পিছল বীজলুৱা দুভৰি ২৬৫ অলিন্দৰ গাৰ পৰা উঠি পুলক থিয় হোৱাৰ লগে লগেই অলিন্দই ধপকৈ উঠি পেণ্টটো পিন্ধিলে৷ ‘এয়া চা পানী, পুলকে তাৰ গুপ্তাংগটোৰ ফালে চকুৰে দেখুৱাই ক’লে। “এইবোৰ কেলেই ওলাইছে?” পুলকে একো উত্তৰ নিদি উভতি যাবলৈ লোৱাত অলিন্দয়ো তাৰ লগে লগে উভতিবলৈ খোজ দিলে। অলিন্দৰ মনত সময়ৰ জ্ঞান নোহোৱা হ'ল, কেনি গৈ কিমান সময়ত স্কুল পাবগৈ তাৰ বিবেচনাত নাই। পুলকে ক’লে, ‘লাহে লাহে ব’ল। খৰকৈ গ'লে বে’ল পৰাৰ আগতেই পামগৈ।’ সিহঁত বাঁহনিৰ পৰা ওলাল। অলিন্দই যে এতিয়াও জনা নাই কথাবোৰ গুপ্তাংগৰে নিৰ্গতখিনিৰ বিষয়ে সি আজি প্ৰথম শিকিছে, কিন্তু দেখা পায়ো তাৰ নিজৰ শৰীৰত তেনেকুৱা একো উৎপন্ন হোৱা নাই, সময় বাকী থাকোঁতেও স্কুললৈ যাবলৈ তাৰ লৰা- ঢপৰা লাগিছে— পুলকে অলিন্দৰ ওচৰত নিজকে ডাঙৰ বীৰ যেন অনুভৱ কৰিলে, শাসকৰ দৰে কিবা এটা নিয়ন্ত্ৰণ খটুৱাই আনক নিজৰ মুঠিত ৰাখি থ'ব পৰা যেন লাগিছে। পুলকে অলিন্দক পেলাই লৈ কঁকালটোত খুন্দিয়াই থকাৰ দৰেই, পুলককো পেলাই লৈ অৰ্থহীনভাবেই কঁকালটোত খুন্দিয়াই থাকিবলৈ অলিন্দৰ হঠাতে মন গ’ল৷ “কওঁ নেকি তাক?' কথাটো ভাবিও অলিন্দৰ ভয় লাগিল ক’বলৈ, ‘পুলকে নিজকে তলত পেলাই ল'বলৈ দিব নে নিদিয়ে?' সি পুলকক সুধিলে, “তোকো কোনোবাই কৰে নে?” ‘আগতে কৰিছিল। এতিয়া নিদিয়া হ'লোঁ।’ ‘এতিয়া নিদিয়া হ’লোঁ’টো শুনিয়েই তাক খুজিবলৈ অলিন্দৰ অধিক ভয় লাগিল, ‘আগতে পুলক সৰু আছিল বাবে কৰিছিল? এতিয়া মানে ডাঙৰ হোৱাত নিদিয়া হ'ল? তেন্তে মোক কিয় দিব! নে পুলকো আগতে দুৰ্বল আছিল? দুৰ্বল কাৰণে পুলককো আগতে কোনোবাই জোকাই অৱশ কৰিছিল নেকি?” সি সুধিলে, ‘আগতে কোনে কৰিছিল?” ‘চম্পক দাহঁতে কৰিছিল।' সকলো গোপন উত্তৰ দিবলৈ সাজু হৈ পৰাৰ দৰে পুলকে ক’লে। অলিন্দ চক খাই গ’ল— চম্পক দা মানে? খোল শিকোৱা গোপালৰ সৰুটো পুতেক! গোপালৰ পুতেক তিনিটা। তিনিওটাই চন্দনহঁতৰ সমনীয়া নিচিনা। ‘ইমান ডাঙৰ ল'ৰাবোৰে কৰিছিল?' অলিন্দই আশ্চৰ্য, হতাশা আৰু বিমৰ্ষতাৰে ভাবিবলৈ ধৰিলে, ‘এইবোৰ কেৱল সৰুৱে কৰা বেয়া ধেমালি নিচিনা নহয় মানে? ডাঙৰ হৈও এনেকৈ মানুহক দমন কৰে নে? পুলককো দমন কৰিব পাৰিছিল নে! সৰুতে সিও সম্পূৰ্ণ মোৰ দৰেই আছিল নেকি?”
পৃষ্ঠা:কুলাংগাৰ.pdf/২৭৪
অৱয়ব