সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/২৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পিছল বীজলুৱা দুভৰি ২৫১ বিষয়ে ঘৰত তুমি কাকো নক'বা দেই।' অলিন্দই মূৰ জোকাৰি সন্মতি জনালে। ‘মোক চিনি পাওঁ বুলি তুমি নক’বাই কাকো দেই। ম‍ই আহি থাকিম, তোমাকো লগ কৰিম আহিলেই, মৰ্টন লৈ আহিম', অচিনাকি ল'ৰাটোৱে লগতে ক'লে। এখন ৰহস্যৰ দুৱাৰ ক্ৰমে খোল খোৱা যেন লাগিল অলিন্দ, চন্দনৰ ৰূপটো তাৰ মনলৈ আহিল, “এইটো কাৰণতে পিটে তাৰমানে। আজিও যদি গম পায়? ...মাহীয়ে ঘৰত নোকোৱাকৈ কেনেকৈ ল'ৰাটো মহা হ’ব? কেতিয়া মহা হ'ব?’ খোকা নৈ শুকাই আঁঠুৱনীয়া। বহলে এনলমান। কিন্তু অলিন্দ প্ৰায় আধা ডুব যায়। আহোঁতে অনাৰ দৰে উভতি যাবলৈও মাহীয়েকে অলিন্দক বোকোচাত তুলি ল'লে। মধুৰ সংগীতে দূৰ অতীতৰ স্মৃতি লৈ অনাৰ দৰে তাইৰ খোজৰ খলপ খলপ শব্দত অলিন্দৰ মনলৈ আহিল— মাজুলীৰ চোতালৰ আঁঠুৱনীয়া পানীত মানুহবোৰ খোজকাঢ়ি ফুৰিছে, এতিয়াতো তাত গোটেইখন শুকাই খৰখীয়া দিছে, ধূলিৰ পৰা গা-মূৰ বচাই বিপুল-সুকন্যাহঁতে কিবা কামত লাগি আছে। পানীখিনি পাৰ হৈ তাই তাক বোকোচাৰ পৰা নমালে। দুয়োটা পাৰলৈ উঠিল। পাৰটোত খোজ দি তাক আকৌ ল'বলৈ মন গ’ল তাইৰ, ‘উঠিবা নেকি বোকোচাত?’সি একে জাপে উঠিল। অলপদূৰ গৈ মাহীয়েকে তাক ক'লে, ‘তোমাৰ চুমকলিটো মোৰ পিঠিত লাগি গৈছে।' সি লাজ কৰি কঁকালৰ তলৰ অংশটো তাইৰ গাৰ পৰা আঁতৰালৈ চেষ্টা কৰিলে। ‘একো নহয়, থাকক’, তাই তাৰ কঁকালৰ তলটো হেঁচা মাৰি নিজৰ গাত জোৰেৰে লগাই দিলে। স্পৰ্শটো ক্ৰমে তাইৰ অধিক ভাল লাগি আহিছে। অলিন্দই হাতেৰে তাইৰ ডিঙিত মেৰিয়াই ধৰি থকা বাবে প্ৰেমিকটোৱে সাবটি ধৰা যেন অনুভৱ কৰিছে তাই। অলিন্দই মূৰটো বেছিকৈ হাওলাই দিয়া হ'লে তাৰ চুলিবোৰ তাইৰ গালত ঘঁহনি খালেহেঁতেন। প্ৰেমিকটোৰ মূৰটো গালত ঘঁহনি খাই যোৱা যেন অনুভৱ এটা পাবলৈ অলিন্দৰ মূৰটোত ধৰি নিজেই হাওলাই দিবলৈ মন গ'ল তাইৰ। সিহঁত আহি ঘৰ সোমাওঁতেই বাকী আটাইকেইজনী মাহীয়েকে ঘেৰি ধৰিলে, “কি পাতিলি? কি পাতিলি? কি কৈছে আজি?’মাজু মাহীয়েকে আনন্দোজ্জ্বল মুখেৰে ক'লে, “হেই ৰহ, হোঁ’, তাই ৰুমালেৰে মেৰিয়াই খোঁচনিত লুকুৱাই অনা মৰ্টন এসোপা আৰু মিঠাপাণ কেইটামান সিহঁতলৈ আগবঢ়াই দিলে। দুপৰীয়ালৈকে কেৱল এটা এটা মাষ্টৰে স্কুল দুখন চলাই আছে। স্কুলৰ কাষতে থকা গাঁৱৰ বৰ-নামঘৰটোত দুটা খেলৰ মিটিং, দুটামান মাষ্টৰ তাত আছে। স্কুললৈ আহি আনকালেও দুটামান মাষ্টৰে কাৰোবাৰ ঘৰত চাহ খাবলৈ গৈ কথাৰ ৰস এৰিব নোৱাৰি ক্লাছ নাপায়হি। এতিয়া মিটিঙৰ সুযোগতে ক'ৰবালৈ গৈ সিহঁত ঘূৰি অহাই নাই। ছাত্ৰ-