কুলাংগাৰ ছাত্ৰীৰ প্ৰতি দায়িত্ববোধ সম্পন্ন একমাত্ৰ শিক্ষক নীলকান্ত পেগুৱেও আজি কিবা কাৰণত ছুটী লৈছে। নীলকান্তই ক্লাছ এৰি গাঁও ফুৰিবলৈ নাযায়। গ’লেও বাহিৰতে বেঞ্চ এখনত অকলে বহি আঁতৰি চলিব লাগিব বাবে তেওঁ জিৰণিৰ সময়তো কেতিয়াও যাবলৈ মন নকৰে। অলিন্দহঁতে কথাৰে থলথলাবলৈ লাগিল। কাষৰ ক্লাছৰ পৰা মাষ্টৰটো সোমাই আহিল, “চিঞৰ-বাখৰ কৰিছ যে, তহঁতক হাক দিছিলোঁ নে নাই? ৰ, পাঁচ মিনিট তঁহতকো কৰি যাওঁ বাৰু। জিৰণি পৰিবই, তেতিয়ালৈকে মনে মনে থাকিবি। কিহৰ ক্লাছ আছিল এতিয়া তহঁতৰ?’ ‘ছাৰ, বিজ্ঞানৰ’, আটাইকেইটাই একেলগে ক'লে। সিহঁতে মুখৰ আগে আগে মোকলাই থোৱা কিতাপ এখন মাষ্টৰটোৱে হাতলৈ তুলি পৃষ্ঠা লুটিয়াই ক’লে, “তহঁতক প্ৰশ্নকে সোধোঁ। ওঁ... কচোন, কোনটোৱে জান ক— বছৰত দিনবোৰ কিয় চুটি-দীঘল হয়?' সিহঁত মনে মনে থাকিল। ‘কেলেই? এইটো পাঠত এয়া আছে নহয় উত্তৰটো। ক।’ কেইটামানে একেলগে ক’লে, “ছাৰ এইটো পঢ়ুৱাবহে। নাজানো আমি।’ সি বেলেগ প্ৰশ্ন সুধিবলৈ সমুখৰ ফালৰ পৃষ্ঠা লুটিয়ালে। অলিন্দই ক’লে, ‘ছাৰ মই কিবা এটা ভাবিছোঁ, কওঁ নে?' ‘কচোন বাৰু। ’ ‘গৰম দিনত বেলিটো আমাৰ মূৰৰ ওপৰেদি যায়, ঠাণ্ডা দিনত সৌফালেদি দুৰেদি যায়’, সি আঙুলিৰে দক্ষিণ ফালৰ ওপৰলৈ দেখুৱালে, ‘বেলিটো ইফালে-সিফালে গৈ থাকে। সেইবাবে গৰম দিনত দিন দীঘল হয় আৰু ঠাণ্ডা দিনত সেইফালেদি সোনকালে ডুবে।' “কি কয় অ’এইটোৱে! বেলিটো সদায় একে ঠাইতে থাকে, পোৱা নাই তই? বেলিটো স্থিৰ! ক'ৰ ইফালে-সিফালে গৈ থাকিব? কিতাপত সেইবোৰ পাইছ নেকি তই?’মাষ্টৰটোৱে কোৱাৰ ভংগীটো দেখি আটাইবোৰে অলিন্দক জোকাই হাঁহি দিলে। ‘নহয় ছাৰ, উত্তৰটো নাজানো৷ কিন্তু, বেলিটো সেইফালেদি যায় সঁচাকৈ।' ‘ধেই, তহঁতৰ মাজুলীত যাব পাৰে, আন ক’তো নাযায়। কি কথা কয় অ’ই! তই মাজুলীয়ালৰ দৰে যি টি কৈ নাথাকিবিচোন, উত্তৰপাৰতহে আছ এতিয়া!' আটাইবোৰে আকৌ হাঁহিলে। ‘বেলিটো ঠাণ্ডা দিনত সঁচাকৈ সিফালেদি যায়!' অলিন্দই সেমেনা-সেমেনি কৰি ডাঠি কৈ ৰ’ল। ‘অকণমান হাওলি যায়তো বেলিটো। কোনেও ওপৰলৈ নাচায় নেকি?' সি খঙেৰে ভাবিলে।
পৃষ্ঠা:কুলাংগাৰ.pdf/২৬১
অৱয়ব