সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/২৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পিছল বীজলুৱা দুভৰি ২৫৯ পেলাই সেৱা ধৰিলে। পাঠক দুজনে ভাগৱত মূৰত লৈ বাটচ'ৰাৰ ফালে পোনাই খুপি খুপি খোজ দিয়াৰ চেষ্টা কৰিলে। ভাগৱত নামঘৰৰ পৰা ওলালত মানুহবোৰ উঠিল, ভাগৱতৰ লগে লগে ঘূৰিবলৈ সৱেই খোজ ইফাল-সিফাল কৰিলে, সোঁতত লৰি থকা এদ’ম মেটেকাৰ দৰে মানুহবোৰ লৰি থকা যেন লাগিল, মানুহৰ মাজত কোনোবা এপাকত অলিন্দহঁত যেন চেপেটা লাগিব এতিয়া৷ এজন মানুহে হিয়া ধাকুৰি ক'বলৈ লাগিল, ‘ৰাইজ, আপোনালোকে ঠাইতে ৰৈ দিয়ক। ৰৈ দিয়ক, ৰৈ দিয়ক। লগে লগে ঘূৰিলে পয়মাল হ'ব ৰাইজ, ৰৈ দিয়ক। ভাগৱত দুভাগ ঘুৰিবলৈ দিয়ক। অকল ভাগৱত দুভাগ ঘূৰক। ৰাইজে যিখিনিতে পায় সেইখিনিতে সেৱা ধৰিব। লৰা-ঢপৰা নকৰিব। আপোনালোকে ঠাইতে ৰৈ বহি দিয়ক, সকলোৱে দেখা পাব, লৰচৰ নকৰি বহি দিয়ক।' মানুহবোৰ বহিল। তেওঁৰ কথা শুনিয়েই অহা নিচিনাকৈ হিয়ালি-জিয়ালিকৈ কান্দি কান্দি মানুহ এজনী বাটচ'ৰাৰ বাহিৰৰ পৰা সোমাই আহিল, কাক গচকিছে, কাক ঠেলিছে তেওঁ ক'ব নোৱাৰে। অলিন্দই সৃষ্টি-প্ৰলয়ৰ দৃশ্যৰ দৰে চাবলৈ ধৰিলে, সৰ্বশৰীৰ তাৰ কঁপিবলৈ ধৰিছে। মানুহজনী আৰু আগবাঢ়িব নোৱৰা হ'ল, তেওঁ ভাগৱতৰ ফালে হাত দুখন দাঙি কিবা বিৰবিৰাই কান্দিবলৈ ধৰিলে। খোল-তাল বজোৱাসকলে একোলৈ কাণ নিদি গগন বিদাৰি বাজানা তুলিছে। অলিন্দহঁতে মানুহজনীলৈ লক্ষ্য কৰি কৰি আৰ-তাৰ পিঠি-কঁকাল বগাই বগাই ওচৰলৈ আহি থাকিল। ভাগৱত ঘুৰি আহি ওচৰ পোৱালৈ মানুহজনী অস্থিৰ হৈ ৰৈ থাকিল। পাঠক দুজন আহি কাষ পোৱাৰ লগে লগে মানুহজনীয়ে সাক্ষাৎ ঈশ্বৰক দেখাৰ দৰে এজনৰ ভৰিত জপটিয়াই ধৰি পৰি দিলে। সঁচাকৈ মূছকঁছ গ'ল বুলি কেইবাজনী মানুহে ধৰিলে তেওঁক। নাই উঠাব পৰা নাই, তেওঁ শিলচটা পৰাদি পৰি দিছে, পাঠকৰ ভৰিখন নিদিয়ে এৰি। মূৰটো দাঙি লৈ মানুহজনীয়ে ওঁঠ দুখন অদ্ভুত গতিৰে লৰাই প্ৰাৰ্থনা গাবলৈ ধৰিলে। পাঠক এখোজ আগুৱাই গ'ল। মানুহজনীও চুঁচৰি গৈ বাজনাৰ তালে তালে আউলি-বাউলি হৈ পৰিল। ‘হওক তেও, পুণ্য হ’ব পাই!' তেওঁক ধৰি থকা মানুহ এজনীয়ে ক'লে, আন এজনীয়ে বুজাবলৈ ধৰিলে, ‘তোমাৰ পাপ এইবাৰেই খণ্ডন হ'ব মাজনী। দুখ নকৰিবা। ঈশ্বৰে দেখিব। আশা পূৰণ হ’ব তোমাৰ।’‘হয় অ’, মানুহজনীৰ বৰ দুখ আছিল। এইবাৰেই দূৰ হ'লেই হ'ল আৰু। কেঁচুৱা এটালৈনো কোনে আশা নকৰে? কিমান কি কৰিলে ঐ মানুহজনীয়ে কেঁচুৱা পাবলৈ। ঘৰখনে নকৰা কাম বাকী নাই। তথাপি ঈশ্বৰে নেদেখিলে। এইবাৰ দেখিব।' অলিন্দহঁতৰ কাষৰ মানুহ এটাই কৈ থকা অলিন্দৰ কাণত পৰিল৷ মানুহজনীয়ে কিবা চাকৰি এটা কৰে, পৰিপাটিকৈ ওলাই যাওঁতে বা আহোঁতে সি কেতিয়াবা পায়, ধুনীয়াকৈ মাত দিয়ে, চাকৰি থাকিও কেঁচুৱা এটা নাই বুলি মানুহবোৰে ঠাট্টা কৰি আলোচনা কৰা সি আগতে শুনিছে, লগ পাওঁতে তেনে একো প্ৰতিক্ৰিয়া তেওঁৰ মুখত সি দেখা নাছিল, সি ভবা নাছিল তেওঁ কেঁচুৱালৈ ইমান আশা কৰে, আজিও ধুনীয়াজনী হৈ আহিছিল, কিন্তু এতিয়া আউলী-বাউলী হৈ কেনেকুৱা