288 কুলাংগাৰ ‘এইবাৰ বেলেগ চাপৰিত হেনো ডাঙৰ কেম্প পাতিছে, অদ্ভুত কাৰুকাৰ্য আমি বুজি নাপাওঁ নহয়, হ'বও পাৰে। কোনোবাই ক'লে, তই অকল শুনি থাকিবি। এতিয়া তই ন-কৰঙাৰ দোকানলৈ যাব লাগিব। মোৰ কথাখিনি কাণত সোমাল নে? পালন কৰিব পাৰিবি নে?” অলিন্দই মূৰ দুপিয়ালে। চাইকেলখন লৈ সি দোকানলৈ ওলাল, সি যেনে-তেনে তলত চলাব পৰা হৈছে। কুঁৱলী আঁতৰিছে যদিও দূৰৰ বস্তু স্পষ্ট হোৱা নাই। কিন্তু পদুলিৰ পৰা সি উমান পালে— কান্ধত নাঙল এটা তুলি অনাৰ দৰে প্ৰকাণ্ড বন্দুক এটা লৈ আন এটা আলফা ল'ৰাই ওখ জোতাৰে গিৰিপ গিৰিপ খোজ পেলাই পথৰ মাজৰ লোৰটোৱেদি আহি আছে। খালি অহা পৰিভ্ৰমী নতুন চৰাইলৈ চোৱাৰ দৰে সি ল'ৰাটোলৈ লক্ষ্য কৰি গৈ থাকিল। প্ৰায় সমুখত সি চিন্তা কৰিলে, লোৰটোৰ পৰা চাইকেলখন কাষলৈ উঠাব নোৱাৰিব, বেলৈ মাৰিব নে ৰৈ দিব। ল'ৰাটোৱে তাৰ চকুলৈ পোনকৈ চোৱা সি দেখিলে। কাষৰ কেইঘৰৰ গোহালিৰ পৰা মানুহৰ মাত আহিছে, কিন্তু কাকো দেখা নাই, ‘এইখিনিতে মোক মাৰি পেলালেও কোনেও গম নাপায়। হেই নামাৰে মোক তেনেকৈ!' ঘপকৈ ভাবটো আহিলেও সি নিজকে বুজালে। কণমানি যেন লগা অলিন্দৰ গঢ়টোলৈ ল'ৰাটোৰ মৰম লাগিল। সি যিহে হেলেক- পেলেককৈ চাইকেলখন চলাইছে, লোৰটোৰ পাৰত চকা অকণমান উঠিলেও বাগৰি পৰিব। ল'ৰাটোৱে লোৰটোৰ পৰা কাষলৈ গৈ তাক বাট এৰি দি খোজ ল'লে৷ অলিন্দ ভাল লাগিল, ‘এইটো ক'ৰ ল'ৰা বাৰু?’ল'ৰাটোৰ দৰেই সিও লোকৰ ঠাইত আছেগৈ, তাৰ নিজকো ল'ৰাটোৰ লেখীয়া লাগিল, বীৰৰ দৰে খোজ দিয়া ল'ৰাটোৰ সমুখত সি নিজেও যেন এটা বীৰ, এটা যেন ডাঙৰ মানুহ অলিন্দ ওলাই যোৱাৰ অলপ পাছতে বন্দুক লৈ ল'ৰাটো পদূলিৰে পাৰ হোৱাত সুকন্যাৰ ছাটি-ফুটি লাগিবলৈ ধৰিলে, “কি বা ঘটিল বাটত? ৰখাই লৈ কথা সোধা নাইতো? সিহঁতে যদি ভাবিছে— ডকাইতি হোৱা বাবেই ল'ৰাটোক সিপাৰত পঢ়িবলৈ পঠিয়াই চোৰাংচোৱা কৰিব বিচাৰিছে? সি লাহে লাহে আৰু ডাঙৰ হ'ব, সিহঁতে সন্দেহ কৰিলেইতো মাৰি পেলাব! এইবোৰ ল'ৰা নতুনকৈ আহিছে যদিও সিহঁতে ইয়াৰ ঘটনাবোৰৰ ভু-ভা নোলোৱাকৈ থাকিব নে? ডকাইতিৰ খবৰটো নল'ব নে? কি ভাবে সিহঁতে?' কোনোবাদিনা ল'ৰাবোৰে ঘৰটোলৈ চাই চাই যোৱা সুকন্যাই দেখে। তাইআঁৰ চকুৰে চেহেৰাবোৰলৈ চাইভাবে, 'ডকাইতি ঘটনাটোৱে ভৱিষ্যতে সিহঁতক কিবা প্ৰভাৱ পেলোৱাৰ সন্দেহ মনলৈ আনিছে নেকি? ঘৰটোলৈ চাই চাই সিহঁতে ভাবে কি? অ’এইঘৰেই আছিল— তেনেকৈ হয়তো উপহাস কৰি চাই যায়! ঘটনাটো জানিও কোনো ব্যৱস্থা নলৈ সিহঁতে আন কি ভাবিবনো? বেয়াকৈয়ে ভাবিব। ভিতৰলৈ সোমোৱা দুটাও কেম্পতে আছেহি কিজানি। আকৌ কিবা যদি কৰেহি?’
পৃষ্ঠা:কুলাংগাৰ.pdf/২৫৩
অৱয়ব