সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/২৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পিছল বীজলুৱা দুভৰি 261 প্ৰতিক্ৰিয়াটো দেখি ল'ৰাটোৱে আগতীয়াকৈয়ে ৰং পালে। সিহঁত কেইটামানে এইকেইদিন খেলটোৰ বিষয়ে পাতি আছিল, কিমান দিনলৈ নামাতে আগতীয়া সিদ্ধান্তনাথাকে, জিৰণিত বাৰু একেলগে খেলিব পাৰিব, কিন্তু তেতিয়াও কোনেও মাত নিদিয়ে। ডাঙৰৰ ইখেল- সিখেল নমতা-নমতি দেখি দেখি সিহঁতে খেলটো উদ্ভাৱন কৰিছে, কিন্তু কাক প্ৰথমে নমতা হ’ব সেইটো পতা হোৱা নাছিল। ‘ঐ, এয়া মূৰত ল হোঁ। শেষ হ'ব এতিয়া৷’এটাই ভাগৱতৰ তলৰ ভেটিটোৰ একাঁজলি বালি আনি সিহঁতক দিলেহি। গোটেইকেইটাই হাতেৰে প্ৰসাদ লোৱাদি বালিবোৰ লৈ পাৰে মানে মূৰত দিবলৈ ধৰিলে। দুটামানে এখন হাতেৰে চুলি ফালি ফালি তালু উলিয়াই আনখন হাতৰ বালিখিনি দি কৃষ্ণ কৃষ্ণ কৰিলে। ঐ তহঁতে সেইবোৰ চুলিত কেলেই ইমানকৈ দি আছ? সেইটো মূৰ হৈ আছে নে? কেনেকৈ ধুবি ৰাতিখন সেইটো? ঘৰৰ গাৰু লেতেৰা কৰিলি আজি!' মানুহ এটাই দেখি ধমক দিলে। সিহঁত আটাইকেইটা ৰ'ল৷ সেইটো ভাগ্যেশ্বৰ দোকানী। অলিন্দই চোৱা দেখি সি মৰমিয়াল চাৱনিৰে ঘোপাকৈ ধৰিলে। বিয়াখনৰ বস্তু-পাৰ্টিৰ খবৰ ল'বলৈ অহা-যোৱা কৰাৰে পৰা আৰম্ভ কৰি সিও আজিকালি হেড-মাষ্টৰৰ দৰে সিহঁতৰ ঘৰত খলি লোৱা হৈছে। ঘৈণীয়েক আৰু তাৰ খেচখেচনি-বকবকনি গাঁৱত বিখ্যাত, হাঁহ-কুকুৰাৰ প্ৰতিদিনৰ ডাকৰ দৰে খৰিয়াল খতি নাই। সি তাত আবেলি খলি পিটি দোকান খোলাৰ সময়ত গুচি আহে। দোকানৰ সময়কণ বা খোৱা-শোৱাৰ সময়খিনি বাদ দি সি ঘৰত থাকিবলৈ অশান্তি পায়। অলিন্দই আনৰ লগতে বালিবোৰ মূৰত দি আছিল যদিও কামটোৰ কোনো অৰ্থ অনুভৱ কৰা নাছিল, ভাগ্যেশ্বৰে তেনেকৈ কোৱা শুনি তাৰ ভাল লাগিল। কিন্তু সি দেখিলে, ভাগ্যেশ্বৰৰ হাততো বালিৰ বটল এটা আছে, সিহঁত কেইবাটায়ো এবটল এবটল লৈ জুম বান্ধি কিবা কথা পাতি আছে। ‘মূৰত দি একো কামত নহাৰ দৰেই, বালিখিনি বটলত নি থ'লেনো কি কাম হ'ব মানুহবোৰৰ?' মনলৈ সন্দেহ আহি অলিন্দই মুঠি দুটা খুলি বালিখিনি তললৈ সৰি পৰিবলৈ দি হাত দুখন পেণ্টত মোহাৰি চফা কৰি পেলালে। “আজি একদম খালী খালী লাগিছে। এইকেইদিন নিশাবোৰত সুৰ আহি আছিল। ইমান ভাল লাগিছিল ঔ! ভাগৱতৰ বহুত মহিমা আছে, এইবাৰ গাঁৱৰ পৰা অপায়- অমংগল, বেমাৰ-আজাৰ সকলো দূৰ হ'ব। মোৰ আত্মাটো বহুত শোধন হোৱা যেন লাগিছে। ঈশ্বৰে সোনকালেই মোক লৈ গ'লেই হ'ল আৰু এতিয়া। ম‍ই নিজেই পিছফালৰ পুখুৰীটোত জাঁপ দি মৰিলোঁহেঁতেন। সদায় ভাবোঁ— আজি মৰোঁ, কালি মৰোঁ। আত্মাটোৱে বৈকুণ্ঠত স্থান পাবলৈকে কষ্টৰে ৰৈ আছোঁ।' শুবলৈ বিছনাত পৰি বৰায়েকে অলিন্দক ক’লে৷ তেওঁ তাক ভাগৱতৰ মহিমাৰ সাধু শুনাবলৈ ধৰিলে। যিমান যি সাধু শুনালেও বৰায়েকে আজিকালি ভূতৰ কাহিনী সমূলি নুশুনোৱা হ'ল। ফোঁচাই বুঢ়াৰ সৰু জীয়েকজনীৰ ভূতটো দেখিছোঁ বুলিও তেওঁ কোনোদিন নুলিয়ালে। অলিন্দয়ো ইচ্ছা কৰিয়েই এদিনো