পিছল বীজলুৱা দুভৰি ‘ঐ আহ আহ, তই সেইবোৰ মৰিয়াই আধা ফলা কৰিব নালাগে।’ ২৪৫ অলিন্দই পদুলিমুখৰ মাটিমাহৰ খোলাখনত মাৰ দি থাকোঁতে বিপুল আহি ওচৰত ৰোৱা গমেই পোৱা নাছিল। বিপুলে মাঘ বিহুৰ তিল-আলু বজাৰ কৰিবলৈ গৈছিল, লগতে অলিন্দৰ ৰিজাল্টো অনাৰ কথা। সি বিপুলৰ পিছে পিছে আহিল। “ই দুই নম্বৰতহে পাছ কৰিলে। মুঠ নম্বৰ সৱতকৈ বেছি তাৰ, কিন্তু চ'ছিয়েলত ফেইল কৰিলে, ছাব্বিছ পাইছে মাত্ৰ। সেইকাৰণে ৰোল নম্বৰ দুইলৈ গুচি আহিল।’বিপুলে সুকন্যাক ক'লে। ‘অ’, চ’ছিয়েলত কিয় ইমান কম নম্বৰ পালে? বাকীবোৰত কিমান পাইছে?” ‘চ’ছিয়েলৰ মাষ্টৰটোৱে নম্বৰ কমাই দিছে। সি এটা বদমাছ নহয় জানো! চন্দনে গৰজি আছে। সি মাষ্টৰ হ'বলগীয়া মানুহেই নহয়, ছালফা হৈ মাষ্টৰ হৈছে, মস্ত ছালফা কাৰণে চৰকাৰে চাকৰিত সুমুৱাই দিছে।' ‘ৰ’ব, সেইবোৰ মনে মনে কওক!’ ‘অঁ অঁ...। চন্দনে কৈছে— তাক দিম মজা। তাৰ ভতিজাক এটা অহা বছৰ ফাইভলৈ পাব, চন্দনে কৈছে— তাক চাই ল'ম নহয়, এতিয়া একো নকওঁ। কাইলৈ চন্দন আৰু ইহঁত কোনোবা এজনী আহিব ইয়ালৈ, সেইকাৰণে মই নম্বৰবোৰ লিখি আনিবলৈ হেড-মাষ্টৰৰ ঘৰত নোসোমালোঁ, কাইলৈ চন্দনে লৈ আহিব হেনো। ইয়াৰ মুঠ নম্বৰ বহুত বেছি, বাকীবোৰে নম্বৰ বেছি পোৱাই নাই। মাত্ৰ এইখনতহে ফেইল কৰাই দিলে। হিংসা কৰিছে মাষ্টৰটোৱে৷ নহ'লে সেইটো নম্বৰ চন্দনে মানিয়েই ল'ব পৰা নাই। চন্দনে দেখিব নোৱাৰেতো তাক, সিহঁত দুয়োটাৰে কিবা কেজেং আছে নহয়, মাতবোল নাইতো বহুদিনৰ পৰা। চন্দনে ল'ব প্ৰতিশোধ তাক, কৈছে সি— সুদাই নেৰোঁ তাক, সি পঢ়ুৱাবতো নাজানেই, মাত এষাৰ মাতিব নাজানে, ইফালে অন্যায় কৰিছ!' শুনি অহা কথাবোৰ বিপুলে লপলপকৈ কৈ গ'ল। সুকন্যাই ক’লে, “মাষ্টৰৰ লগত কাজিয়া-পেচাল কৰাতকৈ আমি এবাৰ লগ কৰি ল'ৰাটোক অকণমান চাবলৈ ক'লেহে ভাল হ'ব নেকি!' বিপৰীত ধৰণৰ কথাষাৰ শুনি একো উত্তৰ দিব নোৱাৰি বিপুলে প্ৰসংগটো সলাই আকৌ ক'বলৈ ধৰিলে, “আঁ ৰ’বা! হেৰি হ'ল। আতায়ে তোমাক সোনকালে এদিন মাতি পঠিয়াইছে। পাৰিলে চন্দনহঁতৰ লগতে যাবলৈ কৈছে। মানে মানুহ এঘৰ আহিছে ছোৱালী চাবলৈ, ল'ৰাটো পচন্দ হৈছে আতাহঁতৰ, আলোচনাবোৰ কৰিবলৈ তোমাক সোনকালে মাতিছে। বৰায়ে বোলে— তাই শুনা মাত্ৰকে ওলাবলৈয়ে কৈছে বুলি ক’বাগৈ।’ অলিন্দই পৰীক্ষা দি উঠি সমাজ অধ্যয়নৰ নম্বৰ হিচাপ কৰি ছাব্বিছেই পাইছিল। ভবা মতে কাঁটাইকাঁটাই নম্বৰ পাই তাৰ মনটো ফুলি উঠিল। কথাবোৰ শুনি— সঠিক নম্বৰটোৱেই দিয়া বাবে মাষ্টৰটোলৈ তাৰ অকণমান ভাল ভাব আহিল, আজি এই প্ৰথমবাৰৰ বাবে। কিন্তু এবাৰো নভবা আলোচনাবোৰৰ বিষয়ে শুনি সি আচৰিতো হ'ল, আমোদো পাইছে।
পৃষ্ঠা:কুলাংগাৰ.pdf/২৫৪
অৱয়ব