আলহীৰ গাত প্ৰস্ৰাৱ কৰি দিয়ে, চাইকেলৰ পাম্প খুলি দিয়ে, গছৰ পৰা আমৰলি পৰুৱাৰ বাহ ছিঙি আনি গাৰ কাষত থৈ গুচি যায়...। মাকৰ কাষত ৰ’ব নোৱৰা ল’ৰাটোৱে আন মানুহৰ কাষতো ৰ’বলৈ বুজি নাপায়। যি ভয়, শংকা, সংস্পৰ্শহীনতাত ছোৱালীকেইজনী ভিতৰ সোমাই বিচনাত চেপেটা খাই ৰয়, সেই একেই অৱস্থাৰে সি বাহিৰলৈ ওলাই গৈ গছৰ ওপৰত বা নাওৰাৰ চেপত ঠাই লয়। ধুমুহা-বৰষুণ আহিলে মানুহ ভিতৰ সোমায়, সি দৌৰি আম গছত উঠে নতুবা মূধৰ চ’তিত বহি থাকে। তাকেই কানাইৰ-লীলাহেন ভাবি গোসাঁই-ভকতে ফূৰ্তি পাবলৈ ধৰিলে। দেখি তাৰ উৎপাতৰ সীমা নাইকিয়া হ’ল। যেতিয়া সুকন্যাৰ বিয়াৰ কথা চলিল, কিবা এটা হেৰাব যেন তাৰ অনুভৱ হ’ল, এদিন সি পিছফালে বহি গোটেই শৈশৱৰ কান্দোনখিনি একেলগে বাহিৰ কৰি দিয়াৰ দৰে চিঞৰি চিঞৰি বহুপৰ কান্দিলে। তাৰ পাছতে সি কাৰুকাৰ্যবোৰ নিজে নিজেই এৰি পেলালে।
বিপুল-সুকন্যাৰ বিয়াখনৰ সিদ্ধান্তটো সুকন্যাৰ আতাকে পোনছাটে ল’ব পৰা নাছিল, বিশেষকৈ দেৱেনহঁতৰ আপত্তিবোৰ শুনি। কিন্তু মিতিৰ-কুটুম্ব-চা-চিনাকিৰ বহুতে ক’বলৈ লৈছিল— ‘চেহেৰাই-পাতিৰে গজ-গজীয়া, কোনো কৃত্ৰিমতা নথকা, চৰিত্ৰত অকণো আঁৰ নথকা ল’ৰা এটা সাধি সাধিহে পাইছে। ইমান হাঁহিমুখীয়া, ইমান হাঁহিমুখীয়া! একদম ভংভঙীয়া। চাকৰি কৰা ল’ৰা হৈও কাম কৰিবলৈ অকণো লাজ নকৰে। এলাহ বোলা বস্তু এটা কোনোদিন গাত নেদেখিলোঁ! এনে ল’ৰাৰ বাবে আমাৰ ছোৱালী যোগ্যই নহয় আচলতে!’ বিপুলেও প্ৰায় প্ৰতি শনিবাৰে গধূলি, সখিয়েক বুধিন ভট্টক লগত লৈ বহঁতপুৰত উপস্থিত হৈছিল। তাৰ আকুলতা আৰু ঘৰখনৰ মূল ব্যক্তি আতাকৰো সন্মতি দেখি, সুকন্যাৰ আতাকে ধৰণা কৰিলে— সংসাৰখন মধুৰ হ’বগৈ, তেওঁ আনন্দৰে সিদ্ধান্তটো গ্ৰহণ কৰিলে, ভাবিলে— ‘দাদাকহঁতেও কুলৰ মংগলৰ কাৰণেহে বাধা দিছে। নিজৰ ধৰ্ম ৰক্ষা কৰাটোহে চিন্তা কৰিছে যেতিয়া সিহঁতকেইটাও দৰাচলতে ভাল মানুহেই।’ তাতে ঘৰখনত দুটাকৈ চাকৰি, আগলৈ বিপুলে দিয়া বস্তুৰে নধৰা হৈ পৰিব বুলি চন্দনহঁত ল’ৰা-ছোৱালীকেইটাৰ অন্ত নোহোৱা চৰ্চা চলিছিল। সিহঁতে কৈছিল, ‘আমাৰ টকাই টকা হ’ব! ভিনদেউকনো টকা কেলেই? মাজুলীতনো ক’ত খৰচ কৰিব! আমিয়েই গোটেইসোপা পাম।’ পাছত সিহঁতে প্ৰতিমাহে কি কি কিনিব তাৰে হিচাপ-নিকাচ কৰিছিল সদায়।
বিপুলহঁতৰ গাঁৱত প্ৰথমবাৰ ভৰি দি সুকন্যাৰ আতাক বিস্ময়াভিভূত হৈ পৰিছিল— ইমান নিতাল, যেন এটাও ওপৰঞ্চি শব্দ নাই! তেওঁ ল’ৰালিতে মাজুলীৰ পৰা গৈ হাবিৰ মাজৰ নিজান পৰিৱেশত অকলশৰেও কেইবাবছৰ আছিল যদিও কোন টলকত জনতা আৰু যন্ত্ৰৰ হাই-উৰুমীৰ মাজত ঠাইবোৰ সোমাই পৰিল ভবাই হোৱা নাছিল। ‘দৈত্যকায় আন্দোলনটোৱে গোটেই অসম ছেদেলি-ভেদেলি কৰি পেলাইছে, অথচ তাৰ তালফালে এই ঠাইবোৰত অকণো স্পৰ্শই কৰা নাই! আন্দোলনৰ ক’লা ধোঁৱাৰ কেচেমা গোন্ধৰো