বিচাৰি আদৰি ল'বলৈ সুবিধা হ'ব। উকীল নতুবা বাহিৰা টকা থকা অফিচাৰ দুটামানক শৰণ দি ল'ব পাৰিলে, প্ৰথমেই মানুহৰ চকু থৰ হৈ যাব। সিহঁতবোৰৰ বহুত টকা আছে নহয়! সেইবোৰে পুণ্য বিচাৰি গোসাঁইক ঢালি দিয়ে। দেখাক দেখি বাকী মানুহো সৰি পৰিব। বিশেষকৈ তোমালোক প্ৰথম যোৱা, মানুহে প্ৰথমৰ পৰাই ভয় কৰিব। আজিকালি ছালফাবোৰো ওলাইছে, বহুত বহুত টকা থকা। ডিব্ৰুগড়ৰ জীয়াৰীঘৰে তেনেকুৱা এটা গোটালে, জোঁৱাইটোৱে সিবাৰ আহোঁতে কৈছে। সেইবাবে এতিয়া সিহঁতৰ আগতকৈও আলিবলি হৈছে। ঠাইখনহে পিছপৰা হ'ল, বহুত সোমাব লাগে, কিন্তু গোটেই ভকতে গোসাঁইক এতিয়াও দেৱতাৰ দৰে মানি আছে, গোসাঁয়ে ব'ল বুলি ক'লে দাঙি গাড়ীত তুলি দিবহি। এই যে ছালফা ল'ৰাবোৰ, হাবিৰ পৰা ঘূৰি আহি নতুনকৈ সমাজত সোমাবলৈ ইচ্ছা কৰিছে। কিছুমানে হাবিত বা কত পাপ কৰিলে! কত লোকৰ টকা সিহঁতে পুতি নথৈছিল? সেইবোৰ অলপ অলপকৈ উলিয়াই আছে। ঠিকা-ঠুকলিত বহু টকা এতিয়াও জেপলৈ গৈ আছে। সেইবোৰ ইমান টকা কি কৰিব সিহঁতে? কিমান খাব? সিহঁতবোৰে গোসাঁইক ঢালি দিবলৈ চিন্তাই নকৰে, সিহঁতক মাথোঁ দোষৰ পৰা মুক্তি লাগে। মই এতিয়া বৃক্ষ গুচি ধানখেৰৰ মেজি হ'লোঁ,বতাহত মোকেই আশ্ৰয় লাগে, আমাক সেইবোৰে ডাঙৰ গোসাঁইৰ হিচাপত নধৰে, আমাক নামানে, যিমান গীত-মাত থাকিলেও নামানে, শক্তি থাকিব লাগিব। বাবাই যদি তেনেকুৱা দুটামান ভকত প্ৰথমেই পায়, বৰ ভাল হ'ব। বাবাক ক’বা ইয়ালৈ উঠি অহাৰ পাছতে। ময়ো ভাবি আছোঁ, তেওঁক কথাটো এতিয়াই কৈ থম।’ ছমহীয়া পৰীক্ষা শেষ হ'ল। আবেলি অলিন্দ গোপালৰ ঘৰলৈ গ'ল, পৰীক্ষাৰ কাৰণে কেইবাদিন ধৰি খোলটো চুবলৈ নাপাই তাৰ মন লকলকাই আছিল। গৰম-বন্ধটোত সি ইয়াত নাথাকেই যেতিয়া খোলটো লৈ আনিবলৈ বৰায়েকে কৈ পঠিয়াইছে, তুমি খোলটো এমাহলৈ গোপালৰ হাতত এৰি থৈ নাহিবা। তোমাৰ নিজৰ বস্তু নিজৰ লগত
পৃষ্ঠা:কুলাংগাৰ.pdf/২৮১
অৱয়ব