পিছল বীজলুৱা দুভৰি 271 “মানে ছাৰৰ বাইদেউক নি ঘৰৰ মানুহে চমজাই থৈ আহিল। আমি ভাত খোৱাই নাছিলোঁ। মানুহ গোট খালে গোটেই চুবুৰীৰ। বাইদেউৰ ককায়েকটো আন্ধাৰত ৰৈ আছে, একদম জাঙিয়া পিন্ধি গৈছে। ‘কেলেই?’ অলিন্দই উচাপ খাই সুধিলে। “তই নুবুজ ৰহ!” “ইহ! মই যেন দেখাই নাই! তহঁততকৈও মই বেছি জানো!' অলিন্দৰ মনে মনে খ উঠিল, সি মাথোঁ ভাবিলে, হৰিচাপৰিৰ বিহুৰ ঘটনাটোলৈ তাৰ মনত পৰি গ'ল। তেনেকুৱা ঘটনাৰ কথা ইয়াত সি শুনা নাছিল। ‘ইয়াতো এনেকুৱা ঘটে নে? ইয়াত কাৰণটো বেলেগ হ'ব পাৰে নেকি?’মানুহঘৰৰ ককায়েকটো ক'ৰবাত আছিলগৈ, ঘৰত থাকিবলৈ লোৱা বেছি দিন হোৱা নাই, ‘হয়তো ইয়াত নথকা নিয়মটো সি বেলেগত শিকি আহিছে। কাৰণটো চাগে একেটাই— কিবা গণ্ডগোল হলে কাৰোবাক মাৰি দিয়াৰ সিদ্ধান্ত লৈ গৈছিল!’ নিশা তিতি তিতি আতাক ঘৰ সোমালহি। সকামলৈ চন্দনো গৈছিল, চাইকেলেৰে আহি সি অলপ আগত সোমাইছেহি। অলিন্দ সাৰ পালে, প্ৰসাদ খাবলৈ সি উঠিল, ‘এই ভৰ বাৰিষা সকাম কৰিবলৈ বৰ কষ্ট! কিন্তু ঈশ্বৰৰ কাম আমাকেই সঁপি থৈছে, কৰিবই লাগিব।’আতাকে কোৱা সি শুনিলে। ‘ৰাইজো ঘৰ সোমাবলৈ নাপালেই চাগে?’বায়েকে ক’লে। “তিতিল!’ আতাকে দক্ষিণাকেইটা উলিয়াই টেবুলত থ'লে, “দিনে-নিশাই খাটি দক্ষিণা এয়াহে!' বৰায়েকৰ মুখখনে আতাকক জেৰা কৰিব বিচৰা দৰে ৰূপ ল'লে, ‘আগৰকেইদিন গায়ন-বায়ন শিকোৱা কিবা অৰ্চা দিলে নে?’“নাই। সেয়া সমূলি নোলাল। তেতিয়াই শৰাইখনত শুদা গুৱাপাণটো যি দিলে, তাতেই শেষ কৰিলে! প্ৰসাদ খাই অলিন্দ আতাকৰ বিছনাত উঠিল, তেওঁ এতিয়া দিনৰ ভাওনাৰ কাহিনীবোৰ ক’ব, ঈশ্বৰৰ গুণ-গান উলিয়াব, তাৰ শুনিবলৈ মন গৈছে। বহঁতপুৰত গৰম বন্ধৰ মাজতে হ'বলগীয়া ভাওনা এখনত তাক ভাও দিয়াৰ কথা ওলাইছিল, সি ঘৰলৈ যাব বাবে সেইটো বাদ পৰিছে, কিন্তু গৰম বন্ধ খোলাৰ পাছতে হ'বলগীয়া এখনত তাক দিব। আজি এইখন ভাওনা চাবলৈ তাৰ বৰ মন গৈছিল, কিন্তু স্কুলৰ পৰা আহি সি যাবলৈ লগ নাপালে। বিছনাত পৰি আতাকে নিজৰ অস্তিত্বটো অনুভৱ কৰিবলৈ চেষ্টা কৰিলে— তেওঁকনো কোনে কি হিচাপে মানে। তেওঁ অলিন্দক ক’লে, ‘আমাৰ ভকতৰ পৰা একো আদৰ পাবলৈ নাই! নহ'লে নহয় কাৰণেহে গোসাঁইক মানি আছে। বেলেগৰ ভকত হোৱা হ'লে জীয়াৰীৰ বিয়াখন সম্পূৰ্ণ ভকতেই পাতি দিলেহঁতেন। আমাৰবোৰৰহে দক্ষিণাও একোতো নাই। সিঘৰৰ ডিব্ৰুগড়লৈ দিয়া জীয়াৰীজনী যিঘৰত পৰিছে, সিহঁতবোৰক ভকতেই খুৱাই আছে, ভকতৰ
পৃষ্ঠা:কুলাংগাৰ.pdf/২৮০
অৱয়ব