সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/২৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কুলাংগাৰ কিমান ডাঙৰ হৈছে চাওঁ।’‘আ....ই....য়া....’ কৈ চিঞৰি অলিন্দই কঁকালটো ধেনুৰ দৰে বেঁকা কৰি দিলে, চন্দন থকা বাবে তাৰ লাজটো বেছিকৈ লাগিল। ‘কেলেই লগাৱনো অ’ ল'ৰাটোক!’ এজনীয়ে মাজুটোলৈ চাই হাক দিলে, মাজুটোৱে হিঃ হিঃকৈ হাঁহি জোকাই জোকাই ক’লে, ‘এইবাৰ এশ্ৰেণী ওপৰলৈ উঠিল নহয়, কিমান ডাঙৰ হৈছে ল'ৰাটো চাইছোঁ।’“তই যা, খোলটো বজাগৈ যা', চন্দনে অলিন্দক পঠিয়াই দি দীঘলকৈ উশাহ টানি কুৰুক্ষেত্ৰৰ দূৰ প্ৰান্তৰলৈকে মাতটো বিয়পি যোৱাৰ দৰে শংখটো বজাবলৈ ধৰিলে।

“বাবাকণ আজি তোমাৰ খোলৰ ক্লাছ নাই নেকি?' আবেলি মাজু মাহীয়েকে অলিন্দক মনে মনে সোধাদি সুধিলে৷ ৰোমাঞ্চকৰ কিবা ওলাব বুলি অনুমান কৰি অলিন্দই উৎসাহিত হৈ ক’লে, ‘গোপাল মামা নাই।’‘মৰ্টন খাবা নেকি? আমি এইখিনিতে এঠাইত খামগৈ ব’লা।’ খোকা নৈৰ সিটো পাৰে থকা বোকাগাঁৱৰ মানুহ এঘৰৰ চোতালত দুয়োটা বহিলগৈ। “তুমি খেলাগৈ যোৱা’, মাহীয়েকে অলিন্দক পথাৰত খেলি থকা সৰু ল'ৰা-ছোৱালীবোৰৰ লগলৈ পঠিয়াই দিলে। খেলাৰ মাজতে অলিন্দই এপাকত চোতাললৈ চাই মাহীয়েকক নেদেখি চিঞৰি সুধিলে, ‘মাহী গ’লগৈ নেকি? ” “নাই যোৱা৷ তই খেলি থাক। মাহী ইয়াতে বহি আছে।' মাটিৰ ভেটিত সজা সৰু ঘৰটোলৈ আঙুলিয়াই মানুহ এজনীয়ে ক'লে। মিপাকৰ লগবোৰ আহিলে বহুৱাবলৈ একোঠালীয়া ঘৰটো ঘৰখনৰ কলেজীয়া ল'ৰা এটাই সাজি লৈছে৷ তাৰ লগৰকেইটাই এই মানুহবোৰক চুৱা বুলি নাভাবিবলৈ শিকিছে যদিও চাংঘৰত উঠিবলৈ সিহঁতেও এতিয়ালৈকে লোৱা নাই। ঘৰটোত ল'ৰাটোৱে মাজে মাজে পঢ়ে, বিছনা এখনো আছে, নিশা কেতিয়াবা তাতে শোৱেও। অলিন্দই ভাবিলে, ‘হয়তো কিবা কিতাপ চাবলৈ আহিছে মাহী, নহ'লে নকল লিখি নিবলৈও আহিব পাৰে। অলপপৰৰ পাছত ল'ৰাটোৱে অলিন্দক মাতি আনিলে। সি তাক কোঠাটোলৈ সুমুৱাই নি বিছনাখনত বহিবলৈ দিলে। অচিনাকি ল'ৰা এটাই গাৰুত ভেঁজা দি বিছনাখনত হাওলি পৰি আছে আৰু মাহীয়েক চকী এখনত বহি আছে। ‘বাবাকণ’, অচিনাকি ল'ৰাটোৱে মৰমেৰে মাতিলে, অলিন্দই তালৈ চাই মূৰ জোকাৰি সঁহাৰি দিলে। ‘এইটো তোৰ মহাহে হ'ব, মাত ভালকৈ’, ভিতৰলৈ লৈ অনা ল'ৰাটোৱে জোকোৱা ধৰণে ক’লে। অলিন্দই মাহীয়েকলৈ চালে। তাইৰ মুখত সুকীয়া মিঠা হাঁহি এটা লাগি আছে। হাঁহিটো আৰু অধিক মিঠা কৰি তাই অলিন্দলৈ মৰ্টন এমুঠি আগবঢ়াই দিলে, ‘আমি ইয়াত কথা পাতি থকাৰ