পিছল বীজলুৱা দুভৰি ২৪৭ ‘ঐ, তই পদুলিলৈ যা। এইবোৰ শুনিব নালাগে।' সুকন্যাই অলিন্দক নিৰ্দেশ দিলে। পিছে সি শুনিলেই যথেষ্টখিনি। সি ভাবি ভাবি পদূলিলৈ গুচি আহিল। সুকন্যা- বিপুলে কথা পাতি থাকিল। মাহৰ খোলাৰ টাঙোনডাল অলিন্দই তুলি ল'লে, কিন্তু মাহত মাৰ নপৰিল। বৰায়েকৰ মুখত কাহিনীবোৰ শুনি থাকোঁতে সি কেতিয়াও ভবা নাছিল— ভৱিষ্যতে কোনোবা মানুহ এনেকৈ মৰাৰ ঘটনা সিও দেখা পাব। আগৰ মৰা ছোৱালীজনীক সি কোনো দিন নেদেখাকৈয়ে তাৰ জীৱনৰ এক অংশ হৈ পৰিছিল, সাধুবোৰৰ চৰিত্ৰ একোটাতকৈ তাই অধিক আছিল— তাইতো সি ঘুৰি ফুৰা ঠাইবোৰতে মাথোঁ কিছুবছৰ আগতে জীৱন্তে বাস কৰিছিল, সাধুকথাৰ মানুহবোৰ সঁচাকৈ আছিল যদিও বহু যুগৰ পুৰণিহে সেইবোৰ। এতিয়া এইজনীও তাতোকৈ বেলেগ এক ধৰণে তাৰ অংশ হৈ পৰিব যেন ভাব আহিল। ছোৱালীজনীৰ মুখখন, মাত-কথাবোৰ তাৰ মনলৈ আহিবলৈ ধৰিলে, ‘এতিয়া তাই ভূত হ'ব নেকি? ভূত হৈ মানুহক অশান্তি দি ফুৰিব নে? কেঁচু-কুমটি হৈ শাস্তি পাই থাকিব চাগে? সদায় থকা ছোৱালীজনী ক'ত নাইকিয়া হৈ থাকিল? আছে, কিন্তু নাই! এতিয়া তাই ক'ত আছে কোনেও গম নাপাব, কিন্তু তাই গম পাব আন মানুহবোৰ ক'ত আছে। তাই মানুহবোৰৰ বিষয়ে মনত কি ধৰণে ভাবিব? তালৈ যোৱাৰ পাছত মই ভূতটো দেখা পাম নে? মাত দিব নেকি তাই?' বন্দুক লৈ দুটা ল'ৰা পথে পথে আহি অলিন্দৰ ওচৰ পালেহি। সি কাম কৰি থকা দৰে দেখুৱাবলৈ টাঙোনডালৰ আগেৰে মাহবোৰ খোঁচৰা নিচিনা কৰিলে। সিহঁত দুটা পাৰ হৈ গ'ল। অলিন্দই আকৌ সেইখিনিতে ঠৰঙা দিলে, ‘নহয়, সেইবোৰ বেলেগ কিবা। তাই ভূত নহয়। তাই দিগদাৰ কৰি নাথাকে। তাই বেয়াকৈ নোলায়।' সি তাইক একো বেয়া পোৱা নাছিল। তাক নোজোকোৱা, অশান্তি নিদিয়া যি দুই-এজন আছে তাৰে মাজত তায়ো আছিল। তাই এনেকৈ মৰিলেও, ভূত হৈ বেয়া কাম নকৰিব যেন সি অনুভৱ কৰিলে। “ঐ তই টাঙোনডাল লৈ বাটলৈ চাই থাকিব নালাগে, ঘৰলৈ আহ’, বিপুলে তাক ধমক দি মাতিলে। সি আহিল। টিপচী চৰাই কেইটামানে বিলৰ ফালে অথনিৰ পৰা চিঞৰি আছিল, সি এতিয়াহে সিহঁতৰ মাতবোৰৰ উমান পালে। উৰি থকা পোক ধৰিবলৈ সিহঁতে হঠাতে আকাশতে তল-ওপৰ কৰি জাঁপ দিয়া দৰে সি জাঁপকেইটামান দি দমকলৰ পাৰলৈ পোনালে। বিপুল-সুকন্যাৰ কিবা এটা খট-বান্ধ লাগিলেই। শুনি সি ঠাইতে আকৌ ৰৈ গ'ল। চন্দন আহি সমাজ অধ্যয়নৰ মাষ্টৰটোক উৎপাত গালি পাৰি আছে, '... ত্ৰিছ নম্বৰ গোটে গোটে মই পৰীক্ষাৰ আগতে কৈয়েই দিছোঁ। ছাব্বিছ পাবই নোৱাৰে। তাক সি জুি জুখি ছাব্বিছ দিছে। বিছ দিলেও বেছি কম হৈ ধৰা পৰি যাব, ঊনত্ৰিছ দিলেও পাছ-মাৰ্কৰ
পৃষ্ঠা:কুলাংগাৰ.pdf/২৫৬
অৱয়ব