সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/২৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

283 পিছল বীজলুৱা দুভৰি ঘৰলৈ আহি পাছদিনা পুৱা বাৰাণ্ডাত কিছুসময় বহি অলিন্দ সুকন্যাৰ কাষলৈ গ'ল। ‘অ’ মা, আলফা ল’ৰাবোৰে মুকলিকৈ বন্দুক লৈ ঘুৰি ফুৰিছে দেখোন? একদম আমিৰ নিচিনা কাপোৰ ঔ! কঁকালত বন্দুক, পিঠিত বন্দুক, ভৰিত থিয়কৈ খুকুৰি!...' “মনে মনে থাক! শুনিলে থ’বহি!' সুকন্যাই চকু-মুখ পকাই হাত এখন জোকাৰি ইংগিত দিলে। সি মাতটো চেপাকৈ উলিয়াই ক’লে, ‘মই কেইবাটাও যোৱা দেখিলোঁ! বহুত আহিছে দেখোন এইবাৰ! চাপৰি ভৰ্তি নেকি? ’ “ৰ ৰ। তই সিহঁতৰ ফালে চাই নাথাকিবি দেই। বাটত পালেও ঘুৰি ঘুৰি নাচাবি। তোক ৰখাই কিবা সুধিবও পাৰে, তই সৰু ল'ৰাৰ নিচিনাকৈ ভালকৈ উত্তৰ দিবি, বেছি জনা নিচিনা নকৰিবি। আৰু বহঁতপুৰলৈ আকৌ গৈ একো নুলিয়াবিয়েই এইবোৰ প্ৰসংগ, লগৰবোৰক ধেমালিতো নক’বি। কোনোবাই সুধিলে ক’বি— নাজানো। সিমানেই কথা, আন একো নক’বি। ভালকৈ শুনিছ নহয় মোৰ কথাবোৰ? কিবা কোৱা গম পালেই মাৰি পেলাব, তোকো মাৰিব, আমাকো মাৰিব। ইহঁতেতো মাৰিবই, আমি আহি আগতে পালেহি আমিয়েই মাৰিব।' গাঁৱৰ বুবু-বাবাবোৰ মনলৈ আহি তাই সমুখতে সাপ দেখাৰ সমান আতংকিত হ'ল। কোনোবাই কৈছে, ল'ৰাবোৰে হেনো এইকেইদিনতে কাষৰ চাপৰি এটাৰ বালিৰ তলত পকাৰে কেইবামহলীয়া কেম্প সাজিছে। তাতে বৃহৎ অস্ত্ৰ-ভাণ্ডাৰ, টেংক, প্লে’ন, ৰকেট আদিও আছে। মাটিৰ তলখন এখন নগৰ হৈ আছে, তাত বোলে পানীও নোসোমায়। তালৈ ভৰ্তি ভৰ্তিকৈ নাও অহা কোনোবাই দেখিছে, সেইবোৰত হেনো ইটা- চিমেণ্ট আহিছে। ৰাতি প্ৰস্ৰাৱ কৰিবলৈ বাহিৰলৈ ওলাই কোনোবাই কোনোবাই প্লে’নো পৰা দেখিছে। আকাশত থাকোঁতেই, কৰঙাৰ আগ চুবলৈ নাপাওঁতেই, চুম্বকে প্লে’নবোৰ মাটিৰ তলৰ কেম্পলৈ টানি লৈ যায়, কোনেও ততেই ধৰিব নোৱাৰে, আৰ্মিৰো বোলে সাধ্য নাই। কৰঙাণিৰ মাজত কাঠৰ কুণ্ডা বা ম'হ বিচৰাৰ চলেৰে গাঁৱৰ কেইটামানে তললৈ সোমোৱা বাটটো বিচাৰি উলিওৱাৰ ফন্দিও পাতি আছে, কিন্তু চাপৰিটোত নাও ৰখাবলৈকে সাহে কুলোৱা নাই।